--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী আলিয়া বাবে কালিৰ দিনটো বৰ আনন্দৰ দিন আছিল৷ কিন্তু সেই আনন্দৰ মুহূৰ্ততো কাষত নাছিল ৰণবীৰ৷ ৰণবীৰ কাপুৰে দেওবাৰে কলকাতাত আছিল। ইডেন গাৰ্ডেনত সৌৰভ গাংগুলীৰ সৈতে তেওঁ ক্ৰিকেট খেলি আছিল৷একেদিনাই আলিয়া ভাটে মুম্বাইত এক অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গ্ৰহণ কৰিছিল । অৱশ্যে সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল ৰণবীৰে৷ 

নিশা কলকাতাৰ ঘৰলৈ উভতি অহাৰ পিছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামীক এক বিশেষ  দাবী কৰিলে৷ নিশা যিমান হ’লেও শুবলৈ যোৱাৰ আগতে ৰণবীৰে আলিয়াই বঁটা হাতত লৈ থকা এখন ছবি তুলিবই লাগিব৷ পত্নীৰ দাবী মানিও ল’লে ৰণবীৰে৷ তেওঁ নিশা দুই বজাতো আলিয়াৰ ছবি তুলি নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰে৷ উল্লেখ্য  বছৰৰ ১৪ এপ্ৰিলত ৰণবীৰ আৰু আলিয়াই মুম্বাইৰ বান্দ্ৰাত থকা তেওঁলোকৰ এপাৰ্টমেণ্টত বিবাহপাশত আৱদ্ধ হৈছিল।

 বিবাহ অনুষ্ঠানটোত তেওঁলোকৰ  অতি ঘনিষ্ঠ বন্ধু আৰু দুয়োটা  পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল৷ খৰখেদাকৈ বিয়া হোৱাৰ পিছত তেওঁলোকে পুনৰ  কামত ব্যস্ত  হৈ পৰিছিল৷ সেই বছৰতেই তেওঁলোকৰ কন্যা  ৰাহা জন্ম হৈছিল। আলিয়াই 'গঙ্গুবাই কাঠিয়াৱাড়ী'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে ।  অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "মই কিমান কৃতজ্ঞ সেয়া বৰ্ণনা কৰাৰ  ভাষা মোৰ নাই। এই সন্মানৰ বাবে মই কৃতজ্ঞ। মোৰ স্বামীক বিশেষ ধন্যবাদ যিয়ে ধৈৰ্য্যসহকাৰে নিশা ২ বজাত এই ছবিখন তুলিছে। ''কলকাতাত ৰণবীৰে তেওঁৰ নতুন ছবি  ছবি 'তু ঝুটি মই মক্কাৰ'ৰ প্ৰচাৰ চলাইছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু