--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমেঘালয়ৰ ৬০ খন আসন আৰুনাগালেণ্ডৰ ৫৯ খন আসনত আজি পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ এতিয়ালৈকে শান্তিপূৰ্ণ ভাবে চলি আছে৷ মেঘালয়ত নেচনেল পিপলছ পাৰ্টি (এনপিপি) আৰু বিজেপিয়ে  যোৱা পাঁচ বছৰ ধৰি শাসনত আছে, কিন্তু এইবাৰৰ নিৰ্বাচনত দুয়োটা দলে  পৃথকে যুঁজ দিছে।প্ৰথমবাৰৰ বাবে  পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে মেঘালয়ৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।বিজেপিয়ে নাগালেণ্ডত নেচনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ (এনডিপিপি) সৈতে মিত্ৰতা কৰি যুঁজ দি আছে।

সোমবাৰে পুৱা এক টুইটযোগে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নাগালেণ্ড আৰু মেঘালয়ৰ জনসাধাৰণক কংগ্ৰেছৰ ওপৰত তেওঁলোকৰ বিশ্বাস পুনৰ প্ৰমাণ কৰিবলৈ  আহ্বান জনায়। তেওঁ কয় যে কংগ্ৰেছক দুয়োখন ৰাজ্যত "জনসাধাৰণৰ উন্নয়ন আৰু কল্যাণৰ" বাবে নিৰ্বাচিত কৰাৰ প্ৰয়োজন। তেওঁ নতুন ভোটাৰসকলক "উজ্জ্বল" ভৱিষ্যতৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অধিক সংখ্যাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মেঘালয় আৰু নাগালেণ্ডৰ ভোটাৰসকলক,  বিশেষকৈ নতুন প্ৰজন্মক উদ্দেশ্য কৰি   টুইট  কৰিছে৷ ভোটদানৰ সময়ত, নাগালেণ্ডৰ এটা ভোটকেন্দ্ৰত অপ্ৰীতিকৰ ঘটনা ঘটাৰ খবৰ আহিছে৷ অভিযোগ অনুসৰি  এজন এনপিএফ সমৰ্থকে বুথৰ ভিতৰত এনপিপি সমৰ্থকৰ ওপৰত গুলীচালনা কৰিছে৷  ফলত কিছু সময়ৰ বাবে বুথত ভোটদান স্থগিত ৰখা হৈছিল, এতিয়া  ভোটদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে।

নাগালেণ্ডত এনডিপিপিয়ে ৪০ খন আসনত আৰু বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। এই দুয়োটা দলৰ মিত্ৰজোঁটৰ চৰকাৰ বৰ্তমান নাগালেণ্ডত শাসনত আছে। নাগা পিপলছ পাৰ্টিয়ে (এনপিপি) ২২ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। কংগ্ৰেছে ২৩ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে।

মেঘালয়ত কনৰাড চাংমানেতৃত্বাধীন এনপিপিয়ে ৫৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। বিজেপিয়ে ৬০ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। ভিনচেণ্ট পালাৰ নেতৃত্বত কংগ্ৰেছেও ৬০ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। স্থানীয় ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টিয়ে (ইউডিআই) পুনৰ ৪৬ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। মুকুল চাংমাৰ নেতৃত্বত প্ৰথম বাৰৰ বাবে  তৃণমূল কংগ্ৰেছে (টিএমচি) মেঘালয়ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। তেওঁলোকে ৫৬ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। 

মমতা বেনাৰ্জী দুবাৰকৈ মেঘালয়লৈ প্ৰচাৰ চলাবলৈ আহিছে। টিএমচিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও মেঘালয়ৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাইছে।
নাগালেণ্ডত মুঠ বুথৰ সংখ্যা হৈছে ২৩১৫ টা। ভোটাৰৰ সংখ্যা প্ৰায় ১৩ লাখ। ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা হৈছে ৬ লাখ ৫৫হাজাৰ ১৪৪। নিৰ্বাচন বিশেষজ্ঞসকলৰ মতে, নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত মহিলাৰ ভোট নিৰ্ণায়ক হ'ব পাৰে।

মেঘালয়ত বুথৰ সংখ্যা ৩৪১৯। ইয়াৰ ভিতৰত, সংবেদনশীল বুথৰ সংখ্যা ৬৪০আৰু অতি সংবেদনশীল বুথৰ সংখ্যা হৈছে ৩২৩ টা। ৩৬৯  জন প্ৰাৰ্থীৰ ভিতৰত ৩৬  গৰাকী মহিলা। ওহিঅং সমষ্টিৰ এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে সমষ্টিটোত  ভোটদান হোৱা নাই।

সোমবাৰে ৬০ জনীয়া মেঘালয় আৰু নাগালেণ্ডৰ ৫৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই দুখন ৰাজ্যত মুঠ প্ৰাৰ্থীৰ সংখ্যা ৫৫২ জন। পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু  আবেলি ৪ বজালৈকে অব্যাহত থাকিব। ভোটগণনা ২ মাৰ্চত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement