--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাব নাৰিকলৰ  উপকাৰী।  ই দেহ শীতল কৰি ৰখাৰ লগতে শৰীৰক পুষ্টিও যোগান ধৰে৷  কিন্তু সকলোৱে ডাব নাৰিকলৰ পানী খোৱাটো উপকাৰী নহয়৷  কেতিয়াবা ডাব নাৰিকলৰ পানীয়েও বহুতৰ বাবে অপকাৰী হৈ উঠিব পাৰে।

যদি আপুনি অত্যাধিক নাৰিকল পানী খায় তেন্তে কি হ'ব?ডাব নাৰিকলৰ পানীয়ে শৰীৰত খনিজ পদাৰ্থৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। কিন্তু ইমান বোৰ স্বাস্থ্যজনিত গুণ থকা স্বত্বেও, অত্যাধিক নাৰিকল পানী খোৱাটো এনেবোৰ কাৰণত ক্ষতিকাৰক হ'ব পাৰে।

১. যদি বৃক্কৰ ৰোগ আছে

ডাব নাৰিকলৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে, যেনে  কেলচিয়াম, পটাছিয়াম। বৃক্কৰ সমস্যাত ভুগি থকা সকলে   অত্যাধিক ডাব নাৰিকলৰ পানী খাই থাকিলে  খনিজ নিমখৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। অত্যাধিক নাৰিকলৰ পানী খালে 'হাইপাৰকেলেমিয়া' হ'ব পাৰে। দেহত পটাছিয়াম বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। সেয়েহে, বৃক্কৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

২. যদি  ৰক্তচাপৰ  সমস্যা ভুগি আছে
ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ছডিয়ামৰ উপৰি নাৰিকলৰ পানীত পটাছিয়ামো থাকে। যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে, যিসকলে ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে অত্যাধিক নাৰিকল পানীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩. ডায়েবেটিচত

ডায়েবেটিচত ভুগি থকা সকলে ডাব নাৰিকলৰ পানী খাব লাগে নে নাই সেই বিষয়ে বিশেষজ্ঞসকলৰ মতভেদ আছে। কিছুমানে কয় যে যেতিয়া শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া ডাব নাৰিকলৰ পানীয়ে চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমানে কয় যে এক কাপ ডাব নাৰিকলৰ পানীত প্ৰায় ৬.২৬ গ্ৰাম কাৰ্বোহাইড্ৰেট থাকিব পাৰে। যি ৰক্তৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে ডাব নাৰিকলৰ পানীত চেনীৰ পৰিমাণ  বজাৰৰ সাধাৰণ পানীয়তকৈ যথেষ্ট কম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু