--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ জুন মাহত আমাজন জংঘলত উদ্ধাৰ হৈছিল দুটা মৃতদেহ। এজন ব্ৰিটিছ সাংবাদিক তথা গৱেষক ডম ফিলিপছ । আনজন হৈছে ব্ৰাজিলৰ পৰিৱেশ কৰ্মী ব্ৰুনো পেৰেইৰা

জানিব পৰা মতে আমাজনৰ জংঘল আৰু জলাশয়ত অবৈধভাবে মাছ ধৰা, ড্ৰাগছ সৰবৰাহ, খনিজ নিষ্কাশন, কাঠ সৰবৰাহৰ বিষয়ে অনুসন্ধান তথা গৱেষণা কৰিছিল সাংবাদিক দুগৰাকীয়ে। তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছিল যে তাৰ বাবেই সাংবাদিক দুজনক ড্ৰাগছ সৰবৰাহকাৰীয়ে হত্যা কৰিছিল।

ব্ৰাজিলৰ আৰক্ষীয়ে সোমবাৰে কয় যে তেওঁলোকৰ সন্দেহ সঁচা বুলি যথেষ্ট প্ৰমাণ লাভ কৰিছে। ৰুবেন ডি চিলভা ভিলা ওৰফে কলম্বিয়া নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

আমাজন অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত থকা ফেডাৰেল আৰক্ষী অধীক্ষক এডুয়াৰ্ডো ফণ্টেছে সংবাদমেলত কয় যে তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। তদন্তৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে।

ব্ৰুনোৰ হত্যাকাণ্ডৰ বাবে কলম্বিয়াত তিনিজন লোক দায়ী বুলি ফণ্টেছে কয়। ইতিমধ্যে পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  এই তিনিজন লোকক।

যোৱা বছৰৰ ৫ জুনত ডম আৰু ব্ৰুনোক আমাজনৰ গভীৰ অৰণ্যৰ মাজত গুলীয়াই হত্যা কৰা হৈছিল। মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল।  ইতিমধ্যে আৰক্ষীৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ