--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত পাৰমাণৱিক আক্ৰমণৰ যেতিয়াই ভাবুকি আহে তেতিয়াই বহুতৰে চকুৰ সমুখত ভাঁহি উঠে হিৰোশ্বিমা-নাগাচাকিৰ দৃশ্য। পাৰমাণৱিক বোমাই এই দুয়োখন চহৰকে মৃত্যু উপত্যকাত পৰিণত কৰিছিল। হিৰোশ্বিমা-নাগাচাকিৰ দৰেই দশা হয়তো এয়ময়ত ভাৰতৰো হ’লহেঁতেন!

আমেৰিকাৰ প্ৰাক্তন সচিব মাইক পম্পিঅ'ই দাবী কৰিছে যে তদানীন্তন  ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে তেওঁক কৈছিল যে ২০১৯ চনৰ ফেব্ৰুৱাৰীত বালাকোট চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল।  পম্পিঅ'ৰ মতে, সুষমা স্বৰাজে কৈছিল  যে পাকিস্তানৰ তেনে প্ৰস্তুতিৰ  পৰিপ্ৰেক্ষিতত ভাৰতেও আক্ৰমণাত্মক সঁহাৰি দিয়াৰ  বাবে প্ৰস্তুতি চলাইছিল। 

শেহতীয়াকৈ  মুকলি কৰা তেওঁৰ নতুন কিতাপ 'নেভাৰ গিভ এন ইঞ্চ: ফাইটিং ফৰ দ্য আমেৰিকা আই লাভ'ত পম্পিঅ'ই কয় যে তেওঁ ২৭-২৮ ফেব্ৰুৱাৰীত আমেৰিকা-উত্তৰ কোৰিয়া সন্মিলনৰ বাবে হানয় ভ্ৰমণৰ সময়ত এই কথা জানিব পাৰিছিল। তাৰ পিছত তেওঁৰ নেতৃত্বতে মাৰ্কিন প্ৰতিনিধিয়ে   এই সংকট প্ৰতিহত কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ সৈতে ৰাতিটোৰ ভিতৰতে আলোচনাত বহিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিবগৰাকীয়ে কয়, " ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত-পাকিস্তানৰ মাজতসৃষ্টি হোৱা উত্তেজনাই কিমান চৰম ৰূপত উপনীত হৈছিল সেয়া  বিশ্বই জানে।"

অৱশ্যে পম্পিঅ'ৰ দাবী সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো মন্তব্য কৰা নাই। উল্লেখ্য পুলৱামাত  সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই ২০১৯ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰ আক্ৰমণ কৰি ধ্বংস কৰিছিল। তাৰ পিছত,পাকিস্তানী বায়ু সেনাৰ  এফ-১৬ বিমানে এৰিয়েল ডগফাইটত এখন  মিগ-২১ বাইচন গুলীবৰ্ষণ কৰি ভূপতিত কৰিছিল  আৰু ভাৰতৰ গ্ৰুপৰ কেপ্টেইন অভিনন্দন বৰ্থমানক ৬০ ঘণ্টাৰ বাবে নিজৰ  জিম্মাত ৰাখিছিল। পম্পিঅ’ৰ দাবী যদি সঁচা হয় তেন্তে ভাৰত নিশ্চিতভাবে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছিল বুলিয়েই ক’ব লাগিব। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ