--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত পাৰমাণৱিক আক্ৰমণৰ যেতিয়াই ভাবুকি আহে তেতিয়াই বহুতৰে চকুৰ সমুখত ভাঁহি উঠে হিৰোশ্বিমা-নাগাচাকিৰ দৃশ্য। পাৰমাণৱিক বোমাই এই দুয়োখন চহৰকে মৃত্যু উপত্যকাত পৰিণত কৰিছিল। হিৰোশ্বিমা-নাগাচাকিৰ দৰেই দশা হয়তো এয়ময়ত ভাৰতৰো হ’লহেঁতেন!

আমেৰিকাৰ প্ৰাক্তন সচিব মাইক পম্পিঅ'ই দাবী কৰিছে যে তদানীন্তন  ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে তেওঁক কৈছিল যে ২০১৯ চনৰ ফেব্ৰুৱাৰীত বালাকোট চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ পৰিকল্পনা কৰিছিল।  পম্পিঅ'ৰ মতে, সুষমা স্বৰাজে কৈছিল  যে পাকিস্তানৰ তেনে প্ৰস্তুতিৰ  পৰিপ্ৰেক্ষিতত ভাৰতেও আক্ৰমণাত্মক সঁহাৰি দিয়াৰ  বাবে প্ৰস্তুতি চলাইছিল। 

শেহতীয়াকৈ  মুকলি কৰা তেওঁৰ নতুন কিতাপ 'নেভাৰ গিভ এন ইঞ্চ: ফাইটিং ফৰ দ্য আমেৰিকা আই লাভ'ত পম্পিঅ'ই কয় যে তেওঁ ২৭-২৮ ফেব্ৰুৱাৰীত আমেৰিকা-উত্তৰ কোৰিয়া সন্মিলনৰ বাবে হানয় ভ্ৰমণৰ সময়ত এই কথা জানিব পাৰিছিল। তাৰ পিছত তেওঁৰ নেতৃত্বতে মাৰ্কিন প্ৰতিনিধিয়ে   এই সংকট প্ৰতিহত কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ সৈতে ৰাতিটোৰ ভিতৰতে আলোচনাত বহিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিবগৰাকীয়ে কয়, " ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত-পাকিস্তানৰ মাজতসৃষ্টি হোৱা উত্তেজনাই কিমান চৰম ৰূপত উপনীত হৈছিল সেয়া  বিশ্বই জানে।"

অৱশ্যে পম্পিঅ'ৰ দাবী সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো মন্তব্য কৰা নাই। উল্লেখ্য পুলৱামাত  সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই ২০১৯ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত জৈশ-ই-মহম্মদৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰ আক্ৰমণ কৰি ধ্বংস কৰিছিল। তাৰ পিছত,পাকিস্তানী বায়ু সেনাৰ  এফ-১৬ বিমানে এৰিয়েল ডগফাইটত এখন  মিগ-২১ বাইচন গুলীবৰ্ষণ কৰি ভূপতিত কৰিছিল  আৰু ভাৰতৰ গ্ৰুপৰ কেপ্টেইন অভিনন্দন বৰ্থমানক ৬০ ঘণ্টাৰ বাবে নিজৰ  জিম্মাত ৰাখিছিল। পম্পিঅ’ৰ দাবী যদি সঁচা হয় তেন্তে ভাৰত নিশ্চিতভাবে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছিল বুলিয়েই ক’ব লাগিব। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ