--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ ব্যৱসায়ৰ এগৰাকী এজেন্ট হিচাপে ধৰা পৰিল এগৰাকী সুন্দৰী। এলা-পেচা সুন্দৰী নহয়, ১৯ বছৰ বয়সত মিছ ইংলেণ্ডৰ খিতাপ লাভ কৰিছিল তেওঁ। নাম- জেনিফাৰ ইয়ং।

এইগৰাকী প্ৰাক্তন মিছ ইংলেণ্ডক ৩৩ বছৰ বয়সত এইবাৰ মেক্সিকান আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে। মেক্সিকোৰ আদালতত তেওঁক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

যোৱা বছৰৰ আগষ্ট মাহত আমষ্টাৰডামৰ পৰা মেক্সিকোৰ কানকান বিমানবন্দৰত উপস্থিত হৈছিল জেনিফাৰ। তাতে বিমানবন্দৰত পুলিচে তেওঁক হাতেলোটে ধৰে। তেওঁৰ পৰা মুঠ ১৩ কিলোগ্ৰাম কোকেইন উদ্ধাৰ কৰা হয়। ড্ৰাগছবোৰ সৰু সৰু পেকেট আৰু বটলত ভৰাই থোৱা আছিল। ইয়াৰ দাম আছিল ডেৰ লাখ ইউৰো!

কানকান বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে চৰকাৰী প্ৰতিৰক্ষা বাহন আৰু বিমানবন্দৰৰ বিষয়াসকলে যৌথভাৱে কোকেইনৰ পেকেটৰ দ’ম আৱিষ্কাৰ কৰে বুলি মেক্সিকান আৰক্ষীয়ে এক টুইটযোগে জনায়। প্ৰসংগক্ৰমে এই বেগটো বিদেশী যাত্ৰীৰ। ইয়াৰ পিছত তৎক্ষণাত জেনিফাৰক গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস