--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কইনাৰ এক সিদ্ধান্ত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। সাত ফেৰে লোৱাৰ পাছত কইনাই ভাঙিলে বিয়া। দৰাৰ এক কাণ্ডই কইনাক ইমানেই ক্ষুব্ধ কৰি তুলিছিল যে তেওঁ থিতাতে বিয়া বাতিল কৰি বৰযাত্ৰীসকলক উভতাই পঠাইছিল। 

দুইখন ঘৰতে বিয়াৰ আয়োজন পূৰাদমে চলি আছিল। যথাসময়ত কইনাৰ ঘৰত উপস্থিত হয় বৰযাত্ৰী। বিবাহৰ সকলো ৰীতি-নীতি চলি আছিল। দৰা-কইনাই সাতে ফেৰেও লয়

সাত ফেৰে সম্পূৰ্ণ হোৱাৰ লগে লগে দৰা মণ্ডপৰ দাঁতিত গৈ ধূমপান কৰিবলৈ ধৰিলে। কইনাজনীয়ে দৰাৰ এই কাৰ্যক চাই আছিল। হ’বলগীয়া স্বামীয়ে চিগাৰেট খোৱা দেখি কইনাৰ খং উঠিল আৰু তেওঁ বিয়া কৰিবলৈ অস্বীকাৰ কৰিলে। ইয়াকে লৈ কইনা আৰু দৰাৰ মাজত বিতৰ্ক আৰম্ভ হ’ল। দুয়োপক্ষৰ বয়োজ্যেষ্ঠসকলে কথা-বতৰাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল যদিও কইনাজনী বিবাহৰ বাবে অসন্মত হয়।

দৰাৰ এই কাৰ্যৰ সন্দৰ্ভত কইনাগৰাকীয়ে কয় যে মই গোটেই জীৱন নিচাসক্ত ল’ৰাৰ লগত কটাব নোৱাৰো। নিচাসক্ত মানুহ মোৰ ভাল নালাগে। মোক আগতে কোৱা হোৱা নাছিল যে মোৰ হ’বলগীয়া স্বামীজন নিচাসক্ত। আজি তেওঁ চিগাৰেট খাই আছে, মইতো নাজানো তেওঁ হয়তো মদো খাব পাৰে। তেনেকুৱা মানুহক মই বিয়া নকৰাও। 

এই গোচৰৰ তথ্য আৰক্ষীক দিয়া হয়। ইয়াৰ পাছত সেই স্থানত উপস্থিত হোৱা আৰক্ষীয়ে দুয়োপক্ষৰ লগত মিলামিছা কৰি বিয়াখন পাতিবলৈ চেষ্টা কৰে যদিও কইনাই সন্মতি নিদিয়াত গোচৰটো নিষ্পত্তি হয়। দুয়োপক্ষই ইজনে সিজনৰ পৰা লোৱা ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় আৰু তাতেই বিষয়টো নিষ্পত্তি হ’ল।

আৰক্ষী অবনীশ কুমাৰ সিঙে জনোৱা মতে, এই পৰ্যন্ত হোৱা খৰচৰ লেনদেন কৰি দুয়োপক্ষই নিষ্পত্তি কৰে। ইয়াৰ পিছত বিষয়টো শান্ত হৈ পৰিল। উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত হৈছে আজৱ ঘটনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement