--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কইনাৰ এক সিদ্ধান্ত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। সাত ফেৰে লোৱাৰ পাছত কইনাই ভাঙিলে বিয়া। দৰাৰ এক কাণ্ডই কইনাক ইমানেই ক্ষুব্ধ কৰি তুলিছিল যে তেওঁ থিতাতে বিয়া বাতিল কৰি বৰযাত্ৰীসকলক উভতাই পঠাইছিল। 

দুইখন ঘৰতে বিয়াৰ আয়োজন পূৰাদমে চলি আছিল। যথাসময়ত কইনাৰ ঘৰত উপস্থিত হয় বৰযাত্ৰী। বিবাহৰ সকলো ৰীতি-নীতি চলি আছিল। দৰা-কইনাই সাতে ফেৰেও লয়।

সাত ফেৰে সম্পূৰ্ণ হোৱাৰ লগে লগে দৰা মণ্ডপৰ দাঁতিত গৈ ধূমপান কৰিবলৈ ধৰিলে। কইনাজনীয়ে দৰাৰ এই কাৰ্যক চাই আছিল। হ’বলগীয়া স্বামীয়ে চিগাৰেট খোৱা দেখি কইনাৰ খং উঠিল আৰু তেওঁ বিয়া কৰিবলৈ অস্বীকাৰ কৰিলে। ইয়াকে লৈ কইনা আৰু দৰাৰ মাজত বিতৰ্ক আৰম্ভ হ’ল। দুয়োপক্ষৰ বয়োজ্যেষ্ঠসকলে কথা-বতৰাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল যদিও কইনাজনী বিবাহৰ বাবে অসন্মত হয়।

দৰাৰ এই কাৰ্যৰ সন্দৰ্ভত কইনাগৰাকীয়ে কয় যে মই গোটেই জীৱন নিচাসক্ত ল’ৰাৰ লগত কটাব নোৱাৰো। নিচাসক্ত মানুহ মোৰ ভাল নালাগে। মোক আগতে কোৱা হোৱা নাছিল যে মোৰ হ’বলগীয়া স্বামীজন নিচাসক্ত। আজি তেওঁ চিগাৰেট খাই আছে, মইতো নাজানো তেওঁ হয়তো মদো খাব পাৰে। তেনেকুৱা মানুহক মই বিয়া নকৰাও। 

এই গোচৰৰ তথ্য আৰক্ষীক দিয়া হয়। ইয়াৰ পাছত সেই স্থানত উপস্থিত হোৱা আৰক্ষীয়ে দুয়োপক্ষৰ লগত মিলামিছা কৰি বিয়াখন পাতিবলৈ চেষ্টা কৰে যদিও কইনাই সন্মতি নিদিয়াত গোচৰটো নিষ্পত্তি হয়। দুয়োপক্ষই ইজনে সিজনৰ পৰা লোৱা ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লয় আৰু তাতেই বিষয়টো নিষ্পত্তি হ’ল।

আৰক্ষী অবনীশ কুমাৰ সিঙে জনোৱা মতে, এই পৰ্যন্ত হোৱা খৰচৰ লেনদেন কৰি দুয়োপক্ষই নিষ্পত্তি কৰে। ইয়াৰ পিছত বিষয়টো শান্ত হৈ পৰিল। উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত হৈছে আজৱ ঘটনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু