--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ ৰাজধানী চহৰ নতুন দিল্লী মহিলা-যুৱতীৰ বাবে মুঠেও সুৰক্ষিত নহয়। চহৰ খনত প্ৰতিদিনে কমেও ছয়গৰাকী মহিলা-যুৱতী ধৰ্ষণৰ বলি হয়। এই মন্তব্য কৰিছে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে।  শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ অধ্যক্ষলৈ পত্ৰ লিখা পত্ৰ এখনত মালিৱালে  নিৰ্ভয়া গণধৰ্ষণৰ ঘটনাৰ দশম বাৰ্ষিকীত মহিলাৰ সুৰক্ষাৰ বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনায়। 

মহিলাৰ বিৰুদ্ধে অপৰাধ "মহামাৰীৰ ৰূপত বৃদ্ধি পাইছে " বুলি পত্ৰ খনত উল্লেখ কৰি মালিৱালে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত  প্ৰতিদিনে ছয়টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়। "দিল্লীত এটি আঠ মাহৰ কেঁচুৱা আৰু এগৰাকী ৯০ বছৰীয়া মহিলাকো ধৰ্ষণ কৰা হৈছে!" তেওঁ টুইট কৰে। মালিৱালে শেহতীয়াকৈ পশ্চিম দিল্লীত এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ ওপৰত হোৱা এচিড আক্ৰমণৰ কথাও পত্ৰ খনত উল্লেখ কৰে।"মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ সমস্যা মহামাৰীৰ দৰে বৃদ্ধি  হৈছে আৰু চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ বাবে পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে। 

আনকি মহিলা আৰু ছোৱালীৰ বাবে সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে স্থাপন কৰা নিৰ্ভয়া পুঁজিও যথেষ্ট পৰিমাণে হ্ৰাস কৰা হৈছে," তেওঁ কয়। তেওঁ লগতে কয় যে  মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে বৰ্ধিত অপৰাধ আৰু ইয়াৰ বিৰুদ্ধে জৰুৰীভাৱে পদক্ষেপ লোৱা প্ৰয়োজন। সেয়েহে মহিলা আৰু যুৱতীৰ  বিৰুদ্ধে বৰ্ধিত অপৰাধ সম্পৰ্কীয় বিষয়টো সদনত সঠিকভাৱে আলোচনা কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ তেওঁ অনুৰোধ জনায়। তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰলৈ এই  পত্ৰ প্ৰেৰণ কৰিছে। 

উল্লেখ্য 'নিৰ্ভয়া' বুলি জনাজাত হৈ পৰা ফিজিঅ'থেৰাপীৰ ছাত্ৰীগৰাকীক ১৬  ডিচেম্বৰ, ২০১২ত  দক্ষিণ দিল্লীৰ এখন চলন্ত বাছত ধৰ্ষণ কৰি বাছ খনৰ পৰা দলিয়াই পেলাই দিয়া হৈছিস। ইয়াৰ  এপষেক পিছত তেওঁৰ  মৃত্যু হৈছিল।

উক্ত ধৰ্ষণকাণ্ডত এজন কিশোৰসহ ছয়জন লোকৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল। অৱশ্যে  কিশোৰজনক ২০১৫ চনত সংশোধনগৃহত তিনি বছৰ কটোৱাৰ পিছত মুকলি কৰি দিয়া  হৈছিল।  ২০২০ চনৰ ২০ মাৰ্চত চাৰিজন দোষীক ফাঁচী দিয়া হৈছিল। ষষ্ঠজন  অভিযুক্ত ৰাম সিঙে গোচৰটোৰ বিচাৰ আৰম্ভ হোৱাৰ কেইদিনমান পিছত তিহাৰ কাৰাগাৰত আত্মহত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক