--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ ৰাজধানী চহৰ নতুন দিল্লী মহিলা-যুৱতীৰ বাবে মুঠেও সুৰক্ষিত নহয়। চহৰ খনত প্ৰতিদিনে কমেও ছয়গৰাকী মহিলা-যুৱতী ধৰ্ষণৰ বলি হয়। এই মন্তব্য কৰিছে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে।  শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ অধ্যক্ষলৈ পত্ৰ লিখা পত্ৰ এখনত মালিৱালে  নিৰ্ভয়া গণধৰ্ষণৰ ঘটনাৰ দশম বাৰ্ষিকীত মহিলাৰ সুৰক্ষাৰ বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনায়। 

মহিলাৰ বিৰুদ্ধে অপৰাধ "মহামাৰীৰ ৰূপত বৃদ্ধি পাইছে " বুলি পত্ৰ খনত উল্লেখ কৰি মালিৱালে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত  প্ৰতিদিনে ছয়টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়। "দিল্লীত এটি আঠ মাহৰ কেঁচুৱা আৰু এগৰাকী ৯০ বছৰীয়া মহিলাকো ধৰ্ষণ কৰা হৈছে!" তেওঁ টুইট কৰে। মালিৱালে শেহতীয়াকৈ পশ্চিম দিল্লীত এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ ওপৰত হোৱা এচিড আক্ৰমণৰ কথাও পত্ৰ খনত উল্লেখ কৰে।"মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ সমস্যা মহামাৰীৰ দৰে বৃদ্ধি  হৈছে আৰু চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ বাবে পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে। 

আনকি মহিলা আৰু ছোৱালীৰ বাবে সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে স্থাপন কৰা নিৰ্ভয়া পুঁজিও যথেষ্ট পৰিমাণে হ্ৰাস কৰা হৈছে," তেওঁ কয়। তেওঁ লগতে কয় যে  মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে বৰ্ধিত অপৰাধ আৰু ইয়াৰ বিৰুদ্ধে জৰুৰীভাৱে পদক্ষেপ লোৱা প্ৰয়োজন। সেয়েহে মহিলা আৰু যুৱতীৰ  বিৰুদ্ধে বৰ্ধিত অপৰাধ সম্পৰ্কীয় বিষয়টো সদনত সঠিকভাৱে আলোচনা কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ তেওঁ অনুৰোধ জনায়। তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰলৈ এই  পত্ৰ প্ৰেৰণ কৰিছে। 

উল্লেখ্য 'নিৰ্ভয়া' বুলি জনাজাত হৈ পৰা ফিজিঅ'থেৰাপীৰ ছাত্ৰীগৰাকীক ১৬  ডিচেম্বৰ, ২০১২ত  দক্ষিণ দিল্লীৰ এখন চলন্ত বাছত ধৰ্ষণ কৰি বাছ খনৰ পৰা দলিয়াই পেলাই দিয়া হৈছিস। ইয়াৰ  এপষেক পিছত তেওঁৰ  মৃত্যু হৈছিল।

উক্ত ধৰ্ষণকাণ্ডত এজন কিশোৰসহ ছয়জন লোকৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল। অৱশ্যে  কিশোৰজনক ২০১৫ চনত সংশোধনগৃহত তিনি বছৰ কটোৱাৰ পিছত মুকলি কৰি দিয়া  হৈছিল।  ২০২০ চনৰ ২০ মাৰ্চত চাৰিজন দোষীক ফাঁচী দিয়া হৈছিল। ষষ্ঠজন  অভিযুক্ত ৰাম সিঙে গোচৰটোৰ বিচাৰ আৰম্ভ হোৱাৰ কেইদিনমান পিছত তিহাৰ কাৰাগাৰত আত্মহত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু