--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি 'পাঠান'ৰ প্ৰথমটো গানৰ ভিডিঅ' মুকলি কৰাৰ পিছতে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে দিপীকাই গেৰুৱা বিকিনি পিন্ধাকলৈ আপত্তি কৰিছে। আনকি বিজেপিো বহু শীৰ্ষ নেতাই গীতটোৰ বিৰোধিতা কৰিছে। ইয়াৰ মাজতে বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ এক পুৰণি স্মৃতি জগাই তুলিছে তৃণমূল কংগ্ৰেছে। 

কিছুসংখ্যক ৰাজনৈতিক নেতাই শ্বাহৰুখ খানৰ সৈতে দীপিকা পাডুকনৰ ঘনিষ্ঠতাক গৰিহণা দিয়াৰ সময়তে  কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ১৯৯৮ চনৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ এটা ভিডিঅ' ক্লিপক লৈ বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে (টিএমচি) ভাৰতীয় জনতা পাৰ্টীক (বিজেপি) আক্ৰমণ কৰিছে। ইয়াকেলৈ দুয়োটা দলৰ নেতাসকল সামাজিক মাধ্যমত  বিবাদত লিপ্ত হৈছে। 

বৃহস্পতিবাৰে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱ্যই গায়ক অৰিজিত সিঙৰ এটা ভিডিঅ' টুইট কৰিছিল। ভিডিঅ'টোত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অনুৰোধত অৰিজিতে দুটা গীতৰ কলি গাইছিল। এইটো শ্বাহৰুখ খান অভিনীত 'দিলৱালে'ৰ এটা গান – 'ৰং দে তু মোহে গেৰুৱা'। তৃণমূল কংগ্ৰেছৰ নেতা ৰিজু দত্তই টুইটটোৰ মন্তব্যত অমিতৰ 'গেৰুৱা পাঞ্চ'ৰ এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ'টো ১৯৯৮ চনৰ। মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা স্মৃতিক গেৰুৱা ছুইমিং কষ্টিউমতদেখা গৈছে। টুইটটোৰ শিৰোনামটোত তৃণমূল নেতাজনে লিখিছে, "ৰং দে তু মোহে গেৰুৱা। ''

বিজেপি সাংসদ লকেট চেটাৰ্জীয়ে ভিডিঅ'টো পোষ্ট কৰা বাবে  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টিএমচি নেতাজনক "নাৰী বিদ্বেষী" বুলি অভিহিত কৰিছে। লকেটে টুইট কৰিছে, "এনে অসামাজিক পুৰুষক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ বাবে টিএমচিক ধিক্কাৰ । তেওঁলোকে মহিলাসকলক সন্মান কৰিব নাজানে। তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত জীৱনতো সেয়াই ভাল পায়। "ইয়াৰ উত্তৰত "গেৰুৱা ৰং কোনো পক্ষৰ পৈতৃক সম্পত্তি নহয়। তৃণমূল নেতাগৰাকীয়ে প্ৰত্যুত্তৰত লিখিছে  "যেতিয়া দীপিকা পাডুকোনে গেৰুৱা পোছাক পিন্ধে (বিকিনি ), আপুনি কঁপিবলৈ আৰম্ভ কৰে। আৰু যদি স্মৃতি ইৰাণীয়ে এনে কৰে, তেন্তে আপুনি অন্ধ হৈ পৰে। ভণ্ড!"উল্লেখ্য মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী আৰু বিজেপি নেতা নৰোত্তম মিশ্ৰাই দাবী কৰিছে যে গানটোৰ ভিডিঅ'টো "বেয়া উদ্দেশ্যৰে" দৃশ্যগ্ৰহণ কৰা হৈছিল। তেওঁ দাবী কৰিছে যে গানটোৰ ভিডিঅ’  "কুৎসিত আৰু অশ্লীল"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু