--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি 'পাঠান'ৰ প্ৰথমটো গানৰ ভিডিঅ' মুকলি কৰাৰ পিছতে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে দিপীকাই গেৰুৱা বিকিনি পিন্ধাকলৈ আপত্তি কৰিছে। আনকি বিজেপিো বহু শীৰ্ষ নেতাই গীতটোৰ বিৰোধিতা কৰিছে। ইয়াৰ মাজতে বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ এক পুৰণি স্মৃতি জগাই তুলিছে তৃণমূল কংগ্ৰেছে। 

কিছুসংখ্যক ৰাজনৈতিক নেতাই শ্বাহৰুখ খানৰ সৈতে দীপিকা পাডুকনৰ ঘনিষ্ঠতাক গৰিহণা দিয়াৰ সময়তে  কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ১৯৯৮ চনৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ এটা ভিডিঅ' ক্লিপক লৈ বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে (টিএমচি) ভাৰতীয় জনতা পাৰ্টীক (বিজেপি) আক্ৰমণ কৰিছে। ইয়াকেলৈ দুয়োটা দলৰ নেতাসকল সামাজিক মাধ্যমত  বিবাদত লিপ্ত হৈছে। 

বৃহস্পতিবাৰে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱ্যই গায়ক অৰিজিত সিঙৰ এটা ভিডিঅ' টুইট কৰিছিল। ভিডিঅ'টোত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অনুৰোধত অৰিজিতে দুটা গীতৰ কলি গাইছিল। এইটো শ্বাহৰুখ খান অভিনীত 'দিলৱালে'ৰ এটা গান – 'ৰং দে তু মোহে গেৰুৱা'। তৃণমূল কংগ্ৰেছৰ নেতা ৰিজু দত্তই টুইটটোৰ মন্তব্যত অমিতৰ 'গেৰুৱা পাঞ্চ'ৰ এটা ভিডিঅ' পোষ্ট কৰিছে। ভিডিঅ'টো ১৯৯৮ চনৰ। মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা স্মৃতিক গেৰুৱা ছুইমিং কষ্টিউমতদেখা গৈছে। টুইটটোৰ শিৰোনামটোত তৃণমূল নেতাজনে লিখিছে, "ৰং দে তু মোহে গেৰুৱা। ''

বিজেপি সাংসদ লকেট চেটাৰ্জীয়ে ভিডিঅ'টো পোষ্ট কৰা বাবে  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টিএমচি নেতাজনক "নাৰী বিদ্বেষী" বুলি অভিহিত কৰিছে। লকেটে টুইট কৰিছে, "এনে অসামাজিক পুৰুষক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ বাবে টিএমচিক ধিক্কাৰ । তেওঁলোকে মহিলাসকলক সন্মান কৰিব নাজানে। তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত জীৱনতো সেয়াই ভাল পায়। "ইয়াৰ উত্তৰত "গেৰুৱা ৰং কোনো পক্ষৰ পৈতৃক সম্পত্তি নহয়। তৃণমূল নেতাগৰাকীয়ে প্ৰত্যুত্তৰত লিখিছে  "যেতিয়া দীপিকা পাডুকোনে গেৰুৱা পোছাক পিন্ধে (বিকিনি ), আপুনি কঁপিবলৈ আৰম্ভ কৰে। আৰু যদি স্মৃতি ইৰাণীয়ে এনে কৰে, তেন্তে আপুনি অন্ধ হৈ পৰে। ভণ্ড!"উল্লেখ্য মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী আৰু বিজেপি নেতা নৰোত্তম মিশ্ৰাই দাবী কৰিছে যে গানটোৰ ভিডিঅ'টো "বেয়া উদ্দেশ্যৰে" দৃশ্যগ্ৰহণ কৰা হৈছিল। তেওঁ দাবী কৰিছে যে গানটোৰ ভিডিঅ’  "কুৎসিত আৰু অশ্লীল"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক