--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় খাদ্যত দাইলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। দাইলত প্ৰটিন, আইৰণ, ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে দাইলৰ ফেন আঁতৰাই ৰান্ধিব লাগে। ফেনত পিউৰিন নামৰ যৌগ থাকে, যিয়ে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ইউৰিক এচিড বৃদ্ধি হ’লে হাৰ্ট এটেক, বৃক্কৰ ৰোগ, গাঁঠিৰ সমস্যা আদি বিপদজনক ৰোগ হ’ব পাৰে।

জাৰ্নেল অৱ এনভাইৰনমেণ্টেল চাইন্স এণ্ড টেকন’লজিত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে দাইলৰ ফেনত থকা পিউৰিনৰ পৰিমাণ ২০ গুণ বেছি, যাৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অধ্যয়নটোত দেখা গৈছে যে দাইলৰ ফেন আঁতৰাই ৰান্ধিলে ইউৰিক এচিডৰ মাত্ৰা ২০% হ্ৰাস পাব পাৰে। এই অধ্যয়ন ভাৰতত প্ৰথমবাৰৰ বাবে কৰা হৈছে। ইয়াৰ পূৰ্বে বহু দেশত কৰা অধ্যয়নতো দেখা গৈছিল যে দাইলৰ ফেন আঁতৰাই ৰান্ধিব লাগে।

ভাৰতত দাইলৰ ফেন বাহিৰ কৰাৰ প্ৰথা আগতে অতি সাধাৰণ আছিল। কিন্তু, এতিয়া মানুহে বেছিভাগেই প্ৰেচাৰ কুকাৰত দাইল ৰান্ধে। প্ৰেচাৰ কুকাৰত দাইল ৰান্ধি থাকোঁতে ফেন আঁতৰোৱাটো কঠিন। গতিকে বেছিভাগ মানুহেই ফেন আঁতৰাই নিদিয়ে। এই অধ্যয়নৰ তথ্যৰ ভিত্তিত ক’ব পাৰি যে দাইলৰ ফেন আঁতৰাই ৰান্ধিব লাগে। ইয়াৰ দ্বাৰা শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি আৰু হাৰ্ট এটেক, বৃক্কৰ ৰোগ, গাঁঠিৰ সমস্যা আদি বিপজ্জনক ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি।

আগৰ সময়ত দাইল কেনেকৈ ৰান্ধিছিল?

আগৰ কালত মানুহৰ ঘৰত গেছৰ চৌকা আৰু কুকাৰ নাছিল। এনে অৱস্থাত মাটিৰ চৌকাত কেৰাহী বা আন পাত্ৰত দাইল ৰান্ধিছিল। তেনেকৈ দাইল ৰান্ধিলে ফেন ওপৰলৈ উঠি আহিছিল আৰু হেতাৰে আঁতৰাই পেলোৱা হৈছিল। ইয়াৰ লগে লগে দাইলত থকা পিউৰিনবোৰো আঁতৰি গৈছিল। আজিকালি বেছিভাগ মানুহেই প্ৰেচাৰ কুকাৰত দাইল ৰান্ধে। প্ৰেচাৰ কুকাৰত দাইল ৰান্ধিলে ফেন আঁতৰোৱাটো কঠিন। গতিকে বেছিভাগ মানুহেই ফেন আঁতৰাই নিদিয়ে।

দাইল ৰান্ধি থাকোঁতে কেনেকৈ ফেন আঁতৰাব পাৰি

- দাইল ধুই প্ৰেচাৰ কুকাৰত থৈ দিব।
- দাইলত পানী দিব যাতে দাইল পানীত ডুব যায়।
- মধ্যমীয়া জুইত দাইল ৰান্ধিব।
- দাইলত ফেন গঠন হ’বলৈ আৰম্ভ কৰিলে হেতাৰে আঁতৰাই দিব।
- দাইলত ফেন গঠন হোৱা বন্ধ নোহোৱালৈকে ফেন আঁতৰাই থাকিব।
- ইয়াৰ পিছত প্ৰেচাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি দাইল ৰান্ধিব।
- এইদৰে দাইলৰ পৰা ফেন আঁতৰাই দি আপুনি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক