--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় খাদ্যত দাইলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। দাইলত প্ৰটিন, আইৰণ, ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে দাইলৰ ফেন আঁতৰাই ৰান্ধিব লাগে। ফেনত পিউৰিন নামৰ যৌগ থাকে, যিয়ে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ইউৰিক এচিড বৃদ্ধি হ’লে হাৰ্ট এটেক, বৃক্কৰ ৰোগ, গাঁঠিৰ সমস্যা আদি বিপদজনক ৰোগ হ’ব পাৰে।

জাৰ্নেল অৱ এনভাইৰনমেণ্টেল চাইন্স এণ্ড টেকন’লজিত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে দাইলৰ ফেনত থকা পিউৰিনৰ পৰিমাণ ২০ গুণ বেছি, যাৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অধ্যয়নটোত দেখা গৈছে যে দাইলৰ ফেন আঁতৰাই ৰান্ধিলে ইউৰিক এচিডৰ মাত্ৰা ২০% হ্ৰাস পাব পাৰে। এই অধ্যয়ন ভাৰতত প্ৰথমবাৰৰ বাবে কৰা হৈছে। ইয়াৰ পূৰ্বে বহু দেশত কৰা অধ্যয়নতো দেখা গৈছিল যে দাইলৰ ফেন আঁতৰাই ৰান্ধিব লাগে।

ভাৰতত দাইলৰ ফেন বাহিৰ কৰাৰ প্ৰথা আগতে অতি সাধাৰণ আছিল। কিন্তু, এতিয়া মানুহে বেছিভাগেই প্ৰেচাৰ কুকাৰত দাইল ৰান্ধে। প্ৰেচাৰ কুকাৰত দাইল ৰান্ধি থাকোঁতে ফেন আঁতৰোৱাটো কঠিন। গতিকে বেছিভাগ মানুহেই ফেন আঁতৰাই নিদিয়ে। এই অধ্যয়নৰ তথ্যৰ ভিত্তিত ক’ব পাৰি যে দাইলৰ ফেন আঁতৰাই ৰান্ধিব লাগে। ইয়াৰ দ্বাৰা শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি আৰু হাৰ্ট এটেক, বৃক্কৰ ৰোগ, গাঁঠিৰ সমস্যা আদি বিপজ্জনক ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি।

আগৰ সময়ত দাইল কেনেকৈ ৰান্ধিছিল?

আগৰ কালত মানুহৰ ঘৰত গেছৰ চৌকা আৰু কুকাৰ নাছিল। এনে অৱস্থাত মাটিৰ চৌকাত কেৰাহী বা আন পাত্ৰত দাইল ৰান্ধিছিল। তেনেকৈ দাইল ৰান্ধিলে ফেন ওপৰলৈ উঠি আহিছিল আৰু হেতাৰে আঁতৰাই পেলোৱা হৈছিল। ইয়াৰ লগে লগে দাইলত থকা পিউৰিনবোৰো আঁতৰি গৈছিল। আজিকালি বেছিভাগ মানুহেই প্ৰেচাৰ কুকাৰত দাইল ৰান্ধে। প্ৰেচাৰ কুকাৰত দাইল ৰান্ধিলে ফেন আঁতৰোৱাটো কঠিন। গতিকে বেছিভাগ মানুহেই ফেন আঁতৰাই নিদিয়ে।

দাইল ৰান্ধি থাকোঁতে কেনেকৈ ফেন আঁতৰাব পাৰি

- দাইল ধুই প্ৰেচাৰ কুকাৰত থৈ দিব।
- দাইলত পানী দিব যাতে দাইল পানীত ডুব যায়।
- মধ্যমীয়া জুইত দাইল ৰান্ধিব।
- দাইলত ফেন গঠন হ’বলৈ আৰম্ভ কৰিলে হেতাৰে আঁতৰাই দিব।
- দাইলত ফেন গঠন হোৱা বন্ধ নোহোৱালৈকে ফেন আঁতৰাই থাকিব।
- ইয়াৰ পিছত প্ৰেচাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি দাইল ৰান্ধিব।
- এইদৰে দাইলৰ পৰা ফেন আঁতৰাই দি আপুনি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু