--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  ৰাজমাহ এবিধ উল্লেখযোগ্য প্রটিনযুক্ত খাদ্য। ৰাজমাহ দোকান-বজাৰত সহজে কিনিব পাৰি। দামো বৰ বেছি নহয়। ৰাজমাহৰ আছে বহু গুণ-

১) ওজন হ্রাস কৰাৰ বাবে ৰাজমাহ উপকাৰী: স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যিসকল লোকে ওজন হ্রাস কৰিব বিচাৰে তেওঁলোকৰ বাবে ৰাজমাহ এটা ভাল বিকল্প। ৰাজমাহ হৈছে উচ্চ প্ৰ’টিন আৰু ফাইবাৰ সমৃদ্ধিশালী খাদ্য ৷ ই কাৰ্বহাইড্ৰেটৰ  বিপাক আৰু শোষণ লেহেমীয়া কৰে। এই পৰিঘটনাৰ বাবে ভোক দেৰিকৈ লাগে আৰু ওজন কমাবলৈ সহায়ক হৈ পৰে। গৱেষণা অনুসৰি ৰাজমাহ যেতিয়া ভাতৰ সৈতে খোৱা হয় ভাতখিনিও এক সম্পূর্ণ প্রাটিনৰ উৎস হৈ পৰে। সেয়ে খোৱাৰ পিছত দীঘলীয়া সময়ৰ বাবে পেট ভর্তি হৈ থাকে আৰু দীঘলীয়া সময়ৰ বাবে ভোক নালাগে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৰাজমাহে: ৰাজমাহত এন্টিঅক্সিডেন্ট আৰু প্রদাহ-প্রতিৰোধী উপাদান থাকে বিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। লগতে ককট ৰোগৰ আশংকা হ্রাস কৰাত সহায় কৰিব পাৰে।

৩) নিৰামিষ ভোজী লোকৰ বাবে ৰাজমাহ হৈছে প্ৰটিনৰ এক উত্তম বিকল্প: যিয়ে নিৰামিষ আহাৰ খাই ভাল পাই তেওঁলোকৰ প্রাটিনৰ অভাৱ পূৰণ কৰাৰ বাবে ৰাজমাহ হৈছে বাবে সর্বশ্রেষ্ঠ বিকল্প। ইয়াৰ নিয়মীয়া গ্রহণৰ ফলত শৰীৰত প্রাটিনৰ অভাৱ দূৰ হয়।

৪) মগজুৰ বাবে উপকাৰী ৰাজমাহ: ৰাজমাহ খোৱাটো মগজুৰ বাবে বহু লাভজনক। ইয়াত পর্যাপ্ত ভিটামিন থাকে; যি স্নায়ুতন্ত্রৰ বাবে অতিকৈ উপকাৰী। ৰাজমাহ ভিটামিন ইৰ  এক ভাল উৎস; যি মস্তিষ্কৰ কোষৰ বাবে অতিকৈ গুৰুত্বপূর্ণ।

৫) ৰাজমাহ সেৱনে হজম শক্তি উন্নত কৰে: ৰাজমাহত যথেষ্ট পৰিমাণৰ আঁহ বা ফাইবাৰ থাকে। যি হজম প্রক্রিয়াক সঠিকভারে চলাই নিয়াত সহায় কৰে।

৬) মধুমেহ ৰোগীৰ বাবে উপকাৰী ৰাজমাহ : প্রাটিন আৰু ফাইবাৰ বা আঁহ সমৃদ্ধ ৰাজমাহে ৰক্ত শর্কৰাৰ স্তৰ সঠিক পৰিমাণত ৰখাত সহায় কৰে। ৰাজমাাহে বক্ত শর্কৰাৰ স্তৰ দ্রুতগতিত বৃদ্ধি নহয়; সেয়ে ৰক্ত শর্কৰ্য নিয়ন্ত্রণত থাকে।

৭) কলেষ্টেৰল নিয়ন্ত্রণ কৰে ৰাজমাহে: ৰাজমাহ যথেষ্ট মেগনেছিয়াম সমৃদ্ধ এই ৰাজমাহে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্রণ কৰিব পাৰি। ৰাজমাহে  দেহত ভাল কলেষ্টেৰল (অসংক্রিপ্ট চী) তৈয়াৰ হয়। ফলতে হৃদৰোগৰ পৰা দূৰৈত থাকিব পাৰি।

৮) কলন কেঞ্চাৰ প্ৰতিৰোধ হয়: ৰাজমাহত যথেষ্ট ফাইবাৰ আৰু কেঞ্চাৰ প্ৰতিৰোধী দ্রব্য থাকে; ইয়াত পোৱা ষ্টাৰছ বুকাৰ আৰু আলফা গেলেইচাইড খিনি ৰাজমাহ খোৱাৰ পিছত হজম নহয় আৰু এইখিনি চিধা কলনলৈ গতি কৰে, কলনত এই দ্ৰব্য খিনি বেক্টেৰিয়াৰ প্রভাৱত এবিধ দ্রব্য বিওতাৰেট নামৰ পদার্থলৈ ৰূপান্তৰ হয় যিয়ে কলনৰ কোষসমূহক শক্তিশালী  কৰে আৰু কলন কেঞ্চাৰ প্রতিহত কৰিব পাৰে।

৯. হাড়বোৰ শক্তিশালী কৰে: অষ্টিঅ' পৰ'ছিছ আৰু অষ্টিঅমেলেচিয়াৰ বাবে হাড়ৰ ঘনত্ব কমি যায় আৰু হাড়বোৰ কোমল হৈ বেঁকা হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্তিতিত হাড়ৰ এই ভয়াৱহ ৰোগৰ পৰা হাত সাৰিবলৈ ৰাজমাহ খাব পাৰে। ৰাজমাহত কেলচিয়াম আৰু মেগনেছিয়াম পোৱা যায়। ইয়াত থকা ফোলেটে গাঁঠিবোৰ সুস্থ কৰি তোলাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু