--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চলিত বৰ্ষত আহ্বায়ক সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আবেদনসমূহৰ মাজৰ পৰা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামীৰ বিষয় বস্তুক যোগ্য বিবেচনা কৰি এই ফেল'শ্বিপৰ বাবে নিৰ্বাচিত কৰা হয়।

ডিজিটেল ডেস্ক: সদৌ অসম সাংবাদিক সন্থাৰ (আজু) যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিয়ে প্ৰতি বছৰেই আগবঢ়াই অহা ‘দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ’-২০২৬ বৰ্ষৰ বাবে কামৰূপ জিলাৰ শুৱালকুছিৰ কিশোৰ গোস্বামীক নিৰ্বাচিত কৰা হৈছে। আজি এক বিবৃতি যোগে এই কথা সদৰী কৰিছে 'আজু'ৰ যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজা আৰু সাংবাদিক কল্যাণ নিধিৰ সম্পাদক নৱজ্যোতি বৰুৱাই।


এক বিবৃতিত সভাপতি-সম্পাদকদ্বয়ে কয় যে দুয়োটা অনুষ্ঠানৰ উদ্যোগত ২০২৩ বৰ্ষৰ পৰা প্ৰয়াত দেৱকুমাৰ বৰা সোঁৱৰণত পৰিয়াল বৰ্গৰ সহযোগত ৰাজ্যখনৰ ছপা, বৈদ্যুতিন অথবা মুক্ত সাংবাদিকক যিকোনো বিষয় বস্তুৰ ওপৰত গবেষণা, অধ্যয়নৰ বাবে এই মিডিয়া ফেল'শ্বিপ প্ৰদান কৰি অহা হৈছে। চলিত বৰ্ষত আহ্বায়ক সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আবেদনসমূহৰ মাজৰ পৰা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামীৰ বিষয় বস্তুক যোগ্য বিবেচনা কৰি এই ফেল'শ্বিপৰ বাবে নিৰ্বাচিত কৰা হয়। 


তেওঁৰ অধ্যয়নৰ বিষয়বস্তু হৈছে: "অসমৰ বানাই ভাষাৰ সংকটাপন্ন মৌখিক সাহিত্যৰ জৰুৰীকালীন ডিজিটেল আৰ্কাইভঃ এক অংশগ্ৰহণমূলক পাইলট প্ৰকল্প।" উল্লেখ্য যে উক্ত বিষয়ত অধ্যয়ন কৰিবলৈ ফেল'শ্বিপ প্ৰাপকলৈ নগদ ২০ হেজাৰ টকা আগবঢ়োৱা হ'ব। ছমাহৰ ভিতৰত তেওঁ অধ্যয়নৰ প্ৰতিবেদন জমা দিব আৰু অহা ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা আজু আৰু সাংবাদিক কল্যাণ নিধিৰ যোৰহাটত অনুষ্ঠিত বার্ষিক সভাত আনুষ্ঠানিকভাৱে তেওঁক এই সন্মানীয় ফেল'শ্বিপ প্ৰদান কৰা হব।  


উল্লেখ্য যে ১৯৮১ চনত জন্মগ্ৰহণ কৰা কিশোৰ গোস্বামীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণ সংযোগ বিষয়ত স্নাতকোত্তৰ ডিপ্ল'মা গ্ৰহণ কৰি ২০০৬-০৭ চনৰ পৰা সুদীৰ্ঘ ২০ বছৰ ধৰি প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ আছে। চেণ্টিনেল গোষ্ঠীৰ 'আজিৰ অসম' কাকতত উপ-সম্পাদক ৰূপে সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি থোৱা গোস্বামীয়ে ২০১১চনৰ পৰা ২০১৯ চনৰ এপ্ৰিল মাহলৈকে 'নিয়মীয়া বাৰ্তা' কাকতত উপ-সম্পাদক ৰূপে কাম কৰে। তেওঁ ২০১৯ চনৰ পৰা মে' মাহৰ পৰা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কৈশোৰ কালৰ পৰাই লেখা-মেলাৰ সতে জড়িত গোস্বামীৰ ভালেসংখ্যক কবিতা, প্ৰৱন্ধ আৰু সৃষ্টিশীল লেখা বিভিন্ন কাকত আলোচনীত প্ৰকাশ হৈ আহিছে।


২০২২ বৰ্ষত বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী যুৱ সাংবাদিক বঁটাৰে সন্মানিত হোৱা গোস্বামীয়ে হোমেন বৰগোহাঞিৰ মুখ্য সম্পাদনাত প্ৰকাশিত নিয়মীয়া বাৰ্তা কাকতৰ স্বাস্থ্য পৰিপূৰিকা 'স্বাস্থ্য বাৰ্তা'ৰ সম্পাদনাও কৰিছিল। তদুপৰি তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা ২০২১-২২ বৰ্ষৰ মিডিয়া ফেল'শ্বিপ লাভ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ