--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ চকুৰ তলত ডাৰ্ক চাৰ্কল আছে নেকি? ডাৰ্ক চাৰ্কলে মানুহৰ সৌন্দৰ্য ম্লান কৰে। আজিকালি ডাৰ্ক চাৰ্কল হোৱা সমস্যাটো যথেষ্ট সাধাৰণ হৈ পৰিছে। কাৰণ আমি গোটেই দিনটো কম্পিউটাৰৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা কাম কৰোঁ, পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা আৰু ফোনটো বেছিকৈ ব্যৱহাৰ কৰা আদি অভ্যাসবোৰে ডাৰ্ক চাৰ্কল হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ডাৰ্ক চাৰ্কল লুকুৱাই ৰখাটো সহজ নহয়। মেকআপ কৰিলে কিছু সময়ৰ কাৰণেহে ডাৰ্ক চাৰ্কল ঢাকিব পাৰি। কিন্তু ইয়াক সম্পূৰ্ণৰূপে আঁতৰোৱাটো সহজ নহয়। আজি আমি এনে কিছুমান উপায়ৰ বিষয়ে জনাম যিবোৰ গ্ৰহণ কৰি আপুনি ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাব পাৰে।

ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঘৰুৱা উপায়-

১)আলুৰ ৰসঃ আলুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। আলুৰ ৰস অবিৰতভাৱে ডাৰ্ক চাৰ্কলত লগালে লাহে লাহে কমি যায়। ইয়াক প্ৰয়োগ কৰাৰ বাবে প্ৰথমে আলুখিনি কুটি লওক। তাৰ পিছত তাৰ পৰা আলুৰ ৰস উলিয়াই লওক। ইয়াৰ পিছত কপাহৰ সহায়ত চকুৰ তলত আৰু চাৰিওফালে আলুৰ ৰস লগাব লাগে।

২)ঠাণ্ডা টী বেগঃ টী বেগত কেফেইন থাকে যিয়ে ৰক্তবাহী নলীকা সংকুচিত কৰাত সহায় কৰে আৰু তেজৰ সোঁত বৃদ্ধি কৰে যাৰ ফলত ডাৰ্ক চাৰ্কল কমি যায়। ঠাণ্ডা টি বেগ ব্যৱহাৰ কৰিলে চকুৰ তলৰ ডাৰ্ক চাৰ্কল কমিবলৈ আৰম্ভ কৰে।

৩)ঠাণ্ডা গাখীৰঃ ঠাণ্ডা গাখীৰ ছালৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ঠাণ্ডা গাখীৰ এটা বাটিত ল’ব লাগে। এতিয়া কপাহৰ সহায়ত সেই ঠাণ্ডা গাখীৰ চকুৰ তলত লগাব লাগে। ১০ মিনিট সময় লগাই তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে। এনে কৰিলে চকুৰ ডাৰ্ক চাৰ্কল কমি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ