--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ চকুৰ তলত ডাৰ্ক চাৰ্কল আছে নেকি? ডাৰ্ক চাৰ্কলে মানুহৰ সৌন্দৰ্য ম্লান কৰে। আজিকালি ডাৰ্ক চাৰ্কল হোৱা সমস্যাটো যথেষ্ট সাধাৰণ হৈ পৰিছে। কাৰণ আমি গোটেই দিনটো কম্পিউটাৰৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা কাম কৰোঁ, পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা আৰু ফোনটো বেছিকৈ ব্যৱহাৰ কৰা আদি অভ্যাসবোৰে ডাৰ্ক চাৰ্কল হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ডাৰ্ক চাৰ্কল লুকুৱাই ৰখাটো সহজ নহয়। মেকআপ কৰিলে কিছু সময়ৰ কাৰণেহে ডাৰ্ক চাৰ্কল ঢাকিব পাৰি। কিন্তু ইয়াক সম্পূৰ্ণৰূপে আঁতৰোৱাটো সহজ নহয়। আজি আমি এনে কিছুমান উপায়ৰ বিষয়ে জনাম যিবোৰ গ্ৰহণ কৰি আপুনি ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাব পাৰে।

ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঘৰুৱা উপায়-

১)আলুৰ ৰসঃ আলুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। আলুৰ ৰস অবিৰতভাৱে ডাৰ্ক চাৰ্কলত লগালে লাহে লাহে কমি যায়। ইয়াক প্ৰয়োগ কৰাৰ বাবে প্ৰথমে আলুখিনি কুটি লওক। তাৰ পিছত তাৰ পৰা আলুৰ ৰস উলিয়াই লওক। ইয়াৰ পিছত কপাহৰ সহায়ত চকুৰ তলত আৰু চাৰিওফালে আলুৰ ৰস লগাব লাগে।

২)ঠাণ্ডা টী বেগঃ টী বেগত কেফেইন থাকে যিয়ে ৰক্তবাহী নলীকা সংকুচিত কৰাত সহায় কৰে আৰু তেজৰ সোঁত বৃদ্ধি কৰে যাৰ ফলত ডাৰ্ক চাৰ্কল কমি যায়। ঠাণ্ডা টি বেগ ব্যৱহাৰ কৰিলে চকুৰ তলৰ ডাৰ্ক চাৰ্কল কমিবলৈ আৰম্ভ কৰে।

৩)ঠাণ্ডা গাখীৰঃ ঠাণ্ডা গাখীৰ ছালৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ঠাণ্ডা গাখীৰ এটা বাটিত ল’ব লাগে। এতিয়া কপাহৰ সহায়ত সেই ঠাণ্ডা গাখীৰ চকুৰ তলত লগাব লাগে। ১০ মিনিট সময় লগাই তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে। এনে কৰিলে চকুৰ ডাৰ্ক চাৰ্কল কমি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক