--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কলেষ্টেৰল হৈছে এক মাৰাত্মক ৰোগ। কিন্তু এই ৰোগ সন্দৰ্ভত মানুহৰ মাজত সজাগতা এতিয়াও কম। গতিকে দিনকদিনে এই সমস্যাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

 বিশেষজ্ঞসকলে কয় যে কলেষ্টেৰল হৈছে তেজত থকা এবিধ পদাৰ্থ। এই পদাৰ্থ শৰীৰৰ বিভিন্ন ৰক্তবাহী নলীত জমা হয়। ফলত কলেষ্টেৰল জমা হোৱা ঠাইলৈ তেজ ভালদৰে চলাচল কৰিব নোৱাৰে। যদি হৃদযন্ত্ৰত এই তেজৰ চলাচল বন্ধ হৈ হাৰ্টএটেকৰ আশংকা বৃদ্ধি কৰে। শৰীৰৰ আন অংশতো কলেষ্টেৰল জমা হব পাৰে। সাধাৰণতে কলেষ্টেৰল দুটা ভাগত বিভক্ত হৈ থাকে। এটা হ’ল এল ডি এল আৰু আনটো এইচ ডি এল। মূলতঃ এল ডি এল কলেষ্টেৰল বৰ বেয়া। আনহাতে, ভাল কলেষ্টেৰল বা এইচ ডি এল থাকে শৰীৰত বেছি হলে বিভিন্ন ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

 এই প্ৰসংগত কলকাতাৰ অমৰি হাস্পতালৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে এই সমস্যা নিতৌ বাঢিছে আৰু অতি কম বয়সতো এই সমস্যাৰ সৃষ্টি হয়। এই ৰোগৰ ৫০ শতাংশ ৰোগীৰ ক্ষেত্ৰত জিনে ভূমিকা পালন কৰে আৰু বাকী ৫০ শতাংশৰ ক্ষেত্ৰত খাদ্যৰ বিশেষ ভূমিকা আছে। গতিকে এই বিষয়ে সাৱধান হোৱাৰ অতি দৰকাৰ।

 কিছুমান খাদ্যই কলেষ্টেৰল হ্ৰাস কৰিব পাৰে (Foods for Cholesterol Control), সেইবোৰৰ বিষয়ে জানো আহক-

 ১. ওটছঃ-ডাঃ পালৰ মতে ওটছ এবিধ অতি উত্তম খাদ্য। এই খাদ্যত প্ৰচুৰ পৰিমাণে দ্ৰৱীভূত আঁহ থাকে। এই আঁহে অন্ত্ৰত কলেষ্টেৰল উৎপাদনত বাধা দিব পাৰে। ফলত কলেষ্টেৰল শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে কলেষ্টেলৰ বাবে এই খাদ্য দৈনিক সেৱন কৰিব পাৰে।

২. মাছঃ-আমি সকলোৱে জানো যে মাছত যথেষ্ট পৰিমাণে ওমেগা থ্ৰী থাকে। ওমেগা থ্ৰী ফেটি এচিডে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। সেয়েহে মাছ শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু ডাঙৰ মাছৰ পৰিৱৰ্তে সৰু মাছ বেছি উপকাৰী।

৩. চয়াবিনঃ- ডাঃ পালৰ মতে চয়াবিনকৈ ভাল খাদ্য অতি কম। কম খৰচত এই খাদ্য পুষ্টিকৰ। চয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। কিন্তু প্ৰটিনৰ বাহিৰেও এই খাদ্যত কিছুমান উপকাৰী উপাদান আছে। এই পদাৰ্থবোৰক এলকেলয়ড বোলা হয়। ই কলেষ্টেৰল হ্ৰাস কৰিব পাৰে।

৪. বিভিন্ন ফলঃ- ফল আটাইতকৈ উত্তম খাদ্য। যিকোনো ফলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। এই দুটা মিলি শৰীৰত বেয়া কলেষ্টেৰল হ্ৰাস কৰে। এনে অৱস্থাত সকলো ফল খাব পাৰি। দিনটোত এটাকৈ ফল খোৱা ভাল। কিন্তু এই ক্ষেত্ৰত কমলা আৰু এভোকেডো ফল অতি উপযোগী। কলেষ্টেৰল হ্ৰাস কৰাত এই দুটা ফল বিশেষভাৱে উপযোগী।

৫. বাদামঃ-সকলো বাদাম স্বাস্থ্যৰ পক্ষে উপকাৰী নহয়। এনে ক্ষেত্ৰত আলমণ্ড আৰু আখৰোট খাব লাগে। এই দুবিধ বাদামত থকা কিছুমান উপকাৰী উপাদান থাকে যিয়ে আপোনাৰ শৰীৰৰ পৰা কলেষ্টেৰল দূৰ কৰিব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক