--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কলেষ্টেৰল হৈছে এক মাৰাত্মক ৰোগ। কিন্তু এই ৰোগ সন্দৰ্ভত মানুহৰ মাজত সজাগতা এতিয়াও কম। গতিকে দিনকদিনে এই সমস্যাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

 বিশেষজ্ঞসকলে কয় যে কলেষ্টেৰল হৈছে তেজত থকা এবিধ পদাৰ্থ। এই পদাৰ্থ শৰীৰৰ বিভিন্ন ৰক্তবাহী নলীত জমা হয়। ফলত কলেষ্টেৰল জমা হোৱা ঠাইলৈ তেজ ভালদৰে চলাচল কৰিব নোৱাৰে। যদি হৃদযন্ত্ৰত এই তেজৰ চলাচল বন্ধ হৈ হাৰ্টএটেকৰ আশংকা বৃদ্ধি কৰে। শৰীৰৰ আন অংশতো কলেষ্টেৰল জমা হ’ব পাৰে। সাধাৰণতে কলেষ্টেৰল দুটা ভাগত বিভক্ত হৈ থাকে। এটা হ’ল এল ডি এল আৰু আনটো এইচ ডি এল। মূলতঃ এল ডি এল কলেষ্টেৰল বৰ বেয়া। আনহাতে, ভাল কলেষ্টেৰল বা এইচ ডি এল থাকে শৰীৰত বেছি হ’লে বিভিন্ন ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

 এই প্ৰসংগত কলকাতাৰ অমৰি হাস্পতালৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে এই সমস্যা নিতৌ বাঢিছে আৰু অতি কম বয়সতো এই সমস্যাৰ সৃষ্টি হয়। এই ৰোগৰ ৫০ শতাংশ ৰোগীৰ ক্ষেত্ৰত জিনে ভূমিকা পালন কৰে আৰু বাকী ৫০ শতাংশৰ ক্ষেত্ৰত খাদ্যৰ বিশেষ ভূমিকা আছে। গতিকে এই বিষয়ে সাৱধান হোৱাৰ অতি দৰকাৰ।

 কিছুমান খাদ্যই কলেষ্টেৰল হ্ৰাস কৰিব পাৰে (Foods for Cholesterol Control), সেইবোৰৰ বিষয়ে জানো আহক-

 ১. ওটছঃ-ডাঃ পালৰ মতে ওটছ এবিধ অতি উত্তম খাদ্য। এই খাদ্যত প্ৰচুৰ পৰিমাণে দ্ৰৱীভূত আঁহ থাকে। এই আঁহে অন্ত্ৰত কলেষ্টেৰল উৎপাদনত বাধা দিব পাৰে। ফলত কলেষ্টেৰল শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে কলেষ্টেলৰ বাবে এই খাদ্য দৈনিক সেৱন কৰিব পাৰে।

২. মাছঃ-আমি সকলোৱে জানো যে মাছত যথেষ্ট পৰিমাণে ওমেগা থ্ৰী থাকে। ওমেগা থ্ৰী ফেটি এচিডে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। সেয়েহে মাছ শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু ডাঙৰ মাছৰ পৰিৱৰ্তে সৰু মাছ বেছি উপকাৰী।

৩. চয়াবিনঃ- ডাঃ পালৰ মতে চয়াবিনকৈ ভাল খাদ্য অতি কম। কম খৰচত এই খাদ্য পুষ্টিকৰ। চয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। কিন্তু প্ৰটিনৰ বাহিৰেও এই খাদ্যত কিছুমান উপকাৰী উপাদান আছে। এই পদাৰ্থবোৰক এলকেলয়ড বোলা হয়। ই কলেষ্টেৰল হ্ৰাস কৰিব পাৰে।

৪. বিভিন্ন ফলঃ- ফল আটাইতকৈ উত্তম খাদ্য। যিকোনো ফলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। এই দুটা মিলি শৰীৰত বেয়া কলেষ্টেৰল হ্ৰাস কৰে। এনে অৱস্থাত সকলো ফল খাব পাৰি। দিনটোত এটাকৈ ফল খোৱা ভাল। কিন্তু এই ক্ষেত্ৰত কমলা আৰু এভোকেডো ফল অতি উপযোগী। কলেষ্টেৰল হ্ৰাস কৰাত এই দুটা ফল বিশেষভাৱে উপযোগী।

৫. বাদামঃ-সকলো বাদাম স্বাস্থ্যৰ পক্ষে উপকাৰী নহয়। এনে ক্ষেত্ৰত আলমণ্ড আৰু আখৰোট খাব লাগে। এই দুবিধ বাদামত থকা কিছুমান উপকাৰী উপাদান থাকে যিয়ে আপোনাৰ শৰীৰৰ পৰা কলেষ্টেৰল দূৰ কৰিব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ