--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুভৱ আছিল একপক্ষীয়। তথাপিও যুৱকজনক জোৰ কৰি যুৱতীগৰাকীৰ সৈতে বিয়াত বহিবলৈ বাধ্য কৰোঁৱা হ’ল। চাকৰি নোহোৱাকৈয়ে ল’ৰাজনৰ সৈতে যুৱতীগৰাকী বিয়াত বহিল। বিয়াৰ প্ৰায় দুবছৰৰ পাছতো ল’ৰাজন চাকৰি লাভৰ পৰা বঞ্চিত হ’ল।দিন গ’ল,সময় বাগৰিল কিন্তু দম্পতীহালৰ মাজত আৰম্ভ হ’ল অহৰহ অস্থিৰতা। এই অস্থিৰতা সহ্য কৰিব নোৱাৰি যুৱকজনে পৰিয়াল আদালতত পত্নীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। 

আদালতৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে দাবী কৰিছে যে স্বামী নিবনুৱা হোৱাৰ বাবে পৰিয়াল চলাবলৈ অক্ষম। লগতে স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ এজাহাৰ দাখিল কৰে। ইন্দোৰৰ পৰিয়াল আদালতত এই গোচৰ ৰুজু হোৱাত দেখা গ’ল যুৱতীগৰাকীৰ আছিল যুৱকজনৰ প্ৰতি একপক্ষীয় অনুভূতি।

যুৱকজনৰ মতে, ২০২২ চনত ছোৱালীজনীৰ পৰিয়ালৰ হেঁচাত দুয়োজনে মন্দিৰত বিবাহপাশত আবদ্ধ হয়। যুৱকজনে আৰু দাবী কৰে যে তেওঁ বিয়াৰ পূৰ্বে আপত্তি কৰিছিল। 

উল্লেখ্য যে, বৰ্তমান যুৱতীগৰাকীয়ে এখন বিউটি পাৰ্লাৰত কাম কৰে। আদালতে নিৰ্দেশ দিয়ে যে স্বামীক স্ত্ৰী-গৰাকীয়ে প্ৰতিমাহে পাঁচ হাজাৰ টকা জীৱিকা হিচাপে দিব লাগে।তদুপৰি গোচৰটোৰ লগত জড়িত সকলো খৰচ মহিলাগৰাকীয়ে বহন কৰিবলগীয়া হয়। আদালতে নিৰ্দেশ দিয়ে যে যেতিয়ালৈকে যুৱকজনে চাকৰি নাপাব তেতিয়ালৈকে তেওঁ যুৱতীগৰাকীৰ পৰা জীৱিকাৰ ধন লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু