--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ছৱিত কাম কৰিব বিচাৰে ৰণবীৰ কাপুৰে। শেহতীয়াকৈ এটা অনুষ্ঠানত এই আকাংক্ষা ব্যক্ত কৰিছে অভিনেতাগৰাকীয়ে। পাকিস্তানৰ এগৰাকী পৰিচালকে সোধা প্ৰশ্নৰ উত্তৰত ৰণবীৰে এই বিষয়ে জনায়।

 “মই ভাবো, শিল্পীৰ বাবে কোনো ভৌগোলিক সীমা নাথাকে। মিলামিছাকৈ থকা আৰু আদান প্ৰদানেই শিল্পৰ মূল চৰ্ত।”- ৰণবীৰে কয়।

“মোৰ খুব ভাল লাগিব যদি পাকিস্তানৰ কোনো ছৱিৰ অংশ হ’ব পাৰো।”- পাকিস্তানৰ ছৱিত অভিনয় কৰাৰ ইচ্ছাৰ বিষয়ে ৰণবীৰে এইদৰে কয়।

অনুষ্ঠানটোত আন কিছু কথাও ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। কয় যে তেওঁ ছৱি পৰিচালনাতো মন দিব বিচাৰে। প্ৰযোজনাও কৰিব বিচাৰে। কয়- “মই ছৱি বনাবলৈ বিচাৰো। কিন্তু কাহিনী লিখাৰ সাহস কৰা নাই। কাৰণ মই লেখক নহয়। অন্যৰ স’তে চিন্তাভাৱনাবিলাক ভাগ কৰিবলৈও লজ্জাবোধ কৰো। কিন্তু পাৰিম। অহা ১০ বছৰৰ ভিতৰত এইয়াই কৰিম। মই পৰিচালনা কৰিমেই। সেইসমূহত নিজে অভিনয়ো কৰিম।” 

উল্লেখ্য যে ৰণবীৰ অভিনীত শেষৰখন ছৱি আছিল ‘ব্ৰহ্মাস্ত্ৰ’। ছৱিখনত পত্নী আলিয়া ভাটৰ স’তে অভিনয় কৰিছিল তেওঁ। ছৱিখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছে। তদুপৰি চলিত বছৰতে তেওঁৰ কন্যা সন্তানৰো জন্ম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক