--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰৰ বিষ এটা সাধাৰণ সমস্যা যিটো যিকোনো ব্যক্তিৰ লগত হ’ব পাৰে। গ্ৰীষ্মকালৰ পিছত আৰম্ভ হোৱা বাৰিষাৰ বাবে মানুহে কাহ, চৰ্দি আৰু মূৰৰ বিষৰ সমস্যাৰো সন্মুখীন হয়। এই সমস্যাৰ পৰা সকাহ পাবলৈ মানুহে তৎক্ষণাত ঔষধ খায়, কিন্তু যদি আপুনি সেইসকল লোকৰ মাজৰ এজন যিয়ে সৰু সৰু সমস্যাৰ বাবে ঔষধ খাবলৈ ভাল নাপায়, তেন্তে আপুনি এই ঘৰুৱা ঔষধ ব্যৱহাৰ কৰি মূৰৰ বিষৰ পৰা মুক্তি পাব পাৰে। এই প্ৰতিকাৰে আপোনাক মিনিটৰ ভিতৰতে সকাহ দিব পাৰে। আহক, এইবোৰ ঘৰুৱা উপায় কি আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানি লওঁ।

১) তুলসীঃ তুলসী পাত সেৱন কৰিলে সকাহ পোৱা যায়। তিনি চাৰিটা তুলসীৰ পাত একাপ পানীত অলপ সময় উতলাই লওক। তাত অলপ মৌ দি তাৰ পিছত চাহৰ দৰে খাব। আন এটা প্ৰতিকাৰ হ’ল তুলসীৰ পাত চোবাই খোৱা।

২) গৰম পানীত নেমুঃ এয়া অত্যন্ত ফলপ্ৰসূ প্ৰতিকাৰ। ইয়াৰ বাবে এগিলাচ গৰম পানী লৈ তাত নেমুৰ ৰস মিহলাই খাব লাগে। কেইমিনিটমানৰ ভিতৰতে মূৰৰ বিষ নাইকিয়া হৈ যাব। কেতিয়াবা পেটত গেছ হ’লেও মূৰৰ বিষ হয়, আৰু এই ক্ষেত্ৰত এই ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হয়।

৩) আদাঃ আদাই মূৰত থকা ৰক্তবাহী নলীৰ ফুলা কমোৱাত সহায় কৰে। ইয়াৰ ব্যৱহাৰে মূৰৰ বিষ কমায়। ইয়াৰ বাবে আদাৰ ৰস আৰু নেমুৰ ৰস সমান পৰিমাণে মিহলাই দিনটোত এবাৰ বা দুবাৰ খাব লাগে। ইয়াৰ উপৰিও আদাৰ গুড়ি বা কেঁচা আদা পানীত উতলাই সেই পানীৰ ভাপ ল’লেও সকাহ পোৱা যায়।

৪) পদিনা: মূৰৰ বিষত পদিনাৰ ৰসো অতি উপকাৰী। পদিনাত পোৱা মেন্থন আৰু মেন্থনৰ উপাদানে মূৰৰ বিষৰ পৰা তৎক্ষণাত সকাহ দিয়ে। পদিনা পাত কেইটামান লৈ তাৰ ৰস কপালত লগাব লাগে। এনে কৰিলে কেইমিনিটমানৰ ভিতৰতে মূৰৰ বিষ কমি যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ