--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক  : আমিৰ খানৰ ছবি ‘দংগল’ত ববিতা ফ’গাটৰ (শৈশৱ)ৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুহানী ভটনগৰৰ ১৬ ফেব্ৰুৱাৰীত মাত্ৰ ১৯ বছৰ বয়সতে মৃত্যু হয়। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছে যে তেওঁ ‘ডাৰ্মাট’মাইঅ’চাইটিছ’ নামৰ এক বিৰল ৰোগত আক্ৰান্ত আছিল। যোৱা ৭ ফেব্ৰুৱাৰীত তেওঁক দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল।

* ডাৰ্মাট’মাই’চাইটিছ কি?

ডাৰ্মাট’মাইঅ’চাইটিছ হৈছে এক বিৰল অটোইম্যুন ৰোগ যিয়ে ছাল আৰু পেশীত প্ৰদাহ সৃষ্টিৰ লগতে ছালত ফোহা ওলায়, পেশী দুৰ্বল হৈ পৰে আৰু অত্যধিক বিষ হয়। কি কাৰণ এই দুৰাৰোগ্য ৰোগ হয়, সেই বিষয়ে চিকিৎসা বিজ্ঞানতো ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। কিন্তু কিছুমান জিনীয় কাৰকে ইয়াৰ কাৰণ হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। তেওঁৰ পৰিয়ালৰ লোকে জনাইছিল যে প্ৰায় দুমাহ আগতে তেওঁৰ হাতত ৰঙা দাগ ওলাইছিল। আমি এলাৰ্জী বুলি ভাবি ফৰিদাবাদৰ বহু চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ লৈছিলো যদিও ৰোগ নিৰ্ণয় কৰিব পৰা নগ’ল। যেতিয়া তেওঁৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে, আমি তেওঁক দিল্লী-এইমছত ভৰ্তি কৰিলোঁ যদিও কোনো উন্নতি নহ’ল আৰু অত্যধিক তৰল পদাৰ্থ জমা হোৱাৰ বাবে হাওঁফাওঁৰ ক্ষতি হ’ল।

* ডাৰ্মাট’মাইঅ’চাইটিছৰ আশংকা কেনে লোকৰ ক্ষেত্ৰত দেখা যায়?

যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতো ডাৰ্মাট’মাই’চাইটিছ হ’ব পাৰে যদিও ৪০ৰ পৰা ৬০ বছৰ বয়সৰ লোক আৰু ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়।

* ডাৰ্মাট’মাই’চাইটিছৰ চিকিৎসা আৰু নিৰাময়-

ডাৰ্মাট’মাইঅ’চাইটিছৰ লক্ষণসমূহ চিনাক্ত তথা চিকিৎসা কৰিবলৈ আৰু ইয়াক ৰোধ কৰিবলৈ আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰাটো অতি প্ৰয়োজন। চিকিৎসাৰ পদ্ধতিত ঔষধ, পেশীৰ শক্তি আৰু কাৰ্য্যক্ষমতা বজাই ৰাখিবলৈ শাৰীৰিক চিকিৎসা, কেতিয়াবা ইমিউন’চাপ্ৰেচন থেৰাপী আদি দিয়া হয়।

* ডাৰ্মাট’মাইঅ’চাইটিছৰ লক্ষণসমূহ কি কি?

১. ছালত অত্যধিক ফোহা হোৱা

২. সাধাৰণতে মুখমণ্ডল, চকুৰ পতা, কঁকালত ফোহা হ’ব পাৰে।

৩. ফোহা প্ৰায়ে ৰঙা বা বেঙুনীয়া ৰঙৰ হ’ব পাৰে

৪. সূৰ্যৰ পোহৰত ছালৰ সংবেদনশীলতা বাঢ়ি হোৱা

৫. নখৰ আকাৰ সলনি হোৱা

৬. পেশীৰ দুৰ্বল অনুভৱ কৰা আৰু বিষ

৭. কান্ধ আৰু নিতম্বৰ চাৰিওফালে থকা পেশীবোৰত তীব্ৰ বিষ অনুভৱ কৰা

৮. অত্যধিক ভাগৰ অনুভৱ কৰা

৯. যিকোনো খাদ্য গিলিবলৈ অসুবিধা পোৱা

১০. গাঁঠিয়ে গাঁঠিয়ে বিষ অনুভৱ কৰা

* ডাৰ্মাট’মাইঅ’চাইটিছ হৈছে এক দুৰাৰোগ্য ৰোগ-

হপকিন্সমেডিচিনৰ মতে ডাৰ্মেট’মাইঅ’চাইটিছ হৈছে এক বিৰল ৰোগ যাৰ ফলত পেশী দুৰ্বল হৈ ছালৰ ফোহা ওলায়। লক্ষণসমূহ হ’ল-ৰ’দত থকা ছাল আৰু চকুৰ পতাত ৰঙা বা বেঙুনীয়া ৰঙৰ ফোহা ওলোৱা, ছালৰ তলত কেলচিয়াম জমা হোৱা, পেশীৰ দুৰ্বলতা আৰু কথা কোৱা বা গিলিবলৈ অসুবিধা হোৱা। চিন্তাৰ বিষয় যে ইয়াৰ কোনো নিৰাময় নাই যদিও লক্ষণ কমোৱাৰ বাবে চিকিৎসা কৰা হয়। ইয়াৰ জটিলতাসমূহৰ ভিতৰত হাওঁফাওঁৰ ৰোগ, হৃদৰোগ আৰু কেন্সাৰ আদি অন্যতম। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement