--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক  : আমিৰ খানৰ ছবি ‘দংগল’ত ববিতা ফ’গাটৰ (শৈশৱ)ৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সুহানী ভটনগৰৰ ১৬ ফেব্ৰুৱাৰীত মাত্ৰ ১৯ বছৰ বয়সতে মৃত্যু হয়। টি অ’ আইৰ প্ৰতিবেদন অনুসৰি তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছে যে তেওঁ ‘ডাৰ্মাট’মাইঅ’চাইটিছ’ নামৰ এক বিৰল ৰোগত আক্ৰান্ত আছিল। যোৱা ৭ ফেব্ৰুৱাৰীত তেওঁক দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল।

* ডাৰ্মাট’মাই’চাইটিছ কি?

ডাৰ্মাট’মাইঅ’চাইটিছ হৈছে এক বিৰল অটোইম্যুন ৰোগ যিয়ে ছাল আৰু পেশীত প্ৰদাহ সৃষ্টিৰ লগতে ছালত ফোহা ওলায়, পেশী দুৰ্বল হৈ পৰে আৰু অত্যধিক বিষ হয়। কি কাৰণ এই দুৰাৰোগ্য ৰোগ হয়, সেই বিষয়ে চিকিৎসা বিজ্ঞানতো ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। কিন্তু কিছুমান জিনীয় কাৰকে ইয়াৰ কাৰণ হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। তেওঁৰ পৰিয়ালৰ লোকে জনাইছিল যে প্ৰায় দুমাহ আগতে তেওঁৰ হাতত ৰঙা দাগ ওলাইছিল। আমি এলাৰ্জী বুলি ভাবি ফৰিদাবাদৰ বহু চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ লৈছিলো যদিও ৰোগ নিৰ্ণয় কৰিব পৰা নগ’ল। যেতিয়া তেওঁৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে, আমি তেওঁক দিল্লী-এইমছত ভৰ্তি কৰিলোঁ যদিও কোনো উন্নতি নহ’ল আৰু অত্যধিক তৰল পদাৰ্থ জমা হোৱাৰ বাবে হাওঁফাওঁৰ ক্ষতি হ’ল।

* ডাৰ্মাট’মাইঅ’চাইটিছৰ আশংকা কেনে লোকৰ ক্ষেত্ৰত দেখা যায়?

যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতো ডাৰ্মাট’মাই’চাইটিছ হ’ব পাৰে যদিও ৪০ৰ পৰা ৬০ বছৰ বয়সৰ লোক আৰু ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়।

* ডাৰ্মাট’মাই’চাইটিছৰ চিকিৎসা আৰু নিৰাময়-

ডাৰ্মাট’মাইঅ’চাইটিছৰ লক্ষণসমূহ চিনাক্ত তথা চিকিৎসা কৰিবলৈ আৰু ইয়াক ৰোধ কৰিবলৈ আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰাটো অতি প্ৰয়োজন। চিকিৎসাৰ পদ্ধতিত ঔষধ, পেশীৰ শক্তি আৰু কাৰ্য্যক্ষমতা বজাই ৰাখিবলৈ শাৰীৰিক চিকিৎসা, কেতিয়াবা ইমিউন’চাপ্ৰেচন থেৰাপী আদি দিয়া হয়।

* ডাৰ্মাট’মাইঅ’চাইটিছৰ লক্ষণসমূহ কি কি?

১. ছালত অত্যধিক ফোহা হোৱা

২. সাধাৰণতে মুখমণ্ডল, চকুৰ পতা, কঁকালত ফোহা হ’ব পাৰে।

৩. ফোহা প্ৰায়ে ৰঙা বা বেঙুনীয়া ৰঙৰ হ’ব পাৰে

৪. সূৰ্যৰ পোহৰত ছালৰ সংবেদনশীলতা বাঢ়ি হোৱা

৫. নখৰ আকাৰ সলনি হোৱা

৬. পেশীৰ দুৰ্বল অনুভৱ কৰা আৰু বিষ

৭. কান্ধ আৰু নিতম্বৰ চাৰিওফালে থকা পেশীবোৰত তীব্ৰ বিষ অনুভৱ কৰা

৮. অত্যধিক ভাগৰ অনুভৱ কৰা

৯. যিকোনো খাদ্য গিলিবলৈ অসুবিধা পোৱা

১০. গাঁঠিয়ে গাঁঠিয়ে বিষ অনুভৱ কৰা

* ডাৰ্মাট’মাইঅ’চাইটিছ হৈছে এক দুৰাৰোগ্য ৰোগ-

হপকিন্সমেডিচিনৰ মতে ডাৰ্মেট’মাইঅ’চাইটিছ হৈছে এক বিৰল ৰোগ যাৰ ফলত পেশী দুৰ্বল হৈ ছালৰ ফোহা ওলায়। লক্ষণসমূহ হ’ল-ৰ’দত থকা ছাল আৰু চকুৰ পতাত ৰঙা বা বেঙুনীয়া ৰঙৰ ফোহা ওলোৱা, ছালৰ তলত কেলচিয়াম জমা হোৱা, পেশীৰ দুৰ্বলতা আৰু কথা কোৱা বা গিলিবলৈ অসুবিধা হোৱা। চিন্তাৰ বিষয় যে ইয়াৰ কোনো নিৰাময় নাই যদিও লক্ষণ কমোৱাৰ বাবে চিকিৎসা কৰা হয়। ইয়াৰ জটিলতাসমূহৰ ভিতৰত হাওঁফাওঁৰ ৰোগ, হৃদৰোগ আৰু কেন্সাৰ আদি অন্যতম। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন