--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা পুনৰ দামবৃদ্ধিৰ বোজা সহিবলৈ সাজু হওক আপুনি৷ জিএছটি পৰিষদৰ বৈঠকৰ পাছত আজিৰ পৰা বৃদ্ধি হ’ব কেইবাবিধো সামগ্ৰীৰ দাম৷ বৃদ্ধি পাব চাউলৰ মূল্য৷ আনকি, চিকিৎসালয়ৰ কোঠাবোৰো হৈ পৰিব ব্যয়বহুল৷

জিএছটি বৃদ্ধি পোৱাৰ ফলত দাম বৃদ্ধি পাব দৈ, লাচী, চিকিৎসালয় আৰু হোটেলৰ কোঠাৰ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত চাউলো হৈ পৰিব ব্যয়বহুল৷ জিএছটি বোৰ্ডৰ ৪৭সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, আজিৰ পৰা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা সহিবলৈ সাজু হ’ব লাগিব জনতা।

কি কি খাদ্যসামগ্ৰীৰ কিমান পৰিমাণৰ জিএছটি বৃদ্ধি পাব?
পেকেট কৰা দৈ, লাচি, বাটাৰমিল্ক ৫ শতাংশকৈ  বৃদ্ধি পাব৷ বেংক চেক বা চেকবুক জাৰি কৰিছে ১৮ শতাংশকৈ৷ একেদৰে, ১৮ শতাংশকৈ বৃদ্ধি পাব এলইডি লাইট, লেম্প আৰু ফিক্সাৰৰ৷ চিয়াহী মুদ্ৰণত দাম বাঢ়িব ১৮ শতাংশকৈ৷ ব্লেড, চুৰি, পেঞ্চিল কাটাৰ, চামুচ, ফৰ্ক, স্কিমাৰৰ দাম বাঢ়িব ১৮ শতাংশকৈ৷ বৈদ্যুতিক পাম্প, চাবমাৰ্চিবল পাম্প, গভীৰ টিউবেল টাৰ্বাইন, চাইকেল পাম্পৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷

একেদৰে, ১৮ শতাংশকৈয়ে দাম বৃদ্ধি পাব শস্য উঠোৱা আৰু গ্ৰাইণ্ডিং মেচিনত৷ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷ কণী পৰিস্কাৰ কৰা আৰু চৰ্টিং যন্ত্ৰৰো ১৮ শতাংশ, অংকন সঁজুলি ১৮ শতাংশ, সৌৰ পানী হিটাৰ ১২ শতাংশ, ফিনিছ চামৰা ১২ শতাংশ, মানচিত্ৰ, মানচিত্ৰ কিতাপ, দেৱালৰ মানচিত্ৰ, ভৌগোলিক সঁজুলি, মুদ্ৰিত গ্লোবৰ ১২ শতাংশকৈ ব্যয় বৃদ্ধি পাব৷ 

আনহাতে, পিছ পৰি নৰ’ব হোটেল, হাস্পতালৰ কোঠাও৷ প্ৰতিদিনে ১,০০০ টকা মূল্যৰ হোটেলৰ কোঠাৰ নিৰিখ বাঢ়িব ১২ শতাংশকৈ৷ একেদৰে, আইচিইউ অবিহনে প্ৰতিদিনে ৫,০০০ টকা মূল্যৰ এখন চিকিৎসালয়ৰ কোঠাৰ ভাৰা বাঢ়িব ৫ শতাংশকৈ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ