--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা পুনৰ দামবৃদ্ধিৰ বোজা সহিবলৈ সাজু হওক আপুনি৷ জিএছটি পৰিষদৰ বৈঠকৰ পাছত আজিৰ পৰা বৃদ্ধি হ’ব কেইবাবিধো সামগ্ৰীৰ দাম৷ বৃদ্ধি পাব চাউলৰ মূল্য৷ আনকি, চিকিৎসালয়ৰ কোঠাবোৰো হৈ পৰিব ব্যয়বহুল৷

জিএছটি বৃদ্ধি পোৱাৰ ফলত দাম বৃদ্ধি পাব দৈ, লাচী, চিকিৎসালয় আৰু হোটেলৰ কোঠাৰ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত চাউলো হৈ পৰিব ব্যয়বহুল৷ জিএছটি বোৰ্ডৰ ৪৭সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, আজিৰ পৰা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা সহিবলৈ সাজু হ’ব লাগিব জনতা।

কি কি খাদ্যসামগ্ৰীৰ কিমান পৰিমাণৰ জিএছটি বৃদ্ধি পাব?
পেকেট কৰা দৈ, লাচি, বাটাৰমিল্ক ৫ শতাংশকৈ  বৃদ্ধি পাব৷ বেংক চেক বা চেকবুক জাৰি কৰিছে ১৮ শতাংশকৈ৷ একেদৰে, ১৮ শতাংশকৈ বৃদ্ধি পাব এলইডি লাইট, লেম্প আৰু ফিক্সাৰৰ৷ চিয়াহী মুদ্ৰণত দাম বাঢ়িব ১৮ শতাংশকৈ৷ ব্লেড, চুৰি, পেঞ্চিল কাটাৰ, চামুচ, ফৰ্ক, স্কিমাৰৰ দাম বাঢ়িব ১৮ শতাংশকৈ৷ বৈদ্যুতিক পাম্প, চাবমাৰ্চিবল পাম্প, গভীৰ টিউবেল টাৰ্বাইন, চাইকেল পাম্পৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷

একেদৰে, ১৮ শতাংশকৈয়ে দাম বৃদ্ধি পাব শস্য উঠোৱা আৰু গ্ৰাইণ্ডিং মেচিনত৷ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷ কণী পৰিস্কাৰ কৰা আৰু চৰ্টিং যন্ত্ৰৰো ১৮ শতাংশ, অংকন সঁজুলি ১৮ শতাংশ, সৌৰ পানী হিটাৰ ১২ শতাংশ, ফিনিছ চামৰা ১২ শতাংশ, মানচিত্ৰ, মানচিত্ৰ কিতাপ, দেৱালৰ মানচিত্ৰ, ভৌগোলিক সঁজুলি, মুদ্ৰিত গ্লোবৰ ১২ শতাংশকৈ ব্যয় বৃদ্ধি পাব৷ 

আনহাতে, পিছ পৰি নৰ’ব হোটেল, হাস্পতালৰ কোঠাও৷ প্ৰতিদিনে ১,০০০ টকা মূল্যৰ হোটেলৰ কোঠাৰ নিৰিখ বাঢ়িব ১২ শতাংশকৈ৷ একেদৰে, আইচিইউ অবিহনে প্ৰতিদিনে ৫,০০০ টকা মূল্যৰ এখন চিকিৎসালয়ৰ কোঠাৰ ভাৰা বাঢ়িব ৫ শতাংশকৈ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক