--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে জনতাক৷ আকাশলংঘী দামবৃদ্ধিত দিকবিদিগ হেৰুৱাইছে সাধাৰণ জনতাই৷ বিলাহীৰ দামে গঢ়িছে অভিলেখ৷ তাৰ মাজতেই বৃহৎ পৰিমাণৰ বিলাহী চুৰি হোৱাৰ খবৰ আহি পৰিছে৷ 

কৰ্ণাটকৰ হাছান জিলাত অচিনাক্ত দুৰ্বৃত্তই এখন খেতিপথাৰৰ পৰা ১.৫ লাখ টকাৰ বিলাহী চুৰি কৰি পলাই যোৱাৰ অভিযোগ উঠিছে৷ গোনি সোমানাহাল্লি গাঁৱৰ ফাৰ্মত উপস্থিত হোৱাৰ পাছত ধৰণী নামৰ এজন কৃষকে তেওঁ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা বিলাহী চুৰি হোৱা দেখি হতবাক হৈ পৰে, যাৰ পাছত তেওঁ হালেবিদু আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

কৃষকজনৰ মতে, চোৰে প্ৰায় ৫০-৬০খন মোনা লৈ খেতিপথাৰত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে ১.৫ লাখ টকা মূল্যৰ বিলাহী লৈ পলাই গৈছিল।

আৰক্ষীয়ে কৃষকজনৰ গোচৰটোৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩৭৯ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। তথ্য অনুসৰি, বেংগালুৰুত বিলাহীৰ বৰ্তমান মূল্য প্ৰতি কিলোগ্ৰামত ১০০-১২০ টকাৰ ভিতৰত। আকাশচুম্বী বিলাহীৰ মূল্য এই বছৰ কৰ্ণাটকৰ কিছু কিছু ঠাইত বৰষুণৰ অভাৱ আৰু সাৰৰ অত্যধিক মূল্যৰ বাবে বৃদ্ধি হৈছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস