ডিজিটেল ডেস্কঃ দুবছৰ পাৰ হ’ল ভাৰতৰ জনজাতীয় আৰু দলিত অধিকাৰ কৰ্মী ষ্টান স্বামীৰ মৃত্যুৰ। ৮৪ বৰ্ষীয় স্বামীৰ মৃত্যু হৈছিল কাৰাবাস খাটি থকা অৱস্থাতে। মানৱ অধিকাৰ কৰ্মীজনৰ সমৰ্থকসকলে কৈ আহিছে যে তে্ওঁক ৰাষ্ট্ৰ তথা চৰকাৰে তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি পঠিওৱা হ’ল।
উল্লেখযোগ্য যে স্বামীৰ অধিবক্তাসকলে কেইবাবাৰো জামিন আবেদন কৰি আহিছিল কিন্তু এইসমূহ নাকচ কৰা হৈছিল। ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সময়ত এজন অশীতিপৰ বৃদ্ধক এইদৰে বাৰম্বাৰ জামিন আবেদন নাকচ কৰি কাৰাগাৰত ৰখাক লৈ সামাজিক মাধ্যমত বহুজনে চৰকাৰৰ প্ৰতি খেদ প্ৰকাশ কৰি আহিছিল।
সন্ত্ৰাসবাদৰ গোচৰত অভিযুক্ত দেশৰ আটাইতকৈ বয়সস্থ ব্যক্তি স্বামীয়ে পাৰ্কিনচন’ছ ডিজিজত দীৰ্ঘদিন ধৰি ভুগি আছিল।মুম্বাইৰ তাজলা কেন্দ্ৰীয় কাৰাগাৰতে স্বামীৰ ক’ভিড সংক্ৰমণ হোৱাত তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। অৱশেষত মুম্বাইস্থিত হলি ফেমিলি হস্পিতালত কাৰ্ডিয়াক এৰেষ্টৰ ফলত শেষ নিঃশ্বাস ত্যাগ কৰে তেওঁ।
এই মৃত্যুক দেশৰ প্ৰখ্যাত বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহে দেশৰ ‘ন্যায়ব্যৱস্থাই কৰা হত্যাকাণ্ড’ হিচাপে অভিহিত কৰিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কৰ্মী মেৰী লাউলৰে কৈছিল যে কাৰাগাৰত থকা অৱস্থাতে স্বামীৰ মৃত্যুৰ খবৰ লাভ কৰি তেওঁ হতভম্ব হৈ পৰিছে।
এইখিনিতে আমি উল্লেখ কৰা ভাল হ’ব কি গোচৰৰ ভিত্তিত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল? ২০১৭ চনৰ ৩১ ডিচেম্বৰত দলিতসকলৰ এক প্ৰতিবাদত মুম্বাইৰ জনজীৱন স্তব্ধ হৈ পৰিছিল। দেশৰ সোঁপন্থী হিন্দুত্বত্ববাদীসকলৰ বিৰুদ্ধে আয়োজন কৰা এই প্ৰতিবাদক ভীমা-কৰেগাঁও সংঘৰ্ষ নামেৰে জনা যায়।
উল্লেখযোগ্য যে ১৮১৮ চনৰ ১ জানুৱাৰীত মুম্বাইৰ কৰেগাওঁনিবাসী দলিতসকলে ব্ৰিটিছৰে লগ হৈ বাজী ৰাও দ্বিতীয় নামৰ এজন উচ্চবৰ্ণৰ ৰজা তথা শাসকক ক্ষমতাচ্যুত কৰিছিল, ইয়াক জাতি বৈষম্যবিৰোধী প্ৰথমখন যুদ্ধ বুলি দলিতসকলে অভিহিত কৰে। তেতিয়াৰে পৰা এই বিজয়ক দলিতসকলে উদযাপন কৰি আহিছে।
২০১৮ চনত ইয়াৰ ২০০ বছৰ পূৰ্তি হয় আৰু এই উপলক্ষে ‘এলগাৰ পৰিষদ’ নামৰ দলিত সংগঠনৰ আয়োজনত আড়ম্বৰপূৰ্ণভাৱে বিজয় দিৱস পালন কৰা হয়। কিন্তু স্থানীয় হিন্দুত্ববাদী সংগঠনসমূহৰ সদস্যই গেৰুৱা পতাকা লৈ প্ৰতিবাদস্থলীত হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰে। ইয়াৰ কাৰণ আছিল ২০০ বছৰ পূৰ্বে যিগৰাকী শাসকক দলিতসকলে ক্ষমতাচ্যুত কৰিছিল, তেওঁক উচ্চবৰ্ণৰ হিন্দু আছিল। হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে প্ৰতিবাদকাৰীসকললৈ শিলাবৰ্ষণ কৰে, গাড়ীসমূহ ধ্বংস কৰে আৰু দলিতসকলৰ প্ৰতিকসম্বলিত ছৱিসমূহো আক্ৰমণৰ লক্ষ্য কৰি লয়। পাছদিনা ভীমা-কৰেগাঁৱৰ দলিতসকলে হিন্দুত্ববাদী সংগঠনসমূহৰ বিৰুদ্ধে এটা প্ৰতিবাদী সমদল যাত্ৰা কৰে। হাজাৰ হাজাৰ দলিত লোকৰ ‘জয় ভীম’ ধ্বনিৰে স্তব্ধ হৈ পৰে মুম্বাই তথা সমগ্ৰ মহাৰাষ্ট্ৰৰ জনজীৱন। সমদলটোতো হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু এজন ১৬ বৰ্ষীয় যুৱকৰ মৃত্যু হয়।
অনুসন্ধানকালত সংঘৰ্ষটোত ১৬ জনকৈ প্র্খ্যাত মানৱ অধিকাৰ কৰ্মী, শিক্ষাবিদ অধিবক্তা, কবি অভিযুক্ত হয়। ইয়াত বৃত্তিগতভাৱে এজন গীৰ্জাৰ পুৰোহিত ষ্টান স্বামীক মূল মাষ্টাৰমাইণ্ড হিচাপে অভিযুক্ত কৰা হয়। ভীমা-কৰেগাঁৱৰ লগতে মাওবাদী গোষ্ঠীৰ স’তে সম্পৰ্ক থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা তথা নিয়াই স্বামীক ২০২০ চনৰ ৮ অক্টোবৰৰ মাজৰাতি ঝাৰখণ্ডৰ ৰাজধানীৰ ৰাঁচীৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁক আঠ মাহ ধৰি মুম্বাই কাৰাগাৰত ৰখা হয়।
তেওঁৰ ওপৰত আৰোপিত সকলো অভিযোগ স্বামীয়ে অস্বীকাৰ কৰি কৈছিল যে তেওঁ কোনো মাওবাদী গোষ্ঠীৰ স’তে জড়িত নহয়, বৰঞ্চ ঝাৰখণ্ডৰ আদিবাসীসকলৰ ভূমি সংগ্ৰাম আৰু মানৱ অধিকাৰৰ স’তেহে জড়িত হৈ আহিছে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতে শশী থাৰুৰ, সীতাৰাম য়েছুৰীকে ধৰি দেশৰ বিৰোধী ৰাজনীতিবিদসমূহে প্ৰতিবাদ কৰে। কাৰাগাৰত থকা সময়ছোৱাতে স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটে। আনকি তেওঁ খাদ্য খোৱাৰ শক্তিও হেৰুৱাই পেলায়। এইক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষই স্বামীৰ স্বাস্থ্যৰ ওপৰত চূড়ান্ত হেমাহি কৰি অহা বুলিও সমালোচনা কৰা হৈছিল। আনকি স্বামীয়ে নিজেই কৈছিল যে তেওঁক এনেদৰে অত্যাচাৰ কৰি থাকিলে হয়তো খুব সোনকালেই মৃত্যুক আঁকোৱালি ল’ব।
এইখিনিতে জানো আহক ষ্টেন স্বামীয়ে নিজৰ সুদীৰ্ঘ জীৱনকালত এনে কি কাম কৰিছিল, যাৰ বাবে ভাৰত ৰাষ্ট্ৰই তেওঁক তিল তিলকৈ কাৰাগাৰত হত্যা কৰিবলৈ বাধ্য হ’ল! স্বামীৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৬ এপ্ৰিলত তামিলনাডুৰ ত্ৰিচী নামৰ ঠাইকনত। তেওঁৰ দেউতাক আছিল এজন কৃষক। সত্তৰৰ দশকত তেওঁ ফিলিপাইনছৰ ইউনিভাৰ্চিটি অৱ মেনিলাত ধৰ্মতত্ব বিষয়ত অধ্যয়ন কৰে আৰু সমাজতত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উক্ত সময়ছোৱাতে ফিলিপাইনছৰ স্বেচ্ছাচাৰী ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছৰ বিৰুদ্ধে দেশখনত চলি থকা প্ৰতিবাদ আৰু আন্দোলন প্ৰত্যক্ষ কৰে। তাৰপাছতে তেওঁ বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছলৈ উচ্চশিক্ষাৰ বাবে যায় আৰু তাত ব্ৰাজিলৰ বৈপ্লৱিক শিক্ষাবিদ পাউলো ফ্ৰেইৰেৰ সংগ লাভ কৰি সমাজ পৰিৱৰ্তনৰ প্ৰতি উৎসাহী হয়।
উল্লেখযোগ্য যে সেই সময়ছোৱাত ব্ৰাজিল, নিকাৰাগুৱা, কিউবা ইত্যাদি লেটিন আমেৰিকান দেশসমূহত শাসকপক্ষৰ বিৰুদ্ধে জনগণৰ বিপ্লৱ সংঘটিত হৈ আছিল। ষ্টান স্বামীয়ে এইসমূহ ঘটনাৰাজীৰ স’তে সচেতন হয়। ব্ৰাজিলৰ কিংম্বদন্তী কেথলিক আৰ্কবিশ্বপ হেল্ডাৰ কামাৰাৰ সংগো তেওঁ লাভ কৰে। হেল্ডাৰ কামাৰাই ব্ৰাজিলৰ দৰিদ্ৰপীড়িত লোকসকলৰ হৈ মাত মাতি আহিছিল, যাৰ বাবে কামাৰাক ‘কমিউনিষ্ট’ আখ্যা প্ৰদান কৰি অত্যাচাৰো চলোৱা হৈছিল।
লাহে লাহে স্বামীয়ে ভাৰতৰ দলিত, আদিবাসীৰ দৰে পিচপৰা সম্প্ৰদায়সমূহৰ হৈ কাম কৰিবলৈ আগবাঢ়ে। প্ৰথম অৱস্থাত বাংগালোৰৰ পৰাই এই কাম আৰম্ভ কৰে। পিচপৰা এই সম্প্ৰদায়সমূহৰ সাংবিধানিক সুৰক্ষা, মানৱ অধিকাৰৰ হকে তেওঁ ঝাৰখণ্ডৰ মাওবাদী অধ্যুসিত আদিবাসী অঞ্চলসমূহত সোমাই পৰে। যোৱা দুটা দশকধৰি ঝাড়খণ্ডৰ খনি, বান্ধ আৰু টাউনশ্বিপসমূহে কিদৰে আদিবাসীসকলৰ ভূমিসমূহ কাঢ়ি নিছে, সেই বিষয়ে স্বামীয়ে সামাজিক সজাগতা অভিযান কৰি আহিছিল। দেশৰ বৃহৎ কৰ্পৰেট গোষ্ঠীসমূহে আদিবাসীসকলৰ প্ৰতি চলোৱা এই শোষণ সম্পৰ্কত তেওঁ যথেষ্ট লেখা-মেলাও কৰিছিল। তদুপৰি ঝাৰখণ্ডত মাওবাদী কাৰ্যকলাপৰ সন্দেহত কাৰাবন্দী হৈ থকা ৩,০০০ জন যুৱক-যুৱতীৰ মুক্তিৰ বাবেও উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।
কাৰাবন্দী হোৱাৰ দুদিন পূৰ্বে এটা ভিডিঅ’ বাৰ্তাযোগে স্বামীয়ে এইদৰে কৈছিল- ‘‘মোৰ স’তে যি হ’ব ধৰিছে, সেয়া কেৱল মোৰ স’তেই হোৱা নাই। সমগ্ৰ দেশখনতে এই পক্ৰিয়া চলি আছে। আমি প্ৰত্যক্ষ কৰিছো কিদৰে বিশিষ্ট বুদ্ধিজীৱী, অধিবক্তা, লেখক, কবি, সমাজকৰ্মী, শিক্ষাৰ্থী, নেতাবিলাকক কাৰাগাৰলৈ প্ৰক্ষেপ কৰা হৈছে, কাৰণ তেওঁলোকে তেওঁলোকৰ মতবিৰোধিতা প্ৰকাশ কৰিছে অথবা ভাৰতৰ ক্ষমতাধীষ্ঠ শক্তিসমূহক প্ৰশ্ন কৰিছে। আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ অংশ। এই অনুসৰি মই এই প্ৰক্ৰিয়াটোৰ অংশ হ’বলৈ পাই সুখী। মই নীৰৱ দৰ্শক নহয়, বিপৰীতে এই খেলটোৰ এটা অংশ আৰু যিকোনো মূল্য প্ৰদান কৰিবলৈ মই সাজু।’’
কাৰাগাৰত থকাৰ সময়ছোৱাতো তেওঁ কাৰাগাৰত থকা কয়দীসকলৰ দুৰৱস্থাক লৈ সোচ্চাৰ হৈ পৰিছিল। এখন পত্ৰত তেওঁ লিখিছিল যে কয়দীসকলৰ বহুতেই নাজানে কি অভিযোগত তেওঁলোকে কাৰাবাস খাটি আছে, আনকি তেওঁলোকৰ ওপৰত আৰোপিত গোচৰনামাও দেখা পোৱা নাই, কেৱল বছৰ বছৰ ধৰি কাৰাবাস খাটি আছে। পত্ৰখন তেওঁ এটা কবিতাৰ শাৰীৰে শেষ কৰিছিল। স্বামীৰ মৃত্যুৰ পাছত এই শাৰীকেইটা প্ৰতিবাদী শ্লোগান হৈ পৰা দেখা গৈছে। সেয়া হৈছে- ‘‘...কিন্তু আমি এতিয়াও কোৰাচসমূহ গাই আছো। এটা সজাবন্দী পক্ষীয়েও গান গাব পাৰে।’’