--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ পুত্ৰ কণমানি টাইমুৰ আলী খানৰ জন্মৰ পৰাই লাভ কৰিছে এক সুকীয়া জনপ্ৰিয়তা লাভ। সৰু সৰু ভৰিৰে এখোজ-দুখোজ কৈ আগবাঢ়ি পাঁচ বছৰত ভৰি দিলে টাইমুৰে ৷ কেমেৰা দেখিলেই আগবাঢ়ি আহে টাইমুৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱা টাইমুৰৰ ফটোৱে আপ্লুট কৰিছে অনুৰাগীক। তেওঁৰ জনপ্ৰিয়তা এজন তাৰকাতকৈ কম নহয়। অপেক্ষা মাথোন ডাঙৰ পৰ্দাৰ আত্মপ্ৰকাশৰ। এইবাৰ অক্ষয় কুমাৰে অনুৰাগীসকলৰ প্ৰত্যাশা পূৰণ কৰিবলৈ গৈ আছে। 'মই খিলাড়ী তু আনাৰী'ৰ পৰা 'তাচন'লৈকে, অক্ষয় কুমাৰে চেইফ আলী খানৰ সৈতে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ কৰীণাৰ সৈতে 'এতৰাজ' আৰু 'গুড নিউজ'ত অভিনয় কৰিছে। তেওঁ কৰীণাৰ ভগ্নী কৰিশ্মা কাপুৰৰ সৈতেও অভিনয় কৰিছে। আনকি শেহতীয়াকৈ, অক্ষয়ক চেইফৰ জীয়ৰী চাৰা আলী খানৰ সৈতে 'আট্ৰাংগী ৰে'ত দেখা গৈছিল। এতিয়া টাইমুৰৰ সৈতে অভিনয় কৰাৰ সময় অক্ষয়ৰ। টুইংকল খান্নাৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰত কৰীণাই কৈছিল যে, অক্ষয় কুমাৰে বহু নতুন অভিনেত্ৰীক সুযোগ দিছে৷ অক্ষয়ে যি অভিনয় কৰে সেই ছবিও হিট নোহোৱাৰ কোনো কাৰণেই নাথাকে৷ এনেসময়তে টুইংকলে কৈছিল যে অক্ষয়ে এই মুহূৰ্তত টাইমুৰৰ সৈতে এখন ছবিৰ পৰিকল্পনা কৰি আছে। সেই ছবিখনত দুজন অভিনেতা থাকিব বুলিও সদৰী কৰিছিল৷ তেওঁৰ পত্নী টুইংকলৰ সৈতেও এই কথা শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে।আৰু অতিশীঘ্ৰেই ইয়াৰ কাম আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে অনুৰাগীসকলক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ