--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ পুত্ৰ কণমানি টাইমুৰ আলী খানৰ জন্মৰ পৰাই লাভ কৰিছে এক সুকীয়া জনপ্ৰিয়তা লাভ। সৰু সৰু ভৰিৰে এখোজ-দুখোজ কৈ আগবাঢ়ি পাঁচ বছৰত ভৰি দিলে টাইমুৰে ৷ কেমেৰা দেখিলেই আগবাঢ়ি আহে টাইমুৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱা টাইমুৰৰ ফটোৱে আপ্লুট কৰিছে অনুৰাগীক। তেওঁৰ জনপ্ৰিয়তা এজন তাৰকাতকৈ কম নহয়। অপেক্ষা মাথোন ডাঙৰ পৰ্দাৰ আত্মপ্ৰকাশৰ। এইবাৰ অক্ষয় কুমাৰে অনুৰাগীসকলৰ প্ৰত্যাশা পূৰণ কৰিবলৈ গৈ আছে। 'মই খিলাড়ী তু আনাৰী'ৰ পৰা 'তাচন'লৈকে, অক্ষয় কুমাৰে চেইফ আলী খানৰ সৈতে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ কৰীণাৰ সৈতে 'এতৰাজ' আৰু 'গুড নিউজ'ত অভিনয় কৰিছে। তেওঁ কৰীণাৰ ভগ্নী কৰিশ্মা কাপুৰৰ সৈতেও অভিনয় কৰিছে। আনকি শেহতীয়াকৈ, অক্ষয়ক চেইফৰ জীয়ৰী চাৰা আলী খানৰ সৈতে 'আট্ৰাংগী ৰে'ত দেখা গৈছিল। এতিয়া টাইমুৰৰ সৈতে অভিনয় কৰাৰ সময় অক্ষয়ৰ। টুইংকল খান্নাৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰত কৰীণাই কৈছিল যে, অক্ষয় কুমাৰে বহু নতুন অভিনেত্ৰীক সুযোগ দিছে৷ অক্ষয়ে যি অভিনয় কৰে সেই ছবিও হিট নোহোৱাৰ কোনো কাৰণেই নাথাকে৷ এনেসময়তে টুইংকলে কৈছিল যে অক্ষয়ে এই মুহূৰ্তত টাইমুৰৰ সৈতে এখন ছবিৰ পৰিকল্পনা কৰি আছে। সেই ছবিখনত দুজন অভিনেতা থাকিব বুলিও সদৰী কৰিছিল৷ তেওঁৰ পত্নী টুইংকলৰ সৈতেও এই কথা শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে।আৰু অতিশীঘ্ৰেই ইয়াৰ কাম আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে অনুৰাগীসকলক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু