--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাৰ দৰেই বিচিত্ৰ তাৰকাসকলৰ জীৱন। বিশেষকৈ বলীউডত। ৰোমান্টিক চলচ্চিত্ৰৰ দৰে বলীউডৰ তাৰকাসকলৰ জীৱনো ৰোমাঞ্চেৰে ভৰপূৰ। কেতিয়াবা যদি প্ৰেম, কেতিয়াবা বিবাহ বিচ্ছেদ। তেওঁলোকৰ এনে ৰোমাঞ্চকৰ কাহিনীৰ গুঞ্জন প্ৰায়ে শুনিবলৈ পোৱা যায়। বলীউডত এনে অগণিত দম্পতী আছে যিয়ে বিবাহ বিচ্ছেদৰ পাছত পুনৰ কঁপাই তুলিছে ৰূপালী পৰ্দা। শ্বাহিদ কাপুৰ-কৰীণা কাপুৰৰ পৰা ৰণবীৰ কাপুৰ-কেটৰিনা কাঈফলৈকে এনে কিছুমান যুটি আছে। যিয়ে ব্ৰেকআপৰ পাছতো ৰূপালী পৰ্দাত পুনৰ একেলগে অভিনয় কৰিছে। (ক) ৰণবীৰ কাপুৰ-দীপিকা পাডুকন দীপিকা পাডুকন আৰু ৰণবীৰ কাপুৰ বলীউডৰ আটাইতকৈ চৰ্চিত দম্পতিৰ ভিতৰত অন্যতম। ‘বাচ্চনা এ হাসিনো’ ছবিখনৰ জৰিয়তে দুয়ো লগ হৈছিল। খুব কম সময়ৰ ভিতৰতে দুয়ো প্ৰেমত পৰিছিল। এওঁলোকৰ প্ৰেমৰ আনুগত্য দেখি সকলোৱে ইয়াক বলীউডৰ অমৰ প্ৰেম হিচাপে চিহ্নিত হ’ব বুলি ভাবিছিল। কিন্তু ভবামতে নহ’ল। দুবছৰ একেলগে থকাৰ পাছত ৰণবীৰ-দীপিকাই তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। বিচ্ছেদৰ এবছৰ পাছত ৰণবীৰ-দীপিকাই ‘ইয়ে জৱানী হে দিৱানী’ আৰু ‘তামাছা’ ছবিখনত অভিনয়ৰ বাবে আগবাঢ়ি আহিছিল। তেতিয়াৰে পৰা দুয়ো ইজনে-সিজনৰ ভাল বন্ধু হিচাপেই সমাদৃত হৈ পৰে বলীউডত। (খ) শ্বাহিদ কাপুৰ-কৰীণা কাপুৰ খান শ্বাহিদ কাপুৰ আৰু কৰীণা কাপুৰ খানৰ প্ৰেমকাহিনী বলীউডৰ আটাইতকৈ আকৰ্ষণীয় কাহিনীৰ ভিতৰত এটা। দুয়োজনৰ মাজত সম্পৰ্ক দীৰ্ঘদিনীয়া। ২০০৭ চনত মুক্তি পোৱা ইমতিয়াজ আলীৰ ‘জব উই মেট’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোক পৃথক হৈ যায়। ছবিখনে ব্যাপক সমাদৰ লাভ কৰিছিল। পৰৱৰ্তী সময়ত দুয়োজনে অন্তিমবাৰৰ বাবে ২০১৬ চনত মুক্তি পোৱা ‘উড়তা পাঞ্জাৱ’ ছবিত দেখিবলৈ পোৱা গৈছিল। (গ) ৰণবীৰ সিং-অনুষ্কা শৰ্মা বলীউড ৰ আন এটা বহুচৰ্চিত যুটি হৈছে ৰণবীৰ সিং আৰু অনুষ্কা শৰ্মা। ২০১০ চনত ‘বেণ্ড বাজা বাৰাট’ ছবিখনত একেলগে অভিনয় কৰিছিল দুয়ো। অনুৰাগীমহলত দুয়োৰে মাজত প্ৰেমজনিত সম্পৰ্ক থকা বুলি অনুমান কৰিছিল। কিন্তু তেওঁলোকে বাৰে বাৰে এই কথা অস্বীকাৰ কৰিছিল। বলীউড ত এই যুটিটোৰ আছে বিশেষ আকৰ্ষণ কিম্বা মৰ্যাদা। বিচ্ছেদৰ পাছতো জয়া আখটাৰৰ ‘দিল ধড়কনে দো’ ছবিত দুয়োজনে পুনৰ ইজনে সিজনৰ সৈতে ৰোমাঞ্চ কৰিছিল৷ স্মৰ্তব্য যে, ৰণবীৰে বৰ্তমান দীপিকা পাডুকনৰ সৈতে আৰু অনুষ্কা শৰ্মাই বিৰাট কোহলীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে৷ (ঘ) ৰণবীৰ কাপুৰ-কেটৰিনা কাঈফ বলীউডৰ আটাইতকৈ হিট দম্পতিৰ ভিতৰত অন্যতম আছিল ৰণবীৰ-কেটৰিনা।‘আজব প্ৰেম কি গজব কাহানী’ ছবিখনৰ জৰিয়তে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল দুয়ো। দুয়োৰে মাজত প্ৰেমজনিত সম্পৰ্ক থকাৰো গুজৱ উঠিছিল। সুদীৰ্ঘ ৬টা বছৰ একেলগে থকাৰ পাছত ২০১৫ চনত পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লয় ৰণবীৰ-কেটৰিনাই। বিচ্ছেদৰ পাছতো কেট আৰু ৰণবীৰে অনুৰাগ বসুৰ ‘জগ্গা জাসুছ’ ছবিত একেলগে কাম কৰিছিল। (ঙ) শ্ৰদ্ধা কাপুৰ-আদিত্য ৰয় কাপুৰ শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰৰ প্ৰেম ‘আশিকী ২’ চলচ্চিত্ৰৰ মাধ্যমেৰে অনস্ক্ৰীণত স্পষ্ট হৈ পৰিছিল। ছবিখনে কঢ়ি।য়াই অনা সাফল্যই তেওঁলোকক বছৰটোৰ আটাইতকৈ আকৰ্ষণীয় যুটিৰ কৃতিত্ব অৰ্জন কৰিছিল। তেওঁলোকৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছিল সেই বিষয়ে কেতিয়াও প্ৰকাশ কৰা নাছিল। অৱশ্যে, ৫বছৰীয়া সম্পৰ্কৰ পাছত দুয়ো পৃথক হৈ পৰে। তেওঁলোকৰ বিচ্ছেদৰ পাছত ‘অ'কে জানু’ নামৰ এখন ছবিত একেলগে অভিনয় কৰিছিল দুয়ো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ