--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিবাহৰ খবৰে উদূলি-মূদূলি হৈ পৰিছে হিন্দী টেলিভিছন জগত৷ সৰু পৰ্দাৰ অভিনেত্ৰী-ভিনেতাৰ বিবাহৰ খবৰে ৰজনজনাইছে ৷ অভিনেত্ৰী মৌনী ৰয়ৰ বিবাহৰ পাছত এইবাৰ বিবাহৰ গুণগুননি চলিছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ৷ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই এটা বিশেষ পোষ্টে অনুৰাগীক কৰিছে আকৰ্ষণ। অভিনেতা বিশাল সিঙৰ প্ৰেমত পৰিছে দেৱলীনা। দুয়োগৰাকীৰ প্ৰেমৰ মোহৰ মাৰি ছ'চিয়েল মিডিয়াত কৰিলে এটি পোষ্ট৷ দেৱলীনা অলপতে বিগ বছৰ ঘৰৰ পৰা ওলাই অহাৰ পাছত অসুস্থ হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ ভৰিত কৰোৱা হয় অস্ত্ৰোপচাৰো । অভিনেত্ৰীগৰাকী বৰ্তমান ঘৰতেই আছিল। ইয়াৰ মাজতে, দেৱলীনাক তেওঁৰ অনস্ক্ৰীণ দেওৰ অভিনেতা বিশাল সিঙে দিছিল এক প্ৰস্তাৱ। এই প্ৰস্তাৱ আছিল বিবাহৰ৷ বিশালে এটি ফুলৰ থোপা আৰু এটা আঙুঠি লৈ দেৱলীনাৰ ঘৰত উপস্থিত হৈছিল। খবৰ ল'বলৈ যোৱা বিশালে আঁঠুকাঢ়ি প্ৰেম নিবেদন কৰিছিল অভিনেত্ৰীগৰাকীক৷ দেৱলীনাই 'সাথ নিভানা সাথিয়া' ধাৰাবাহিকত গোপীৰ চৰিত্ৰত অভিনয় কৰিছিল৷ আনহাতে বিশালে দেওৰ জিগৰৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই ধাৰাবাহিকখনৰ জৰিয়তে দুয়োজনেই ইজনে-সিজনৰ কাষ চাপিছিল৷ অৱশেষত, অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ মনৰ মানুহজনৰ নাম প্ৰকাশ কৰিলে ছ'চিয়েল মিডিয়াত। পিছে বহুতৰ মতে এয়া অভিনেত্ৰীগৰাকীৰ আহিব লগীয়া এটি গানৰ প্ৰমোচন হে৷ দিঠকতে বিবাহৰ প্ৰস্তাৱ নে আন কিবা সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ'ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ