--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিবাহৰ খবৰে উদূলি-মূদূলি হৈ পৰিছে হিন্দী টেলিভিছন জগত৷ সৰু পৰ্দাৰ অভিনেত্ৰী-ভিনেতাৰ বিবাহৰ খবৰে ৰজনজনাইছে ৷ অভিনেত্ৰী মৌনী ৰয়ৰ বিবাহৰ পাছত এইবাৰ বিবাহৰ গুণগুননি চলিছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ৷ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই এটা বিশেষ পোষ্টে অনুৰাগীক কৰিছে আকৰ্ষণ। অভিনেতা বিশাল সিঙৰ প্ৰেমত পৰিছে দেৱলীনা। দুয়োগৰাকীৰ প্ৰেমৰ মোহৰ মাৰি ছ'চিয়েল মিডিয়াত কৰিলে এটি পোষ্ট৷ দেৱলীনা অলপতে বিগ বছৰ ঘৰৰ পৰা ওলাই অহাৰ পাছত অসুস্থ হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ ভৰিত কৰোৱা হয় অস্ত্ৰোপচাৰো । অভিনেত্ৰীগৰাকী বৰ্তমান ঘৰতেই আছিল। ইয়াৰ মাজতে, দেৱলীনাক তেওঁৰ অনস্ক্ৰীণ দেওৰ অভিনেতা বিশাল সিঙে দিছিল এক প্ৰস্তাৱ। এই প্ৰস্তাৱ আছিল বিবাহৰ৷ বিশালে এটি ফুলৰ থোপা আৰু এটা আঙুঠি লৈ দেৱলীনাৰ ঘৰত উপস্থিত হৈছিল। খবৰ ল'বলৈ যোৱা বিশালে আঁঠুকাঢ়ি প্ৰেম নিবেদন কৰিছিল অভিনেত্ৰীগৰাকীক৷ দেৱলীনাই 'সাথ নিভানা সাথিয়া' ধাৰাবাহিকত গোপীৰ চৰিত্ৰত অভিনয় কৰিছিল৷ আনহাতে বিশালে দেওৰ জিগৰৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই ধাৰাবাহিকখনৰ জৰিয়তে দুয়োজনেই ইজনে-সিজনৰ কাষ চাপিছিল৷ অৱশেষত, অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ মনৰ মানুহজনৰ নাম প্ৰকাশ কৰিলে ছ'চিয়েল মিডিয়াত। পিছে বহুতৰ মতে এয়া অভিনেত্ৰীগৰাকীৰ আহিব লগীয়া এটি গানৰ প্ৰমোচন হে৷ দিঠকতে বিবাহৰ প্ৰস্তাৱ নে আন কিবা সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ'ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু