--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুতৰে দাঁত হালধীয়া হোৱা সমস্যা হয়। ইয়াৰ কাৰণ হ’ব পাৰে অধিক চাহ-কফি খোৱাৰ অভ্যাস। যত্ন অভাৱৰ বাবেও দাঁতৰ হালধীয়া সমস্যা হ’ব পাৰে, বগা আৰু জিলিকি থকা দাঁতৰ বাবে এই টিপছবোৰ মানি চলক।

১. কমলা বাকলিৰে দাঁত ঘঁহিব লাগে-

কমলা খালে দাঁত হালধীয়া হোৱাৰ সমস্যাও দূৰ হয়। কমলাত ভিটামিন-চি থাকে। যিয়ে দাঁত বগা কৰাত সহায় কৰে। ই দাঁতৰ বেক্টেৰিয়া দূৰ সৃষ্টি কৰে। কমলাৰ বাকলি দাঁতত ঘঁহিলেও উপকৃত হ’ব। প্ৰতি নিশা কমলাৰ বাকলিৰে দাঁত ঘঁহিব লাগে সুফল পাব।

২. কুহুমীয়া পানী ব্যৱহাৰ কৰক-

চাহ বা কফি খোৱাৰ পাছত যদি ভালদৰে ব্ৰাছ কৰি গৰম পানীৰে মুখ ধুই পেলাই, তেন্তে দাঁত হালধীয়া হোৱাৰ সমস্যাই আপুনি সকাহ পাব। খাদ্য খোৱাৰ পাছত বা চাহ-কফি খোৱাৰ পাছত কুহুলীয়া পানীৰে মুখ ধুই পেলাব লাগে। ইয়াৰ দ্বাৰা উপকৃত হ’ব।

৩. আপেল খাওক-

আপেলেও দাঁতৰ দাগ আৰু হালধীয়া হোৱা সমস্যা দূৰ কৰে। এনে কৰিলে দাঁত বগা আৰু চিকচিকিয়া হৈ পৰিব। আপেলত মেলিক এচিড থাকে, যিটো এটা প্ৰাকৃতিক বগা কৰা এজেণ্ট। দৈনিক এটা আপেল খাব লাগে। ইয়াৰ ফলত দাঁতবোৰ এক্সফ’লিয়েট কৰাত সহায়ক হ’ব আৰু দাগৰ লগতে বেক্টেৰিয়াও নাইকিয়া হ’ব।

৪. তেল পুলিং-

তেলৰেও দাঁতৰ মলি আৰু হালধীয়া হোৱা সমস্যা আঁতৰাব পাৰে। ইয়াৰ ফলত দাঁতৰ পৰা বিষাক্ত পদাৰ্থ দূৰ হয়। দাঁতত নাৰিকল তেল ঘঁহিলে মুখৰ ভিতৰত থকা বেক্টেৰিয়াবোৰো নোহোৱা হৈ পৰে। সৰিয়হৰ তেল আৰু নিমখ মিহলাই দাঁতত ঘঁহি চাফা হয় আৰু এইটো এটা অতি পুৰণি পদ্ধতি। ইয়াৰ ফলত দাঁতবোৰ জিলিকি উঠে আৰু লগতে বেক্টেৰিয়াও নাশ কৰে।

৫. তুলসী-

তুলসীৰ বহুতো ঔষধি গুণ আছে। দাঁত আৰু দাঁতৰ সংক্ৰমণ দূৰ কৰিবলৈও তুলসী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাত দাঁতত ঘঁহিলে দাঁত পৰিষ্কাৰ হয়। ইয়াৰ উপৰি বেক্টেৰিয়া আৰু আন বহুতো বিষাক্ত পদাৰ্থও দূৰ কৰে। কিন্তু দাঁতত তুলসী বেছিকৈ তুলসী ব্যৱহাৰ কৰিলে দাঁতৰ ক্ষতিও হ’ব পাৰে। যদি আপোনাৰো দাঁতৰ এই সমস্যা আছে, তেন্তে কিছুমান সহজ টিপছ মানি চলক। ইয়াৰ দ্বাৰা উপকৃত হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ