--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুতৰে দাঁত হালধীয়া হোৱা সমস্যা হয়। ইয়াৰ কাৰণ হ’ব পাৰে অধিক চাহ-কফি খোৱাৰ অভ্যাস। যত্ন অভাৱৰ বাবেও দাঁতৰ হালধীয়া সমস্যা হ’ব পাৰে, বগা আৰু জিলিকি থকা দাঁতৰ বাবে এই টিপছবোৰ মানি চলক।

১. কমলা বাকলিৰে দাঁত ঘঁহিব লাগে-

কমলা খালে দাঁত হালধীয়া হোৱাৰ সমস্যাও দূৰ হয়। কমলাত ভিটামিন-চি থাকে। যিয়ে দাঁত বগা কৰাত সহায় কৰে। ই দাঁতৰ বেক্টেৰিয়া দূৰ সৃষ্টি কৰে। কমলাৰ বাকলি দাঁতত ঘঁহিলেও উপকৃত হ’ব। প্ৰতি নিশা কমলাৰ বাকলিৰে দাঁত ঘঁহিব লাগে সুফল পাব।

২. কুহুমীয়া পানী ব্যৱহাৰ কৰক-

চাহ বা কফি খোৱাৰ পাছত যদি ভালদৰে ব্ৰাছ কৰি গৰম পানীৰে মুখ ধুই পেলাই, তেন্তে দাঁত হালধীয়া হোৱাৰ সমস্যাই আপুনি সকাহ পাব। খাদ্য খোৱাৰ পাছত বা চাহ-কফি খোৱাৰ পাছত কুহুলীয়া পানীৰে মুখ ধুই পেলাব লাগে। ইয়াৰ দ্বাৰা উপকৃত হ’ব।

৩. আপেল খাওক-

আপেলেও দাঁতৰ দাগ আৰু হালধীয়া হোৱা সমস্যা দূৰ কৰে। এনে কৰিলে দাঁত বগা আৰু চিকচিকিয়া হৈ পৰিব। আপেলত মেলিক এচিড থাকে, যিটো এটা প্ৰাকৃতিক বগা কৰা এজেণ্ট। দৈনিক এটা আপেল খাব লাগে। ইয়াৰ ফলত দাঁতবোৰ এক্সফ’লিয়েট কৰাত সহায়ক হ’ব আৰু দাগৰ লগতে বেক্টেৰিয়াও নাইকিয়া হ’ব।

৪. তেল পুলিং-

তেলৰেও দাঁতৰ মলি আৰু হালধীয়া হোৱা সমস্যা আঁতৰাব পাৰে। ইয়াৰ ফলত দাঁতৰ পৰা বিষাক্ত পদাৰ্থ দূৰ হয়। দাঁতত নাৰিকল তেল ঘঁহিলে মুখৰ ভিতৰত থকা বেক্টেৰিয়াবোৰো নোহোৱা হৈ পৰে। সৰিয়হৰ তেল আৰু নিমখ মিহলাই দাঁতত ঘঁহি চাফা হয় আৰু এইটো এটা অতি পুৰণি পদ্ধতি। ইয়াৰ ফলত দাঁতবোৰ জিলিকি উঠে আৰু লগতে বেক্টেৰিয়াও নাশ কৰে।

৫. তুলসী-

তুলসীৰ বহুতো ঔষধি গুণ আছে। দাঁত আৰু দাঁতৰ সংক্ৰমণ দূৰ কৰিবলৈও তুলসী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাত দাঁতত ঘঁহিলে দাঁত পৰিষ্কাৰ হয়। ইয়াৰ উপৰি বেক্টেৰিয়া আৰু আন বহুতো বিষাক্ত পদাৰ্থও দূৰ কৰে। কিন্তু দাঁতত তুলসী বেছিকৈ তুলসী ব্যৱহাৰ কৰিলে দাঁতৰ ক্ষতিও হ’ব পাৰে। যদি আপোনাৰো দাঁতৰ এই সমস্যা আছে, তেন্তে কিছুমান সহজ টিপছ মানি চলক। ইয়াৰ দ্বাৰা উপকৃত হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু