--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰিষা শেষ হ’বলৈ ওলোৱাৰ লগে লগে দেশৰ বহু ঠাইত মহৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছে। মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ মানুহে বিভিন্ন কইল বা কাৰেণ্টত লগোৱা মেছিন অইল ব্যৱহাৰ কৰে। এইবোৰে মহ খেদায় যদিও মানুহৰ স্বাস্থ্যত অতি বেয়া প্ৰভাৱ পেলায়। সেয়েহে মানুহে পৰাপক্ষত কইল আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। 

যদি আপোনাৰ ঘৰতো মহে অসুবিধাৰ সৃষ্টি কৰে তেন্তে একেবাৰে চিন্তা নকৰিব। আজি আমি আপোনালোকক ঘৰুৱা উপায়ৰ বিষয়ে ক’ম, যিবোৰ প্ৰয়োগ কৰিলে আপোনাৰ ঘৰৰ পৰা তৎক্ষণাত মহ ৰুমৰ পৰা বাহিৰলৈ গুচি যাব। ইয়াৰ সহায়ত আপুনি অতি সহজে আপোনাৰ ঘৰৰ পৰা মহ খেদিব পাৰিব। ইয়াক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নহয়। এই ব্যৱস্থাসমূহৰ বিষয়ে জানো আহক।

১) নিম পাত ব্যৱহাৰ কৰকঃ নিমত বহুতো আয়ুৰ্বেদিক গুণ পোৱা যায়। যদি আপোনাৰ ঘৰত অধিক মহ আছে, তেন্তে কোঠাটোত নিমৰ সেউজীয়া পাত কিছুমান আৰিব লাগে। ইয়াৰ পিছত তাত জুই লগাই দিয়ক। মনত ৰাখিব যে যাতে জ্বলিব নাযায়, কেৱল ধোঁৱাহে ওলায়। দেখিব কম সময়ৰ ভিতৰতে মহ নোহোৱা হব। ইচ্ছা কৰিলে মহৰ কামোৰ ৰোধ কৰিবলৈ নিম তেল ব্যৱহাৰ কৰিব পাৰে।

২) নহৰু ব্যৱহাৰ কৰকঃ নহৰু একেবাৰে সহ্য কৰিব নোৱাৰে মহে। আপুনি নহৰুৰ কেইফুটমান টুকুৰা কৰি পানীত উতলাই দিয়ক। এতিয়া ইয়াক স্প্ৰে’ বটলত ভৰাই গোটেই কোঠাটোত ছটিয়াই দিয়ক। এনে কৰিলে কোঠাটোত উপস্থিত থকা সকলো মহ পলাই যাব।

৩) পদিনা ব্যৱহাৰ কৰকঃ পদিনা কেৱল খাদ্যত ব্যৱহাৰ কৰা নহয়, ইয়াৰ বহুতো আয়ুৰ্বেদিক গুণো আছে। মহ খেদিবলৈও পদিনা ব্যৱহাৰ কৰিব পাৰে। মহ খেদাত পদিনা অতি ফলপ্ৰসূ। ইয়াৰ বাবে আপুনি পদিনাৰ ৰস উলিয়াই লওক। সেই ৰসখিনি ঘৰৰ চুকত অলপ অলপকৈ ছটিয়াই দিয়ক। পদিনাৰ গোন্ধ সহ্য কৰিব নোৱাৰি মহ পলাই যাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ