--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ বহুতেই বিভিন্ন পদ্ধতি অৱলম্বন কৰে। কিন্তু আপুনিও একেদৰেই দাঁতৰ যত্ন লয়নে? বহুতে দাঁত ভালদৰে চাফা নকৰে, যাৰ ফলত লাহে লাহে দাঁত হালধীয়া হ’বলৈ আৰম্ভ কৰে। যিটোও বেয়া দেখা যায় আৰু লগতে আপোনাৰ ব্যক্তিত্বও ম্লান কৰি পেলায়। গুটখা বা অত্যধিক তামোল খোৱাৰ বাবে বহুতৰে দাঁত নষ্ট হৈ পৰে। দাঁতৰ এই হালধীয়া হোৱাটো অতি সহজে পৰিষ্কাৰ কৰিব পাৰি। ঘৰতে কেনেকৈ দাঁত চাফা কৰিব পাৰি জানো আহক। 

১) নেমুৰ ৰস আৰু বেকিং চোডা: ইয়াৰ বাবে প্লেট এখনত ১ চামুচ বেকিং চোডা লৈ তাত কিছু নেমুৰ ৰস দিব। এই পেষ্টটো টুথব্ৰাছত লগাই ভালদৰে দাঁতত ঘঁহিব লাগে। ১ মিনিট দাঁতত থৈ তাৰ পিছত মুখ ধুব। এই পেষ্টটো দাঁতত ১ মিনিটতকৈ বেছি সময় নাৰাখিব, নহলে দাঁতৰ ক্ষতি হব পাৰে।

২) তুলসী: তুলসী হৈছে ঔষধি গুণৰ ভঁৰাল। যদি আপুনি দাঁত বা আঁঠুৰ সংক্ৰমণ শেষ কৰিব বিচাৰে তেন্তে তুলসী ব্যৱহাৰ কৰক। আপুনি ইয়াৰ পাত দাঁতত ঘঁহিলে, ই আপোনাৰ দাঁত পৰিষ্কাৰ কৰিব। ইয়াৰ উপৰিও ই বেক্টেৰিয়া আৰু আন বহুতো বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। অৱশ্যে দাঁতত অত্যধিক ব্যৱহাৰ নকৰিব।

৩) কুহুমীয়া পানী: যদি আপুনি দৈনিক সঠিকভাৱে ব্ৰাছ কৰে আৰু চাহ-কফি খোৱাৰ পিছত গৰম পানীৰে ধুই লয়, তেন্তে আপুনি দাঁত হালধীয়া হোৱাৰ সমস্যাৰ সন্মুখীন হ’ব নালাগিব। সেইবাবেই দৈনিক খাদ্য খোৱাৰ পাছত বা চাহ-কফি খোৱাৰ পাছত কুহুমীয়া পানীৰে নিশ্চয়কৈ মুখ ধুব লাগে। ইয়াৰ দ্বাৰা আপুনি দাঁতত লাভ পাব।

৪) কমলাই দাঁতৰ হালধীয়া ৰং আঁতৰায় : আপুনি হয়তো আচৰিত হ’ব, কিন্তু কমলা খালে দাঁতৰ হালধীয়া হোৱাটোও নাইকিয়া হয়। ভিটামিন-চি কমলাত পোৱা যায়। যিয়ে দাঁত বগা কৰাত সহায় কৰে। দাঁতৰ পৰা বেক্টেৰিয়া আঁতৰোৱাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। যাৰ ফলত প্লেক হয়। কমলাৰ বাকলিও দাঁতত ঘঁহিব পাৰে, ইয়াৰ পৰা লাভৱান হ’ব। ইয়াৰ বাবে প্ৰতি নিশা ৰাতি কমলাৰ বাকলি দাঁতত ঘঁহি তাৰ পাছত ব্ৰাছ কৰিব লাগে।

৫) আপেল খাব: আপেল খালেও দাঁতত সকাহ পোৱা যায়। ইয়াৰ ফলত দাগ আৰু হালধীয়া হোৱাৰ সমস্যা দূৰ হয় আৰু দাঁত বগা আৰু চিকচিকিয়া হয়। আপেলত মেলিক এচিড থাকে, যিয়ে প্ৰাকৃতিক বগা কৰা এজেণ্ট হিচাপে কাম কৰে। আপুনি দৈনিক আপেল খায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু