--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দন্ত চিকিৎসাৰ কথা আহিলে দন্ত চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰাতকৈ ঘৰতে দাঁত পৰিষ্কাৰ কৰাটো সহজ। প্ৰায়ে আমাৰ নিজৰ অসাৱধানতাৰ বাবে দাঁত ক্ষয়, দাঁতৰ আলুৰ বিষ আৰু মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়। যদি আপুনি আপোনাৰ দৈনন্দিন কিছুমান অভ্যাস সলনি কৰে, তেন্তে দাঁত পৰিষ্কাৰ কৰি ৰখাটো সহজ হ’ব, তেতিয়াহে আপুনি দক্ষিণৰ বিখ্যাত অভিনেত্ৰী ৰশ্মিকা মান্দান্নাৰ দৰে জিলিকি থকা দাঁতেৰে হাঁহি মাৰিবলৈ সক্ষম হ’ব।

দাঁত কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে

১) দিনটোত দুবাৰ ব্ৰাছ কৰিব লাগেঃ যদি আপুনি আপোনাৰ দাঁতবোৰ সদায় জিলিকি থকাটো বিচাৰে, তেন্তে ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ, বেছিভাগ বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে টুথব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিব লাগে। এই কামটো কৰিলে বেক্টেৰিয়া জমা নহয়।

২) খোৱাৰ পিছত গাৰ্গল কৰাঃ খোৱাৰ পাছত খাদ্য আমাৰ দাঁতত লাগি থাকে, যিটো উলিয়াই লোৱাটো অতি প্ৰয়োজনীয়, নহ’লে তাত বীজাণু জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত দাঁত ক্ষয়ৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ যেতিয়াই কিবা এটা খাব তেতিয়াই মুখখন ধুই ল’ব আৰু কুলকুলি বা গাৰ্গল কৰিব।

৩) ডেণ্টেল ফ্লাছ ব্যৱহাৰ কৰকঃ আপুনি নিশ্চয় প্ৰায়ে অনুভৱ কৰে যে খোৱাৰ পিছত ফল-মূল, শাক-পাচলি বা মাংসৰ আঁহবোৰ দাঁতৰ ফাঁকত আবদ্ধ হৈ পৰে। ইয়াৰ বাবে আপুনি ডেণ্টেল ফ্লাছ ব্যৱহাৰ কৰিব পাৰে। ই দাঁতৰ মাজত থকা মলি সহজে আঁতৰাই পেলায়।

৪) এইবোৰ বস্তুৰ পৰা আঁতৰি থাককঃ আমাৰ নিজৰ অভ্যাসে দাঁত দুৰ্বল বা লেতেৰা কৰি তোলে, ইয়াৰ বাবে আপুনি কিছুমান অভ্যাসৰ পৰা আঁতৰি থাকিব লাগিব। যেনে চোডা পানীয় খোৱা, মদ খোৱা, ধূমপান কৰা, বেছিকৈ মিঠাই খোৱা, ধঁপাত আৰু পান। এই সকলোবোৰ বস্তুৱে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক