--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দন্ত চিকিৎসাৰ কথা আহিলে দন্ত চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰাতকৈ ঘৰতে দাঁত পৰিষ্কাৰ কৰাটো সহজ। প্ৰায়ে আমাৰ নিজৰ অসাৱধানতাৰ বাবে দাঁত ক্ষয়, দাঁতৰ আলুৰ বিষ আৰু মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়। যদি আপুনি আপোনাৰ দৈনন্দিন কিছুমান অভ্যাস সলনি কৰে, তেন্তে দাঁত পৰিষ্কাৰ কৰি ৰখাটো সহজ হ’ব, তেতিয়াহে আপুনি দক্ষিণৰ বিখ্যাত অভিনেত্ৰী ৰশ্মিকা মান্দান্নাৰ দৰে জিলিকি থকা দাঁতেৰে হাঁহি মাৰিবলৈ সক্ষম হ’ব।

দাঁত কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে

১) দিনটোত দুবাৰ ব্ৰাছ কৰিব লাগেঃ যদি আপুনি আপোনাৰ দাঁতবোৰ সদায় জিলিকি থকাটো বিচাৰে, তেন্তে ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ, বেছিভাগ বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে টুথব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিব লাগে। এই কামটো কৰিলে বেক্টেৰিয়া জমা নহয়।

২) খোৱাৰ পিছত গাৰ্গল কৰাঃ খোৱাৰ পাছত খাদ্য আমাৰ দাঁতত লাগি থাকে, যিটো উলিয়াই লোৱাটো অতি প্ৰয়োজনীয়, নহ’লে তাত বীজাণু জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত দাঁত ক্ষয়ৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ যেতিয়াই কিবা এটা খাব তেতিয়াই মুখখন ধুই ল’ব আৰু কুলকুলি বা গাৰ্গল কৰিব।

৩) ডেণ্টেল ফ্লাছ ব্যৱহাৰ কৰকঃ আপুনি নিশ্চয় প্ৰায়ে অনুভৱ কৰে যে খোৱাৰ পিছত ফল-মূল, শাক-পাচলি বা মাংসৰ আঁহবোৰ দাঁতৰ ফাঁকত আবদ্ধ হৈ পৰে। ইয়াৰ বাবে আপুনি ডেণ্টেল ফ্লাছ ব্যৱহাৰ কৰিব পাৰে। ই দাঁতৰ মাজত থকা মলি সহজে আঁতৰাই পেলায়।

৪) এইবোৰ বস্তুৰ পৰা আঁতৰি থাককঃ আমাৰ নিজৰ অভ্যাসে দাঁত দুৰ্বল বা লেতেৰা কৰি তোলে, ইয়াৰ বাবে আপুনি কিছুমান অভ্যাসৰ পৰা আঁতৰি থাকিব লাগিব। যেনে চোডা পানীয় খোৱা, মদ খোৱা, ধূমপান কৰা, বেছিকৈ মিঠাই খোৱা, ধঁপাত আৰু পান। এই সকলোবোৰ বস্তুৱে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে