--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন বিলাসী বিএমডব্লিউয়েই মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী যুৱতীৰ বাবে৷ বিএমডব্লিউৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে যুৱতীগৰাকীয়ে৷ 

ঘটনাটো কেৰালাৰ তিৰুৱন্তপুৰমৰ, য’ত এগৰাকী ২৬ বছৰীয়া যুৱতীয়ে তেওঁৰ প্ৰেমিকে বিবাহ কৰাবলৈ অমান্তি হোৱাৰ পাছত আত্মহনন কৰিছে। আৰু প্ৰেমিকজনে বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ মূলতে আছিল যৌতুক৷ যুৱতীগৰাকীৰ পৰিয়ালে দৰাপক্ষৰ যৌতুকৰ দাবী পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

প্ৰয়াত যুৱতীগৰাকী, তেওঁৰ নাম শ্বাহানা৷ পেছাত এগৰাকী চিকিৎসক৷ তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছিল তেওঁ। তথ্য অনুসৰি শ্বাহনাৰ সৈতে তেওঁৰ সহকৰ্মী ডাঃ ইএ ৰুৱাইছৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো বিবাহৰ সিদ্ধান্ত লৈছিল। কিন্তু শ্বাহানাৰ জীৱনত আউল লগালে ৰুৱাইছে৷

শ্বাহনাৰ পৰিয়ালৰ মতে ডাঃ ৰুৱাইছৰ পৰিয়ালে যৌতুকত ১৫০ তোলা সোণৰ অলংকাৰ, ১৫ একৰ মাটি আৰু এখন বিএমডব্লিউ গাড়ী দাবী কৰিছিল। কিন্তু পৰিয়ালটোৱে এই দাবী পূৰণ কৰিব নোৱাৰিলে। দাবী পূৰণ নোহোৱাৰ পাছত দৰাৰ পৰিয়ালে বিবাহ বাতিল কৰে৷ আনহাতে ৰুৱাইছেও শ্বাহানাৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে। যাৰ পাছত শ্বাহানা ভাগি পৰে মানসিকভাবে৷

স্থানীয় বাসিন্দাসকলে কৈছিল যে বিবাহ ভংগ হোৱাৰ পাছত শ্বাহানা বহুত বিচলিত আৰু হতাশগ্ৰস্ত হৈছিল। তেওঁ কাৰো সৈতে কথা পতা নাছিল। তেওঁৰ এপাৰ্টমেণ্টৰ পৰা এটা চুইচাইড নোটো পোৱা গৈছে, য'ত লিখা আছে যে সকলোৱে কেৱল টকা বিচাৰে।

ঘটনাটোৱে তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এক আলোড়নৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে ডাঃ শ্বাহনাৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে পৰিয়ালটোৰ বিবৃতিত প্ৰেমিকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে প্ৰেমিকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰি আৰু যৌতুক প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। ৰাজ্যিক সংখ্যালঘু আয়োগেও বিষয়টো চোৱা-চিতা কৰি আছে। পেনেলৰ অধ্যক্ষ এ এ ৰছিদে জিলা উপায়ুক্ত, আৰক্ষী আয়ুক্ত আৰু চিকিৎসা শিক্ষা সঞ্চালকক ১৪ ডিচেম্বৰৰ ভিতৰত আয়োগৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক