--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন বিলাসী বিএমডব্লিউয়েই মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী যুৱতীৰ বাবে৷ বিএমডব্লিউৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে যুৱতীগৰাকীয়ে৷ 

ঘটনাটো কেৰালাৰ তিৰুৱন্তপুৰমৰ, য’ত এগৰাকী ২৬ বছৰীয়া যুৱতীয়ে তেওঁৰ প্ৰেমিকে বিবাহ কৰাবলৈ অমান্তি হোৱাৰ পাছত আত্মহনন কৰিছে। আৰু প্ৰেমিকজনে বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ মূলতে আছিল যৌতুক৷ যুৱতীগৰাকীৰ পৰিয়ালে দৰাপক্ষৰ যৌতুকৰ দাবী পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

প্ৰয়াত যুৱতীগৰাকী, তেওঁৰ নাম শ্বাহানা৷ পেছাত এগৰাকী চিকিৎসক৷ তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছিল তেওঁ। তথ্য অনুসৰি শ্বাহনাৰ সৈতে তেওঁৰ সহকৰ্মী ডাঃ ইএ ৰুৱাইছৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো বিবাহৰ সিদ্ধান্ত লৈছিল। কিন্তু শ্বাহানাৰ জীৱনত আউল লগালে ৰুৱাইছে৷

শ্বাহনাৰ পৰিয়ালৰ মতে ডাঃ ৰুৱাইছৰ পৰিয়ালে যৌতুকত ১৫০ তোলা সোণৰ অলংকাৰ, ১৫ একৰ মাটি আৰু এখন বিএমডব্লিউ গাড়ী দাবী কৰিছিল। কিন্তু পৰিয়ালটোৱে এই দাবী পূৰণ কৰিব নোৱাৰিলে। দাবী পূৰণ নোহোৱাৰ পাছত দৰাৰ পৰিয়ালে বিবাহ বাতিল কৰে৷ আনহাতে ৰুৱাইছেও শ্বাহানাৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে। যাৰ পাছত শ্বাহানা ভাগি পৰে মানসিকভাবে৷

স্থানীয় বাসিন্দাসকলে কৈছিল যে বিবাহ ভংগ হোৱাৰ পাছত শ্বাহানা বহুত বিচলিত আৰু হতাশগ্ৰস্ত হৈছিল। তেওঁ কাৰো সৈতে কথা পতা নাছিল। তেওঁৰ এপাৰ্টমেণ্টৰ পৰা এটা চুইচাইড নোটো পোৱা গৈছে, য'ত লিখা আছে যে সকলোৱে কেৱল টকা বিচাৰে।

ঘটনাটোৱে তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এক আলোড়নৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে ডাঃ শ্বাহনাৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে পৰিয়ালটোৰ বিবৃতিত প্ৰেমিকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে প্ৰেমিকৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰি আৰু যৌতুক প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। ৰাজ্যিক সংখ্যালঘু আয়োগেও বিষয়টো চোৱা-চিতা কৰি আছে। পেনেলৰ অধ্যক্ষ এ এ ৰছিদে জিলা উপায়ুক্ত, আৰক্ষী আয়ুক্ত আৰু চিকিৎসা শিক্ষা সঞ্চালকক ১৪ ডিচেম্বৰৰ ভিতৰত আয়োগৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক