--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সংসদৰ মজিয়াত এইবাৰ সদ্যমুক্তিপ্ৰাপ্ত চিনেমা এনিমেলৰ প্ৰসংগ৷ বৃহস্পতিবাৰে ৰাজ্যসভাত অনুষ্ঠিত হোৱা শীতকালীন সংসদৰ অধিৱেশনত অবিধায়ীনি বিষয়ক আলোচনাৰ সময়ত ৰণবীৰ কাপুৰৰ ছবি এনিমেলৰ বিষয়ে আলোচনা কৰা হয়। ছত্তীশগড়ৰ কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জনে এনিমেল ছবিখনত হিংসাৰ বিষয়টো উত্থাপন কৰে। কবীৰ সিং আৰু এনিমেল ছবিৰ উদাহৰণ দি সাংসদগৰাকীয়ে অভিযোগ কৰে যে ছবিত দেখুওৱা হিংসাই দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইচ্ছাকৃতভাৱে চিনেমাক চাঞ্চল্যকৰ কৰি তোলা হৈছে। তেওঁ কয় যে এনিমেল চিনেমাখনে নাৰীক অপমান কৰে আৰু ইয়াত ইমানেই প্ৰচণ্ড হিংসা আছে যে চিনেমাখনৰ মাজতে মোৰ ছোৱালী আৰু তাইৰ বন্ধুৱে চিনেমা হলৰ পৰা কান্দি কান্দি ওলাই আহিল।কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জনে সংসদত অবিধায়িনীক বিষয়ৰ ওপৰত আলোচনা কৰে।তেওঁ কয়, "চিনেমা-আমাৰ সমাজৰ প্ৰতিফলন৷আমি ছবি চাই ডাঙৰ হৈছো আৰু ইয়াৰ প্ৰভাৱ আমাৰ সকলোৰে ওপৰত, বিশেষকৈ যুৱক-যুৱতীসকলৰ ওপৰত বিপুল প্ৰভাৱ পৰিছে।কিন্তু 'কবীৰ সিং', 'পুষ্পা' আৰু এতিয়া 'এনিমেল'ৰ দৰে ছবিবোৰে হিংসাকহে মহিমামণ্ডিত কৰিছে।"


ৰঞ্জিত ৰঞ্জনে জনোৱা মতে, এনিমেল ছবিখনত হোৱা হিংসাত্মক পৰিস্থিতি দেখি তেওঁৰ কন্যা আৰু তেওঁৰ বন্ধুৱে কান্দি কান্দি চিনেমা হলৰ পৰা ওলাই যায়। পাছত তেওঁ প্ৰকাশ কৰে যে ছবিখনত মহিলাৰ বিৰুদ্ধে অত্যধিক হিংসা আৰু অপমানজনক মন্তব্য সন্নিবিষ্ট কৰা হৈছে।ৰঞ্জনে লগতে কয় যে দেশৰ বহু যুৱকে এই পুৰুষসকলক নায়ক আৰু আদৰ্শ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে আমি আমি মহিলাৰ বিৰুদ্ধে হিংসাত্মক কাণ্ড বৃদ্ধি হোৱা সমাজত দেখিবলৈ পাইছোঁ৷


উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ বাৰ্ষিক প্ৰতিবেদনত ভাৰতত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পোৱাৰ কথা পোহৰলৈ আহিছে। ২০২২ চনত ৪,৪৫,২৫৬ টা গোচৰ পঞ্জীয়ন হৈছিল। পৰিসংখ্যা অনুসৰি দেশত প্ৰতি ঘণ্টাত ৫১টা এফআইআৰ পঞ্জীয়ন কৰা হৈছিল


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক