--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সংসদৰ মজিয়াত এইবাৰ সদ্যমুক্তিপ্ৰাপ্ত চিনেমা এনিমেলৰ প্ৰসংগ৷ বৃহস্পতিবাৰে ৰাজ্যসভাত অনুষ্ঠিত হোৱা শীতকালীন সংসদৰ অধিৱেশনত অবিধায়ীনি বিষয়ক আলোচনাৰ সময়ত ৰণবীৰ কাপুৰৰ ছবি এনিমেলৰ বিষয়ে আলোচনা কৰা হয়। ছত্তীশগড়ৰ কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জনে এনিমেল ছবিখনত হিংসাৰ বিষয়টো উত্থাপন কৰে। কবীৰ সিং আৰু এনিমেল ছবিৰ উদাহৰণ দি সাংসদগৰাকীয়ে অভিযোগ কৰে যে ছবিত দেখুওৱা হিংসাই দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইচ্ছাকৃতভাৱে চিনেমাক চাঞ্চল্যকৰ কৰি তোলা হৈছে। তেওঁ কয় যে এনিমেল চিনেমাখনে নাৰীক অপমান কৰে আৰু ইয়াত ইমানেই প্ৰচণ্ড হিংসা আছে যে চিনেমাখনৰ মাজতে মোৰ ছোৱালী আৰু তাইৰ বন্ধুৱে চিনেমা হলৰ পৰা কান্দি কান্দি ওলাই আহিল।কংগ্ৰেছৰ সাংসদ ৰঞ্জিত ৰঞ্জনে সংসদত অবিধায়িনীক বিষয়ৰ ওপৰত আলোচনা কৰে।তেওঁ কয়, "চিনেমা-আমাৰ সমাজৰ প্ৰতিফলন৷আমি ছবি চাই ডাঙৰ হৈছো আৰু ইয়াৰ প্ৰভাৱ আমাৰ সকলোৰে ওপৰত, বিশেষকৈ যুৱক-যুৱতীসকলৰ ওপৰত বিপুল প্ৰভাৱ পৰিছে।কিন্তু 'কবীৰ সিং', 'পুষ্পা' আৰু এতিয়া 'এনিমেল'ৰ দৰে ছবিবোৰে হিংসাকহে মহিমামণ্ডিত কৰিছে।"


ৰঞ্জিত ৰঞ্জনে জনোৱা মতে, এনিমেল ছবিখনত হোৱা হিংসাত্মক পৰিস্থিতি দেখি তেওঁৰ কন্যা আৰু তেওঁৰ বন্ধুৱে কান্দি কান্দি চিনেমা হলৰ পৰা ওলাই যায়। পাছত তেওঁ প্ৰকাশ কৰে যে ছবিখনত মহিলাৰ বিৰুদ্ধে অত্যধিক হিংসা আৰু অপমানজনক মন্তব্য সন্নিবিষ্ট কৰা হৈছে।ৰঞ্জনে লগতে কয় যে দেশৰ বহু যুৱকে এই পুৰুষসকলক নায়ক আৰু আদৰ্শ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে আমি আমি মহিলাৰ বিৰুদ্ধে হিংসাত্মক কাণ্ড বৃদ্ধি হোৱা সমাজত দেখিবলৈ পাইছোঁ৷


উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ বাৰ্ষিক প্ৰতিবেদনত ভাৰতত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পোৱাৰ কথা পোহৰলৈ আহিছে। ২০২২ চনত ৪,৪৫,২৫৬ টা গোচৰ পঞ্জীয়ন হৈছিল। পৰিসংখ্যা অনুসৰি দেশত প্ৰতি ঘণ্টাত ৫১টা এফআইআৰ পঞ্জীয়ন কৰা হৈছিল


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক