--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত শুকুৰবাৰে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে৷ আজি কেশৱ মৌৰ্য আৰু ব্ৰজেশ পাঠকে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে৷ ৰাজ্যখনৰ ৰাজ্যপাল আনন্দিবেন পেটেলে শপত গ্ৰহণ কৰোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে৷

কোন হ’ব উত্তৰ প্ৰদেশ বিধানসভাৰ নতুন অধ্যক্ষ?

উত্তৰ প্ৰদেশ বিধানসভাত ৮ বাৰৰ বাবে বিধায়কৰূপে নিৰ্বাচিত হোৱা বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী সতীশ মহানা নতুন অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে৷ শুকুৰবাৰে শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নতুন মন্ত্ৰীসভাত সতীশ মহানাক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। আজি উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে অস্থায়ী অধ্যক্ষ ৰামপতি শাস্ত্ৰীক শপত গ্ৰহণ কৰোৱাব। নৱ-নিৰ্বাচিত বিধায়কসকলক ২৮-২৯ মাৰ্চত তেওঁলোকৰ শপত গ্ৰহণ কৰোৱা হ’ব। তাৰ পাছত সতীশ মহানাক ৩০ মাৰ্চত বিধানসভাত নতুন অধ্যক্ষ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক