--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত শুকুৰবাৰে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে৷ আজি কেশৱ মৌৰ্য আৰু ব্ৰজেশ পাঠকে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে৷ ৰাজ্যখনৰ ৰাজ্যপাল আনন্দিবেন পেটেলে শপত গ্ৰহণ কৰোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে৷

কোন হ’ব উত্তৰ প্ৰদেশ বিধানসভাৰ নতুন অধ্যক্ষ?

উত্তৰ প্ৰদেশ বিধানসভাত ৮ বাৰৰ বাবে বিধায়কৰূপে নিৰ্বাচিত হোৱা বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী সতীশ মহানা নতুন অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে৷ শুকুৰবাৰে শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নতুন মন্ত্ৰীসভাত সতীশ মহানাক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। আজি উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে অস্থায়ী অধ্যক্ষ ৰামপতি শাস্ত্ৰীক শপত গ্ৰহণ কৰোৱাব। নৱ-নিৰ্বাচিত বিধায়কসকলক ২৮-২৯ মাৰ্চত তেওঁলোকৰ শপত গ্ৰহণ কৰোৱা হ’ব। তাৰ পাছত সতীশ মহানাক ৩০ মাৰ্চত বিধানসভাত নতুন অধ্যক্ষ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু