--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ মেচিডোনিয়াত ডাউন ছিণ্ড্ৰোমত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ কাষত ৰাষ্ট্ৰপতি ষ্টিভ’ পেণ্ডাৰোভস্কী। ডাউন ছিণ্ড্ৰোমৰ বাবে বিদ্যালয়ত অতিষ্ঠ হৈ পৰা কিশোৰীগৰাকীৰ বিষয়ে জানিবলৈ পোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে কিশোৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কেৱল সেয়াই নহয় কিশোৰীগৰাকীক বিদ্যালয়লৈও লৈ গৈছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। মন কৰিবলগীয়া যে, ডাউন ছিণ্ড্ৰোম হৈছে এক আনুবংশিক ৰোগ। এই ৰোগত আক্ৰান্ত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাধাত জন্মে। এই ৰোগত আক্ৰান্তজনৰ শিক্ষা গ্ৰহণত অসুবিধা হোৱাৰ লগতে স্বাস্থ্যজনিত নানা সমস্যাৰো সন্মুখীন হ’বলগীয়া হয়। জানিবলৈ পোৱা মতে, ৰাষ্ট্ৰপতি ষ্টিভ’ৱে এম্বলা এডেমীৰ অভিভাৱকৰ সৈতে বিদ্যালয়ত পোৱা অসুবিধা আৰু সন্মুখীন হোৱা দৈনন্দিন প্ৰত্যাহ্বানৰ বিষয়ে কথা পাতিছিল। এম্বোলাই মেচিডোনিয়াৰ গোষ্টিভাৰত বাস কৰে। বিদ্যালয়খনত বৈষম্যমূলক আচৰণৰ সন্মুখীন হোৱা এম্বলাৰ বিষয়ে জানিবলৈ পোৱাৰ পাছত ৰাষ্ট্ৰপতি পাণ্ডাৰোভস্কীয়ে কিশোৰীগৰাকীৰ সৈতে তেওঁৰ প্ৰাথমিক বিদ্যালয় 'এডিনবাৰ্গভো'লৈ গৈছিল। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, পাণ্ডাৰোস্কীয়ে এম্বলাৰ পিতৃ-মাতৃৰ সৈতে তেওঁলোকে দৈনিক সন্মুখীন হৈ অহা প্ৰত্যাহ্বানৰ বিষয়ে কথা পাতিছিল। তেওঁলোকৰ এই সমস্যাটোৰ সমাধানৰ বিষয়েও আলোচনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় , ‘যিসকলে শিশুৰ অধিকাৰ বিপন্ন কৰে তেওঁলোকৰ আচৰণ গ্ৰহণযোগ্য নহয়।বিশেষকৈ, যেতিয়া বিষয়টো এনেধৰণৰ শিশুৰ ক্ষেত্ৰত দেখা দিয়ে।’ বিবৃতিটোত কোৱা হৈছে, ‘এনে শিশুৱে কেৱল তেওঁলোকৰ অধিকাৰ উপভোগ কৰা উচিতেই নহয় বৰঞ্চ তেওঁলোকে বিদ্যালয়ৰ চৌহদতো নিজেকে আন শিক্ষাৰ্থীৰ দৰে ভাবিব পৰাকৈ পৰিৱেশ দিব লাগে। প্ৰতিগৰাকী নাগৰিকৰে এয়া দায়বদ্ধতা।’ স্বাভাৱিকতে ৰাষ্ট্ৰপতিগৰাকীৰ পৰা এই সঁহাৰি তথা সমৰ্থনে কন্যাৰ অধিকাৰ সুৰক্ষাৰ যুঁজত উৎসাহিত কৰি তুলিছে এম্বলাৰ পিতৃ-মাতৃক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ