--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ মেচিডোনিয়াত ডাউন ছিণ্ড্ৰোমত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ কাষত ৰাষ্ট্ৰপতি ষ্টিভ’ পেণ্ডাৰোভস্কী। ডাউন ছিণ্ড্ৰোমৰ বাবে বিদ্যালয়ত অতিষ্ঠ হৈ পৰা কিশোৰীগৰাকীৰ বিষয়ে জানিবলৈ পোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে কিশোৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কেৱল সেয়াই নহয় কিশোৰীগৰাকীক বিদ্যালয়লৈও লৈ গৈছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। মন কৰিবলগীয়া যে, ডাউন ছিণ্ড্ৰোম হৈছে এক আনুবংশিক ৰোগ। এই ৰোগত আক্ৰান্ত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাধাত জন্মে। এই ৰোগত আক্ৰান্তজনৰ শিক্ষা গ্ৰহণত অসুবিধা হোৱাৰ লগতে স্বাস্থ্যজনিত নানা সমস্যাৰো সন্মুখীন হ’বলগীয়া হয়। জানিবলৈ পোৱা মতে, ৰাষ্ট্ৰপতি ষ্টিভ’ৱে এম্বলা এডেমীৰ অভিভাৱকৰ সৈতে বিদ্যালয়ত পোৱা অসুবিধা আৰু সন্মুখীন হোৱা দৈনন্দিন প্ৰত্যাহ্বানৰ বিষয়ে কথা পাতিছিল। এম্বোলাই মেচিডোনিয়াৰ গোষ্টিভাৰত বাস কৰে। বিদ্যালয়খনত বৈষম্যমূলক আচৰণৰ সন্মুখীন হোৱা এম্বলাৰ বিষয়ে জানিবলৈ পোৱাৰ পাছত ৰাষ্ট্ৰপতি পাণ্ডাৰোভস্কীয়ে কিশোৰীগৰাকীৰ সৈতে তেওঁৰ প্ৰাথমিক বিদ্যালয় 'এডিনবাৰ্গভো'লৈ গৈছিল। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, পাণ্ডাৰোস্কীয়ে এম্বলাৰ পিতৃ-মাতৃৰ সৈতে তেওঁলোকে দৈনিক সন্মুখীন হৈ অহা প্ৰত্যাহ্বানৰ বিষয়ে কথা পাতিছিল। তেওঁলোকৰ এই সমস্যাটোৰ সমাধানৰ বিষয়েও আলোচনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় , ‘যিসকলে শিশুৰ অধিকাৰ বিপন্ন কৰে তেওঁলোকৰ আচৰণ গ্ৰহণযোগ্য নহয়।বিশেষকৈ, যেতিয়া বিষয়টো এনেধৰণৰ শিশুৰ ক্ষেত্ৰত দেখা দিয়ে।’ বিবৃতিটোত কোৱা হৈছে, ‘এনে শিশুৱে কেৱল তেওঁলোকৰ অধিকাৰ উপভোগ কৰা উচিতেই নহয় বৰঞ্চ তেওঁলোকে বিদ্যালয়ৰ চৌহদতো নিজেকে আন শিক্ষাৰ্থীৰ দৰে ভাবিব পৰাকৈ পৰিৱেশ দিব লাগে। প্ৰতিগৰাকী নাগৰিকৰে এয়া দায়বদ্ধতা।’ স্বাভাৱিকতে ৰাষ্ট্ৰপতিগৰাকীৰ পৰা এই সঁহাৰি তথা সমৰ্থনে কন্যাৰ অধিকাৰ সুৰক্ষাৰ যুঁজত উৎসাহিত কৰি তুলিছে এম্বলাৰ পিতৃ-মাতৃক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু