--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী নাৰীৰ সৌন্দৰ্য কিমান অতুলনীয়৷ এগৰাকী নাৰীৰ সৌন্দৰ্যৰ বিশ্লেষণ কেনেদৰে কৰা হয়? কেকোৰা চুলি, শ্যামবৰণীয়া ৰং আৰু সাধাৰণ পোছাকে নাৰী এগৰাকীক কৰি তোলে নেকি কুৎচিত? প্ৰাকৃতিক সৌন্দৰ্যই সঁচাই মুহিত কৰিব নোৱাৰে নেকি? এনে এক কাহিনী টেলিভিছনৰ পৰ্দাত সম্পচাৰ হোৱাৰ পাছত চকুৰ পানী নিগৰি আহিল দেশবাসীৰ৷ পাকিস্তানৰ এটা ব্যক্তিগত টেলিভিছনত সম্প্ৰসাৰিত হোৱা ‘ম্যেই আইচি কিউন হুন’ নামৰ অনুষ্ঠানটোৰ এটা ভাইৰেল ক্লিপে কন্দুৱাইছে দেশখনত৷ অভিনেতা চৈয়দ জিব্ৰানে অভিনয় কৰা এটা চৰিত্ৰই মুখ্য অভিনেতা নুৰ জাফৰ খানক তেওঁৰ কেকোৰা চুলিৰ বাবে কুৎসিত বুলি অভিহিত কৰিছে। ‘প্ৰাকৃতিক ৰূপত এই চুলিবোৰে আপোনাক কুৎসিত কৰি তোলে। আৰু দুৰ্ভাগ্যৱশতঃ এতিয়া মোৰ ছোৱালীৰো আছে আপোনাৰ দৰে চুলি। মই কুৎসিত চুলি থকা এজনী কন্যা সন্তানৰ পিতৃ। এইটোৱে মোক কষ্ট দিয়ে,’ তেওঁ ভিডিঅ’টোত কয়। এই ভিডিঅ’টো শ্বেয়াৰ হোৱাৰ পাছত অশ্ৰুৰ বন্যা বয় সমগ্ৰ দেশখনত৷ অনুষ্ঠানটোৰ বৰ্ণনাত এইদৰে কোৱা হৈছে: ‘এগৰাকী মহিলাৰ মূৰৰ প্ৰাকৃতিক চুলিৰ ফলত কিয় ইমান নেতিবাচক আৱেগ সৃষ্টি হয়? মহিলাসকলক তেওঁলোকৰ সকলো প্ৰাকৃতিক সৌন্দৰ্যত কিয় গ্ৰহণ কৰিব নোৱাৰি?’ ‘ম্যে আইচি কিউন হুন’ কেৱল এই বিষয়টোক লক্ষ্য কৰি লৈছে। অনুষ্ঠানটো ৭ ফেব্ৰুৱাৰীৰ পৰা সম্প্ৰচাৰ আৰম্ভ হৈছিল। পাকিস্তানী সাংবাদিক আবছা কোমলে টুইটাৰত অনুষ্ঠানটোৰ এটা ভাইৰেল ক্লিপ পোষ্ট কৰি লিখিছে, ‘যেন ফৰ্সা ৰঙৰ প্ৰতি আমাৰ প্ৰাকৃতিক আসক্তি যথেষ্ট নহয়, আমি এতিয়া কেকোৰা চুলি থকা মহিলাসকলক বহুকষ্ট দিছো। এয়া লজ্জাজনক৷’ এই ধাৰাবাহিকখনৰ ওপৰত টুইটাৰত ভিন্নজনে মতপোষণ কৰিছিল৷ ইনষ্টাগ্ৰামত এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘এই ধাৰাবাহিকখনৰ মাজেৰে মই নিজক বিচাৰি পাইছো। আপোনাক ধন্যবাদ৷’ আন এজনে এইদৰে লিখিছিল: "কেকোৰা চুলিৰ নাৰীৰ ওপৰত কাৰোৰে সমস্যা নাই। পাকিস্তানক নেতিবাচক দৃষ্টিৰে প্ৰদৰ্শন কৰা বন্ধ কৰক।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু