ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ডাউন টাউন স্কুলত দবা খেলুৱৈ অভিভাৱক সন্থাই আয়োজন কৰা ডাউন টাউন স্কুল আয়োধানা ৰেপিড দবা প্ৰতিযোগিতাত চাৰ্ভী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰিছে। চাৰ্ভীয়ে ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে। প্ৰান গোবিন্দ পৰাশৰ কাশ্যপে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে।
নলীনাক্ষ কাশ্যপ আৰু অভিৰূপ শইকীয়াইও সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। তন্ময় ৰাজবংশীয়ে ৪ .৫ পইণ্ট সংগ্ৰহ কৰি পঞ্চম স্থান লাভ কৰে। ইক্ষিতা বৰ্মনক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালী খেলুৱৈ ঘোষণা কৰা হয়। ইক্ষিতাই ৪ পইণ্ট সংগ্ৰহ কৰে। হৃদিকা দাস আৰু অন্বেষা গোহাঁইয়ে ৪ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।
অনুৰ্ধ ১৫ বছৰ শাখাত ৰেইহান হুছেইনে ৪ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান লাভ কৰে। আনিকেট দত্তইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। কৃতাৰ্থ শইকীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি এইটো শাখাত তৃতীয় স্থান লাভ কৰে। অনুৰ্ধ ১৩ বছৰ শাখাত মৃণ্ময় ৰাজখোৱাই ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। চাহাজ গুপ্তা আৰু হিমানিশ কুমাৰ শৰ্মাইও ৪ .৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। অনুৰ্ধ ১১ বছৰ শাখাত আৰহান ৰহমান বৰাই ৪.৫ অৰ্জন কৰি প্ৰথম স্থান লাভ কৰে। কৃষ্ণাভ হাজৰিকাই ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান আৰু মাদৃক বৈৰাগীয়ে ৩ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।
ভৌমিক কিশোৰ দাসে অনুৰ্ধ ৯ বছৰ শাখাত ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। আমেয়া গুপ্তাইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। নিষ্ঠা শইকীয়াই ৩.৫ অৰ্জন কৰি এইটো শাখাত তৃতীয় স্থান লাভ কৰে। হ্ৰেয়াংশ ডেকাই ৩ পইণ্ট লাভ কৰি অনুৰ্ধ ৭ বছৰ শাখাত প্ৰথম স্থান লাভ কৰে। চাৰ্ভী শ্ৰী বৰ্মনে ১. ৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। প্ৰজ্ঞান বসুমতাৰীয়েও এইটো শাখাত ১.৫ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে।প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল। সৰ্বমুঠ ৭০ জন খেলুৱৈৱে অংশ লোৱা প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ ৰূপে পৰিচালনা কৰে। তেওঁক সহযোগ কৰিছিল ৰাস্ত্ৰীয় আৰ্বিটাৰ পল্লৱ গোহাঁই। ডাউন টাউন স্কুলৰ অধ্যক্ষ মায়া ফাৰ্ণাণ্ডেজে বটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল।