--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট ব’ৰ্ড এখন অতি শক্তিশালী ক্ৰিকেট  ব’ৰ্ড হোৱাৰ বাবে অধিক দায়িত্ব লৈ ভাৰত আৰু পাকিস্তান দুয়োখন ক্ৰিকেট ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ চেষ্টা কৰিব লাগে বুলি আহ্বান জনাই। শ্বাহিদ আফ্ৰিদীয়ে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰত-পাকিস্তান উভয় ৰাষ্ট্ৰৰ মাজত ক্ৰিকেট অনুষ্ঠিত কৰিবৰ বাবে শ্বাহিদ আফ্ৰিদীয়ে অনুৰোধ জনাব৷

ডোহাত অনুষ্ঠিত লিজেণ্ডছ লীগ ক্ৰিকেট (এল এল চি)ৰ ধাৰভাষ্য দি থকাৰ সময়ত আফ্ৰিদীয়ে কয় যে, "মই মোডী চাহাবক অনুৰোধ কৰিম যে দুয়োখন দেশৰ মাজত ক্ৰিকেট হ’বলৈ দিয়ক।"

উক্ত অনুষ্ঠানটেই আফ্ৰিদীয়ে কয় যে “যদি আমি কাৰোবাৰ লগত বন্ধুত্ব কৰিব বিচাৰো আৰু তেওঁ আমাৰ লগত কথা নাপাতে আমি কি কৰিব পাৰো? বি চি চি আইৰ ব'ৰ্ডৰ মাজত কোনো সন্দেহ নাই, কিন্তু যেতিয়া আপুনি শক্তিশালী হয় তেতিয়া আপোনাৰ দায়িত্ব অধিক হয়। আপুনি আৰু শত্ৰু গঢ়িবলৈ চেষ্টা নকৰে, বন্ধুত্ব গঢ়ি তুলিব লাগিব। যেতিয়া আপুনি অধিক বন্ধুত্ব গঢ়ি তোলে তেতিয়া আপুনি শক্তিশালী হৈ পৰে।"

পাকিস্তান ক্ৰিকেট ব’ৰ্ড দুৰ্বল বুলি বিশ্বাস কৰে নেকি বুলি সংবাদমাধ্যমে সোধা প্ৰশ্নত আফ্ৰিদীয়ে কয় যে, “মই দুৰ্বল বুলি নকওঁ," কিন্তু সেইসময়তে আফ্ৰিদীৰ উত্তৰৰ বিপৰীতে তাত বহি থকা কিছু লোকে বিচিচিআই বুলি উত্তৰ দিয়ে৷

আফ্ৰিদীয়ে অনুভৱ কৰিছিল যে ক্ৰিকেট হৈছে শ্ৰেষ্ঠ কূটনীতি আৰু দুয়োখন দেশৰ ক্ৰিকেট দলে ইজনে সিজনক শক্তিশালী কৰা উচিত। ভাৰতীয় খেলুৱৈসকলৰ সৈতে শ্বাহিদ আফ্ৰিদীৰ আজিও আন্তৰিক সম্পৰ্ক আছে। শ্বাহিদে কয় যে, "ভাৰতীয় দলত এতিয়াও মোৰ বন্ধু আছে যেতিয়া আমি লগ পাওঁ, আলোচনা কৰোঁ, সিদিনা ৰাইনাক লগ পাইছিলো আৰু মই বেট বিচাৰিছিলো, তেওঁ মোক এখন বেট দিছিল।"

২০০৫ চনৰ ছিৰিজৰ সময়ত ভাৰতীয় ক্ৰিকেটাৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত পাকিস্তানৰ ক্ৰিকেটাৰ সকলৰ পৰা কোনেও ধন লোৱা নাছিল বুলি শ্বাহিদে স্মৰণ কৰে।

কিংবদন্তি বিগ হিটিং অলৰাউণ্ডাৰগৰাকীয়ে কয় যে পাকিস্তানত কোনো নিৰাপত্তাৰ চিন্তা নাই কাৰণ শেহতীয়াকৈ বহু আন্তঃৰাষ্ট্ৰীয় দলে নিৰাপদে পাকিস্তান ভ্ৰমণ কৰিছে।

আফ্ৰিদীয়ে কয় যে,২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক ক্ৰিকেট সম্পৰ্ক পুনৰ আৰম্ভ হোৱা নাই; ২০০৮ৰ পিছত দলসমূহে আন্তৰ্জাতিক প্ৰতিযোগিতাতহে মুখামুখি হৈছে। আফ্ৰিদীয়ে কয় যে দুয়োখন ব’ৰ্ডৰ মাজত নিয়মীয়াকৈ আলোচনা হ’ব লাগে।

২০২২ চনত এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী তথা বিচিচিআইৰ সম্পাদক জয় শ্বাহে ৰাজহুৱা কৰিছিল যে ভাৰতীয় দলটোৱে এছিয়া কাপত খেলিবলৈ পাকিস্তানলৈ নাযায় আৰু প্ৰতিযোগিতাখন নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব লাগিব। পিচিবিয়ে এই কথাত আপত্তি কৰি কয় যে এচিচিয়ে পাকিস্তানত হ’বলগীয়া প্ৰতিযোগিতাখন পাকিস্তানৰ পৰা আঁতৰি যোৱাৰ বিষয়েও অজ্ঞ আছিল আৰু পাকিস্তানৰ পৰামৰ্শ অবিহনেই সিদ্ধান্ত লোৱা হৈছিল। তেতিয়াৰ পৰাই পিচিবিয়ে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপৰ পৰা আঁতৰি আহিব বুলি ভাবুকি দি আহিছে, যদিহে এছিয়া কাপ ক্ৰিকেট জগতৰ আন কোনো ঠাইত খেলা হয়।

আফ্ৰিদীয়ে কয় যে “আচল কথাটো হ’ল আমি কেতিয়াও ইজনে সিজনৰ লগত বিষয়বিলাক আলোচনা নকৰোঁ। যোগাযোগ আটাইতকৈ গুৰুত্বপূৰ্ণ। ৰাজনীতিবিদসকলেও একে কাম কৰে, আলোচনা কৰে। যেতিয়ালৈকে আপোনালোকে নিজৰ মাজত বহি থাকিব তেতিয়ালৈকে একো সমাধান নহ’ব। ভাৰত পাকিস্তানলৈ অহা হ’লে ভাল হ’লহেঁতেন৷ আমি আৰু আমাৰ চৰকাৰে পৰস্পৰৰ  সৈতে উন্নত সম্পৰ্ক বিচাৰো।’

ভাৰত আৰু পাকিস্তান দুয়োখন দেশতেই ক্ৰিকেটক সাংঘাতিকধৰণে মান্যতা দিয়া হয়৷দুয়োখন দেশৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ হৈ থাকে ভাৰত-পাকিস্তানৰ হাই ভল্টেজ ক্ৰিকেট মেচসমূহৰ ওপৰত৷যদি প্ৰকৃততে শ্বাহিদ আফ্ৰিদীৰ অনুৰোধৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  আৰু বিচিচিআইয়ে  গুৰুত্ব দিয়ে তেন্তে ই হ’ব লক্ষ্যণীয়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ
আইন ভংগ কৰি ৰন্ধন গেছৰ ব্যৱহাৰ
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে