--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বহু পাচলি আছে যিবোৰে আমাৰ ৰোগৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। সেয়ে বিভিন্ন ৰোগত নানা বিধ পাচলি বহুতে নোখোৱাকৈ থাকে। আনহাতে বহু পাচলিয়েও আকৌ নানা বিধ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি বতৰৰ ফল-মূল আৰু পাচলি আদি প্ৰচুৰ পৰিমাণে খাব পাৰিলে ভাল। পুষ্টিদায়ক  পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়।

এতিয়া বজাৰত ভেণ্ডি ওলাইছে৷ ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি, কিন্তু  সেই সম্পৰ্কে আমি বাৰু কিমানখিনি অৱগত! ভেণ্ডিৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক।

ভেণ্ডিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। যিবোৰ আমাৰ শৰীৰ বাবে অতীৱ প্ৰয়োজন।

হৃদৰোগীৰ বাবেও ভেণ্ডি অতি উপকাৰী। কাৰণ ভেণ্ডিত থকা প্ৰচুৰ পৰিমাণৰ দ্ৰৱণীয় ফাইবাৰে দ্ৰুত গতিত এই ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়ে ভেণ্ডি খালে এই ৰোগৰ পৰা উপশম পাব পাৰে।

দৈনিক ভেণ্ডি খালে শৰীৰৰ চুগাৰো নিয়ন্ত্ৰণত থাকে। সেয়ে চুগাৰ থকা মানুহে ভেণ্ডি খালে সুফল লাভ কৰিব পাৰে।

ভেণ্ডিয়ে মানুহৰ হজম প্ৰক্ৰিয়া সঠিক কৰি ৰাখে। কৌষ্ঠকাঠিন্যত ভোগা মানুহে ভেণ্ডি খালে এই ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে। ভেণ্ডি দাইলত দি পিটিকি খালেও পেটৰ নানা ৰোগ নাশ হয়। পেট কামুৰিলে ভেণ্ডি সিজাই খালে সুফল পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ