--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আমাৰ শৰীৰত নানান ধৰণৰ বিষাক্ত পদাৰ্থ জমা হয়। তেনে পদাৰ্থসমূহৰ বহু খিনি মল-মূত্ৰৰ জড়িয়তে শৰীৰৰ বাহিৰলৈ ওলাই যায়, বহু খিনি আকৌ ৰৈ যায়। তেনে ৰৈ যোৱা বিষাক্ত পদাৰ্থ শোধন কৰিব পাৰে ডিটক্স পানীয়ে।  

এনে পানীয়ে  বিষাক্ত পদাৰ্থ আঁতৰোৱাই নহয় ইয়াৰ আন বহুতো উপকাৰো আছে। যদি আমি পৰ্যাপ্ত পৰিমাণৰ পানী নাখাওঁ তেন্তে ইয়াৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। বহু মহিলাই বিশ্বাস কৰা এটা সমাধান হ’ল ডিটক্স ড্ৰিংকছ। বিশ্বাস কৰা হয় যে ডিটক্স পানী খালে হজম শক্তি উন্নত হয় আৰু বিপাকীয় ক্ৰিয়া উন্নত হয়, যিয়েও দ্ৰুত ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ই অতি হাইড্ৰেটিং কৰে। আজিকালি মানুহে অধিক স্বাস্থ্য উপকাৰ লাভ কৰিবলৈ অতিৰিক্ত উপাদান যোগ কৰি পানী খায়। কিছুদিনৰ পৰা ডিটক্স পানী অতি জনপ্ৰিয়। 

হেল্থলাইনৰ মতে ডিটক্স পানী হ’ল পানী, য’ত সতেজ ফল-মূল, শাক-পাচলি আৰু বনৌষধিৰ সোৱাদ মিহলি কৰা হয়। ইয়াক ফলৰ ইনফিউজড পানী বা ফলৰ সোৱাদযুক্ত পানী বুলিও কোৱা হয়। ঘৰতে সহজে বনাব পাৰি। ৪টা উত্তম ডিটক্স পানীৰ বিষয়ে জানি লওক যিবোৰ ওজন কমাবলৈ উপকাৰী হ’ব পাৰে।

নেমু ডিটক্স পানী – নেমু কেৱল ওজন কমাবলৈ নহয় আমাৰ ছালৰ বাবেও অতি উপকাৰী। নেমু ডিটক্স পানী বনাওঁতে ইয়াত অলপ পদিনা যোগ কৰিলে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হ’ব আৰু সোনকালে ওজন কমাবলৈ সহায় কৰিব।

তিঁয়্হ ডিটক্স পানী – তিঁয়হত প্ৰচুৰ পৰিমাণে ভিটামিন বি, পটাছিয়াম ইত্যাদি থাকে। ই কেৱল আমাৰ শৰীৰক বিষমুক্ত কৰাই নহয়, ইয়াৰ কেলৰিও কম। তিঁয়হ ডিটক্স পানীও আঁহযুক্ত হোৱাৰ বাবে ওজন সোনকালে হ্ৰাস কৰাত উপকাৰী।

কমলা ডিটক্স পানী- কমলাত ভিটামিন চি থাকে, যিটো সুস্থ ছালৰ বাবে উৎকৃষ্ট। এই ভিটামিনে চৰ্বি শৰীৰত জমা কৰাৰ পৰিৱৰ্তে শক্তিলৈ ৰূপান্তৰিত কৰে। ইয়াৰ ফলত ওজন দ্ৰুতগতিত কমাবলৈ সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ