--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিজ হৈছে অপ্ৰত্যাৱৰ্তনীয় ৰোগ যিটো তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণহীনভাৱে উচ্চ হোৱাৰ ফলত হয়। এই ৰোগৰ অধিকাংশ ৰোগী ভাৰতৰ। ভাৰতক ডায়েবেটিজৰ ৰাজধানী বুলি কোৱা হয়। ডায়েবেটিছ দুই প্ৰকাৰৰ (Type 1 আৰু Type 2)। টাইপ ১ ডায়েবেটিছ হৈছে অটোইম্যুন ৰোগ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই অগ্নাশয়ৰ ইনচুলিন উৎপাদনকাৰী কোষবোৰক আক্ৰমণ কৰি ধ্বংস কৰে। টাইপ ২ ডায়েবেটিছ হ’ল এনে এক অৱস্থা য’ত শৰীৰে উৎপাদিত ইনচুলিনৰ প্ৰতিৰোধী হৈ পৰে বা ইনচুলিনে তেজত চেনিৰ মাত্ৰা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে।

ডায়েবেটিজ হ’লে শৰীৰত বহুতো লক্ষণ দেখা যায়। ইয়াৰে এটা হ’ল চকু। ডায়েবেটিজে চকুত বহু প্ৰভাৱ পেলাব পাৰে আৰু অনিয়ন্ত্ৰিত হ’লে দৃষ্টিশক্তি হেৰুৱাব পাৰে। চকুৰ জৰিয়তে ডায়েবেটিজৰ লক্ষণ কেনেকৈ পোৱা যায় জানো আহক।


ডায়েবেটিজৰ লক্ষণ

দৃষ্টিশক্তি অস্পষ্ট হোৱা বা সকলোবোৰ অধিক ম্লান হোৱা দেখা
সঘনাই দৃষ্টিশক্তি সলনি হোৱা
দৃষ্টিশক্তিৰ অক্ষমতা
ৰং বুজিব বা চিনিব নোৱাৰা
পোহৰৰ জিলিকনিয়ে আমনি কৰা
চকুৰ কোণত অস্বস্তি

ডায়েবেটিজ ৰোগীৰ চকু কেনেকৈ ৰক্ষা কৰিব পাৰি

তেজৰ ছুগাৰৰ মাত্ৰা সদায় নিয়ন্ত্ৰণত ৰাখক
সঘনাই চকুৰ পৰীক্ষা কৰক
দৃষ্টিশক্তিৰ কিবা পৰিৱৰ্তন হ’লে চিকিৎসকৰ ওচৰলৈ যাওক
উচ্চ ৰক্তচাপ, কলেষ্টেৰল আদি সমস্যা নিয়ন্ত্ৰণ কৰক
ভালদৰে খাব লাগে আৰু দৈনিক ব্যায়াম কৰিব লাগে









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু