--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰ হ’ল আমাৰ শৰীৰৰ বৃহত্‍ অংগ। মানৱ দেহৰ মগজু, হৃদপিণ্ড, কিডনি আৰু লিভাৰ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোঁকাষে ওপৰৰ ফালে থাকে। আমাৰ লিভাৰে শৰীৰত জমা হোৱা সকলোবোৰ আৱৰ্জনা নিস্কাষণ কৰি আমাৰ দেহৰ তেজ পৰিস্কাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে। লিভাৰে আমাৰ হজম শক্তিত প্ৰধান ভূমিকা পালন কৰে। কিছুমান বিশেষ ধৰণৰ ভিটামিন আৰু গ্লুক’জ সংৰক্ষণ কৰা আৰু তেজ জমা হোৱাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত প্ৰ’টিন প্ৰস্তুত কৰা কামো লিভাৰে কৰে।

লিভাৰৰ ক্ষতি হ’ব পৰা কোনো কাম মানুহে কৰিব নালাগে। লিভাৰ ক্ষতিৰ অন্যতম মূল কাৰণ হ’ল মদ্যপান। মদৰ ফলত লিভাৰৰ ক্ষতি হ’লে ইয়াক এলকহল সম্পৰ্কীয় লিভাৰৰ ৰোগ বোলা হয়।

লিভাৰ ক্ষতি হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

যেতিয়া আপুনি আপোনাৰ লিভাৰৰ ক্ষমতাতকৈ অধিক মদ্যপান কৰে তেতিয়া লিভাৰৰ বহুত ক্ষতি হয়। আন বহু কাৰণতো লিভাৰ নষ্ট হয়।

লিভাৰ নষ্ট হোৱাৰ লক্ষণসমূহ কি কি

১)লিভাৰ ফুলি উঠাঃ যাৰ ফলত আপোনাৰ পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষৰ সমস্যা হ’ব।

২)অনবৰতে ভাগৰুৱা অনুভৱ

৩)বিনা কাৰণত ওজন কমি যায় 

৪)ভোক নলগা

৫)ওকালি আহি থকা

৬)বমি হৈ থকা

৭)মূখৰ দূগৰ্ন্ধ হোৱা

৮)চকু, চাল আৰু প্ৰস্ৰাবৰ ৰং পৰিৱৰ্তিত হোৱা

৯)ভৰি আৰু গাঁঠি ফুলি উঠা

১০)অত্যন্ত ঘামি থকা

গতিকে এই লক্ষণসমূহ যদি প্ৰকাশ পায়, তেন্তে আপোনাৰ লিভাৰ বেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। লিভাৰ ভিন্ন কাৰণত নষ্ট হ’ব পাৰে যদিও সুৰাপায়ীসকলৰ লিভাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকে। গতিকে এনে লক্ষণ দেখা পালেই তত্‍ক্ষণাত্‍ চিকিত্‍সকৰ কাষ চাপিব লাগে আৰু নিজৰ জীৱনশৈলী সলাব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন