--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰ হ’ল আমাৰ শৰীৰৰ বৃহত্‍ অংগ। মানৱ দেহৰ মগজু, হৃদপিণ্ড, কিডনি আৰু লিভাৰ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোঁকাষে ওপৰৰ ফালে থাকে। আমাৰ লিভাৰে শৰীৰত জমা হোৱা সকলোবোৰ আৱৰ্জনা নিস্কাষণ কৰি আমাৰ দেহৰ তেজ পৰিস্কাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে। লিভাৰে আমাৰ হজম শক্তিত প্ৰধান ভূমিকা পালন কৰে। কিছুমান বিশেষ ধৰণৰ ভিটামিন আৰু গ্লুক’জ সংৰক্ষণ কৰা আৰু তেজ জমা হোৱাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত প্ৰ’টিন প্ৰস্তুত কৰা কামো লিভাৰে কৰে।

লিভাৰৰ ক্ষতি হ’ব পৰা কোনো কাম মানুহে কৰিব নালাগে। লিভাৰ ক্ষতিৰ অন্যতম মূল কাৰণ হ’ল মদ্যপান। মদৰ ফলত লিভাৰৰ ক্ষতি হ’লে ইয়াক এলকহল সম্পৰ্কীয় লিভাৰৰ ৰোগ বোলা হয়।

লিভাৰ ক্ষতি হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

যেতিয়া আপুনি আপোনাৰ লিভাৰৰ ক্ষমতাতকৈ অধিক মদ্যপান কৰে তেতিয়া লিভাৰৰ বহুত ক্ষতি হয়। আন বহু কাৰণতো লিভাৰ নষ্ট হয়।

লিভাৰ নষ্ট হোৱাৰ লক্ষণসমূহ কি কি

১)লিভাৰ ফুলি উঠাঃ যাৰ ফলত আপোনাৰ পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষৰ সমস্যা হ’ব।

২)অনবৰতে ভাগৰুৱা অনুভৱ

৩)বিনা কাৰণত ওজন কমি যায় 

৪)ভোক নলগা

৫)ওকালি আহি থকা

৬)বমি হৈ থকা

৭)মূখৰ দূগৰ্ন্ধ হোৱা

৮)চকু, চাল আৰু প্ৰস্ৰাবৰ ৰং পৰিৱৰ্তিত হোৱা

৯)ভৰি আৰু গাঁঠি ফুলি উঠা

১০)অত্যন্ত ঘামি থকা

গতিকে এই লক্ষণসমূহ যদি প্ৰকাশ পায়, তেন্তে আপোনাৰ লিভাৰ বেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। লিভাৰ ভিন্ন কাৰণত নষ্ট হ’ব পাৰে যদিও সুৰাপায়ীসকলৰ লিভাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকে। গতিকে এনে লক্ষণ দেখা পালেই তত্‍ক্ষণাত্‍ চিকিত্‍সকৰ কাষ চাপিব লাগে আৰু নিজৰ জীৱনশৈলী সলাব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ