--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ হৈছে এক জটিল ৰোগ যিটোৱে গোটেই জীৱন অশান্তি দিয়ে। যেতিয়া ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেতিয়া খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত যত্ন ল’ব লাগে, নহ’লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এনে ৰোগীক বিশেষভাৱে ভাতৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়, যিটো ভাৰতত বসবাস কৰা লোকৰ বাবে অলপ কঠিন। 

ভাৰতীয় ব্যঞ্জনত ভাতৰ বিশেষ স্থান আছে, তথাপিও মানুহে ইয়াক পৰিত্যাগ কৰিবলৈ বাধ্য হয়। কিন্তু এজন চিকিৎসকৰ মতে ভাত সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ ইয়াক ৰন্ধা বিশেষ পদ্ধতিৰ বিষয়ে জনা উচিত।

ডায়েবেটিছ ৰোগীয়ে কেনেকৈ খাব লাগে ভাত?

ডাঃ মনন ভোৰাই কয়, "আপোনাৰ ঘৰত কোনোবাই ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁলোকক ভাত নাখাবলৈ কোৱা হৈছে? এইটো কি আজে বাজে কথা? ভাতবিহীন ভাৰতীয় খাদ্য। সম্ভৱনে? মই কৈছো শুনক" ডায়েবেটিছ ৰোগীয়েও কেনেকৈ ভাত খাব পাৰে? চাউলৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ, যাৰ ফলত আপোনাৰ তেজত ছুগাৰৰ মাত্ৰা সহজে বৃদ্ধি পায়, কিন্তু ইয়াৰ উপায় এতিয়াও আছে।"
 

১/ সঠিক উপায় হ'ল কুকাৰৰ সলনি মুকলি পাত্ৰত ভাত ৰান্ধিব, আৰু যিমান পাৰি পানী উলিয়াই দিয়ক। 

২/ লগতে আপোনাৰ ভাতত আঁহ আৰু প্ৰটিনৰ ভাল উৎস অৰ্থাৎ কণী, পনীৰ, কুকুৰা, দৈ আৰু কিছু সতেজ শাক-পাচলি মিহলাই লওক।

৩/ যদি আপোনাৰ পৰিয়ালৰ সদস্যৰ ডায়েবেটিছ হয় তেন্তে ভাত খোৱাৰ পৰিমাণ কমাই দিব, ভাত খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰয়োজন নাই।

৪) ভাত খোৱাৰ পিছত কিছু সময় খোজকঢ়াটো জৰুৰী, ইয়াৰ ফলত তেজত ছুগাৰৰ মাত্ৰা হ্ৰাস পোৱাত সহায় হয়।

৫) ৯ৰ পৰা ১০ ঘণ্টা আগতে সিজোৱা আৰু ঠাণ্ডা হোৱা ভাত খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু