--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ হৈছে এক জটিল ৰোগ যিটোৱে গোটেই জীৱন অশান্তি দিয়ে। যেতিয়া ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেতিয়া খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত যত্ন ল’ব লাগে, নহ’লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এনে ৰোগীক বিশেষভাৱে ভাতৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়, যিটো ভাৰতত বসবাস কৰা লোকৰ বাবে অলপ কঠিন। 

ভাৰতীয় ব্যঞ্জনত ভাতৰ বিশেষ স্থান আছে, তথাপিও মানুহে ইয়াক পৰিত্যাগ কৰিবলৈ বাধ্য হয়। কিন্তু এজন চিকিৎসকৰ মতে ভাত সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ ইয়াক ৰন্ধা বিশেষ পদ্ধতিৰ বিষয়ে জনা উচিত।

ডায়েবেটিছ ৰোগীয়ে কেনেকৈ খাব লাগে ভাত?

ডাঃ মনন ভোৰাই কয়, "আপোনাৰ ঘৰত কোনোবাই ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁলোকক ভাত নাখাবলৈ কোৱা হৈছে? এইটো কি আজে বাজে কথা? ভাতবিহীন ভাৰতীয় খাদ্য। সম্ভৱনে? মই কৈছো শুনক" ডায়েবেটিছ ৰোগীয়েও কেনেকৈ ভাত খাব পাৰে? চাউলৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ, যাৰ ফলত আপোনাৰ তেজত ছুগাৰৰ মাত্ৰা সহজে বৃদ্ধি পায়, কিন্তু ইয়াৰ উপায় এতিয়াও আছে।"
 

১/ সঠিক উপায় হ'ল কুকাৰৰ সলনি মুকলি পাত্ৰত ভাত ৰান্ধিব, আৰু যিমান পাৰি পানী উলিয়াই দিয়ক। 

২/ লগতে আপোনাৰ ভাতত আঁহ আৰু প্ৰটিনৰ ভাল উৎস অৰ্থাৎ কণী, পনীৰ, কুকুৰা, দৈ আৰু কিছু সতেজ শাক-পাচলি মিহলাই লওক।

৩/ যদি আপোনাৰ পৰিয়ালৰ সদস্যৰ ডায়েবেটিছ হয় তেন্তে ভাত খোৱাৰ পৰিমাণ কমাই দিব, ভাত খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰয়োজন নাই।

৪) ভাত খোৱাৰ পিছত কিছু সময় খোজকঢ়াটো জৰুৰী, ইয়াৰ ফলত তেজত ছুগাৰৰ মাত্ৰা হ্ৰাস পোৱাত সহায় হয়।

৫) ৯ৰ পৰা ১০ ঘণ্টা আগতে সিজোৱা আৰু ঠাণ্ডা হোৱা ভাত খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ