--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰে আমি খোৱা আৰু পান কৰা বস্তুবোৰ অহৰহ প্ৰক্ৰিয়াকৰণ কৰি থাকে। একেদৰে আমাৰ মগজুৱেও চিন্তা আৰু অনুভূতি প্ৰক্ৰিয়াকৰণৰ বাবে অবিৰতভাৱে কাম কৰে। সময়ৰ লগে লগে এই প্ৰক্ৰিয়াবোৰে বেয়া বস্তু গঢ়ি তুলিবলৈ আৰম্ভ কৰিব পাৰে। ই শৰীৰ আৰু মন দুয়োটাকে স্থবিৰ কৰিব পাৰে। আমি শৰীৰটো যেনেদৰে চাফা কৰো ঠিক তেনেদৰে মনটোও চাফা কৰা প্ৰয়োজন। 

শৰীৰৰ দৰে মগজুকো পৰিষ্কাৰ কৰা প্ৰয়োজন। মগজু পৰিষ্কাৰ হৈ থাকিলে পূৰ্বতকৈ শক্তিশালীভাৱে স্বাভাৱিক কাৰ্য্যকলাপলৈ ঘূৰি অহাত সহায় হয়। আপুনি কেনেকৈ মন-মগজু পৰিষ্কাৰ কৰিব জানো আহক। 

১) আওকাণ কৰা আৰম্ভ কৰকঃ যিবোৰ মানুহে আপোনাক হেয়জ্ঞান কৰে। যিসকলে আপোনাৰ কোনো কথাত অনুপ্ৰাণিত নকৰে সেইসকলক আওকাণ কৰা আৰম্ভ কৰক।

২) লিখা আৰম্ভ কৰকঃ আপোনাৰ মন-মগজুত যি কথা আছে সেয়া কেতিয়াবা ওলাই অহাটো প্ৰয়োজন। ৩০ মিনিটৰ বাবে সময় নিৰ্ধাৰণ কৰি চাওক আৰু আপুনি অভিযোগ কৰিব বিচৰা সকলো কথা বা আপুনি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কাগজত লিখি ৰাখক। এনেদৰে লিখিলে সেই বিৰক্তিকৰ চিন্তাবোৰৰ পৰা আঁতৰি আহিব পাৰিব।

৩) নিজকে প্ৰশ্ন কৰকঃ A) মোৰ জীৱনত এনেকুৱা এটা সম্পৰ্ক আছেনে যিটো শেষ হৈ গৈছে, তথাপিও মই ধৰি ৰাখিছো?
                B) একো কামত নাহা বস্তুবোৰ আঁতৰাই মোৰ জীৱনৰ কি কি দিশ উন্নত কৰিব পাৰিম?

৪) মেডিটেচন কৰাঃ মেডিটেচন কৰক। মেডিটেচন কৰিলে মানসিক চাপৰ সৃষ্টি কৰা অনিয়ন্ত্ৰিত চিন্তাবোৰ আঁতৰাই যায়। এই প্ৰক্ৰিয়াৰ ফলত আৱেগিক, বৌদ্ধিক, শাৰীৰিক আৰু আধ্যাত্মিক সুস্থতা বৃদ্ধি পায়।

৫) সন্তুষ্টিঃ  আপুনি যিমানেই চিন্তা কৰক, আপোনাৰ ভৱিষ্যত সলনি নহয় বা আপুনি যিমানেই অনুশোচনা কৰক, আপোনাৰ অতীত সলনি নহয়। 
সকলোবোৰ যেনেকৈ পাইছে বা আছে তেনেকৈয়ে মানি ললে মনত শান্তি থাকে। সন্তুষ্টি লব জানিলে মগজুৱেও আৰাম পায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে