--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ অতি দ্ৰুতগতিত বিয়পি পৰা এক ৰোগ। ডায়েবেটিছ বৃদ্ধি হ’লে শৰীৰত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়।এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল’ব লাগে। শৰীৰত তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি হ’লে বৃক্ক, হৃদযন্ত্ৰ আৰু চকুৰ গুৰুতৰ ৰোগ হ’ব পাৰে। আমাৰ খাদ্যাভ্যাসৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ শৰীৰত পৰে। আনহাতে ডায়েবেটিছ ৰোগীয়ে এনে কিছুমান ভুল কৰে যাৰ ফলত তেজৰ চেনি আৰু অধিক বৃদ্ধি পায়। হয়, যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে ব্ৰেকফাষ্টত কিছুমান বস্তু গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগে। জানো আহক ব্ৰেকফাষ্টত কি কি বস্তু খাব নালাগে?

ডায়েবেটিছ ৰোগীয়ে এই ভুলবোৰ কৰিব নালাগে-

১) উচ্চ কাৰ্বহাইড্ৰেট আৰু কম প্ৰটিনঃ কিছুমান মানুহে ব্ৰেকফাষ্টত সুষম খাদ্য নাখায়। যাৰ কাৰণে তেজৰ চেনি বৃদ্ধি পায়। সেইবাবেই এনেবোৰ বস্তু ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব লাগে যিবোৰত কাৰ্বহাইড্ৰেট কম আৰু প্ৰটিন কম থাকে। এনে কৰিলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি।

২) ব্ৰেকফাষ্টত প্ৰটিন বৃদ্ধি কৰক- কিছুমান মানুহে ব্ৰেকফাষ্ট কৰি থাকোঁতে এই চিন্তাত পৰে যে যদি ইয়াত প্ৰটিন বেছি থাকে তেন্তে ই ক্ষতি কৰিব কিন্তু কথাটো তেনে নহয়। এনে পৰিস্থিতিত যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে ব্ৰেকফাষ্টত কণী, গাখীৰ, মচুৰ দাইল আৰু পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে। কাৰণ প্ৰটিন অবিহনে আমাৰ শৰীৰ অসম্পূৰ্ণ।

৩) জুচ পানঃ বেছিভাগ মানুহেই ব্ৰেকফাষ্টত ৰস বা জুচ সেৱন কৰে। জুচৰ পৰা আঁহ আঁতৰি যায়, যাৰ বাবে মেদবহুলতা বৃদ্ধি পাব পাৰে। আনহাতে জুচত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি, যাৰ বাবে তেজৰ চেনি বৃদ্ধি হ’ব পাৰে। সেইবাবেই জুচৰ সলনি ফলমূল খাব। এনে কৰি আপুনি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰিব।















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক