--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ শৰীৰৰ বহু অংশৰ বাবে ক্ষতিকাৰক। সাধাৰণতে ইয়াক হৃদৰোগৰ প্ৰধান কাৰণ হিচাপে জনা যায় যদিও আপুনি জানেনে যে উচ্চ ৰক্তচাপে চকু, বৃক্ক আৰু স্নায়ুৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে? স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ হোৱাৰ বহু কাৰণ থাকিব পাৰে, সেয়েহে ইয়াৰ বিশেষ যত্ন লোৱা উচিত। ১৪০/৯০ বা তাতকৈ অধিক ৰক্তচাপ হ’লে উচ্চ ৰক্তচাপ বুলি ধৰা হয়।

 স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপে হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকুৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিলে স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। সাধাৰণ ঘৰুৱা উপায়ৰো ৰক্তচাপৰ সমস্যা সমাধান কৰিব পাৰি।

 * ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব-

বিশেষজ্ঞৰ মতে বেছিভাগ ক্ষেত্ৰতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত কোনো লক্ষণ দেখা নাযায়। কিন্তু কিছু লোকৰ মূৰৰ বিষ, উশাহ লোৱাত কষ্ট, অস্থিৰতা, বুকুৰ বিষ আদি সমস্যা হ’ব পাৰে। এনে সমস্যাৰ সময়মতে চিনাক্তকৰণ আৰু সেইবোৰ পৰিচালনাৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন হৈ পৰে। ধাৰাবাহিকভাৱে ৰক্তচাপ বৃদ্ধি হ’লে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে এই তিনিটা ব্যৱস্থা বিশেষভাৱে উপকাৰী হ’ব পাৰে।

 ১. খাদ্যত ছ’ডিয়ামৰ পৰিমাণ কৰা-

ছ’ডিয়াম (নিমখ) বেছিকৈ সেৱন কৰিলে উচ্চ ৰক্তচাপ হ’ব পাৰে। গৱেষকসকলৰ মতে যিসকল লোকে অধিক নিমখ সেৱন কৰে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা আন লোকতকৈ বেছি হ’ব পাৰে। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি প্ৰতিদিনে ২৩০০ মিলিগ্ৰাম (এচামুচ)তকৈ অধিক নিমখ সেৱন কৰিব নালাগে, কিয়নো ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ আশংকা হ’ব পাৰে।

 ২. নিয়মীয়া ব্যায়ামৰ অভ্যাস গঢ়ি তোলক-

শাৰীৰিক কাৰ্য্যকলাপ আৰু ৱৰ্কআউটে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে। ব্যায়ামক অভ্যাস হিচাপে গঢ়ি তোলাটোও ৰক্তচাপ নিয়ন্ত্ৰণত উপকাৰী হ’ব পাৰে। বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে ব্যায়ামৰ অভ্যাস গঢ়ি তোলাটোও স্নায়ু আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত উপকাৰী। স্বাস্থ্য বিশেষজ্ঞৰ মতে প্ৰতিদিনে ৩০ মিনিট ব্যায়াম প্ৰতিজন ব্যক্তিয়ে কৰিব লাগে।

 ৩. পটাছিয়ামসমৃদ্ধ খাদ্য খোৱা-

হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি আৰু ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে পটাছিয়াম অন্যতম উত্তম খনিজ পদাৰ্থ। লগতে নিমখৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াও হ্ৰাস কৰে। পটাছিয়ামসমৃদ্ধ খাদ্য সেৱনে ৰক্তবাহী নলীত চাপ হ্ৰাসৰ বাবে উপকাৰী বুলি বিবেচিত হয়। কল, বিলাহী, এভোকেডো, গাখীৰ, দৈ, বীন, বাদাম আদিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে