--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ শৰীৰৰ বহু অংশৰ বাবে ক্ষতিকাৰক। সাধাৰণতে ইয়াক হৃদৰোগৰ প্ৰধান কাৰণ হিচাপে জনা যায় যদিও আপুনি জানেনে যে উচ্চ ৰক্তচাপে চকু, বৃক্ক আৰু স্নায়ুৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে? স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ হোৱাৰ বহু কাৰণ থাকিব পাৰে, সেয়েহে ইয়াৰ বিশেষ যত্ন লোৱা উচিত। ১৪০/৯০ বা তাতকৈ অধিক ৰক্তচাপ হ’লে উচ্চ ৰক্তচাপ বুলি ধৰা হয়।

 স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপে হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকুৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিলে স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। সাধাৰণ ঘৰুৱা উপায়ৰো ৰক্তচাপৰ সমস্যা সমাধান কৰিব পাৰি।

 * ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব-

বিশেষজ্ঞৰ মতে বেছিভাগ ক্ষেত্ৰতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত কোনো লক্ষণ দেখা নাযায়। কিন্তু কিছু লোকৰ মূৰৰ বিষ, উশাহ লোৱাত কষ্ট, অস্থিৰতা, বুকুৰ বিষ আদি সমস্যা হ’ব পাৰে। এনে সমস্যাৰ সময়মতে চিনাক্তকৰণ আৰু সেইবোৰ পৰিচালনাৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন হৈ পৰে। ধাৰাবাহিকভাৱে ৰক্তচাপ বৃদ্ধি হ’লে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে এই তিনিটা ব্যৱস্থা বিশেষভাৱে উপকাৰী হ’ব পাৰে।

 ১. খাদ্যত ছ’ডিয়ামৰ পৰিমাণ কৰা-

ছ’ডিয়াম (নিমখ) বেছিকৈ সেৱন কৰিলে উচ্চ ৰক্তচাপ হ’ব পাৰে। গৱেষকসকলৰ মতে যিসকল লোকে অধিক নিমখ সেৱন কৰে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা আন লোকতকৈ বেছি হ’ব পাৰে। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি প্ৰতিদিনে ২৩০০ মিলিগ্ৰাম (এচামুচ)তকৈ অধিক নিমখ সেৱন কৰিব নালাগে, কিয়নো ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ আশংকা হ’ব পাৰে।

 ২. নিয়মীয়া ব্যায়ামৰ অভ্যাস গঢ়ি তোলক-

শাৰীৰিক কাৰ্য্যকলাপ আৰু ৱৰ্কআউটে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে। ব্যায়ামক অভ্যাস হিচাপে গঢ়ি তোলাটোও ৰক্তচাপ নিয়ন্ত্ৰণত উপকাৰী হ’ব পাৰে। বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে ব্যায়ামৰ অভ্যাস গঢ়ি তোলাটোও স্নায়ু আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত উপকাৰী। স্বাস্থ্য বিশেষজ্ঞৰ মতে প্ৰতিদিনে ৩০ মিনিট ব্যায়াম প্ৰতিজন ব্যক্তিয়ে কৰিব লাগে।

 ৩. পটাছিয়ামসমৃদ্ধ খাদ্য খোৱা-

হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি আৰু ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে পটাছিয়াম অন্যতম উত্তম খনিজ পদাৰ্থ। লগতে নিমখৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াও হ্ৰাস কৰে। পটাছিয়ামসমৃদ্ধ খাদ্য সেৱনে ৰক্তবাহী নলীত চাপ হ্ৰাসৰ বাবে উপকাৰী বুলি বিবেচিত হয়। কল, বিলাহী, এভোকেডো, গাখীৰ, দৈ, বীন, বাদাম আদিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক