--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে খাদ্য খোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা-নিষেধ থাকে। কি খাব, কেতিয়া খাব, কিমান খাব- এই সকলোবোৰ কঠোৰ নিয়মত আবদ্ধ হৈ পৰে। চাহ-কফি ভাল পোৱাসকলক চেনিবিহীন খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু ইমানবোৰ নিষেধাজ্ঞা আৰোপৰ পাছতো তেজত ছুগাৰৰ মাত্ৰা অনিয়ন্ত্ৰিত হৈ থাকে। এনে পৰিস্থিতিত ডাবৰ পানীয়ে দিব পাৰে আশাৰ বতৰা। কাৰণ ডাবৰ পানীয়ে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰি তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে।

 ডাবৰ পানী খালে কি কি উপকাৰ পোৱা যায়?

১)পাচনতন্ত্ৰৰ বিসংগতিৰ ফলত ছুগাৰৰ মাত্ৰা অনিয়ন্ত্ৰিত হৈ পৰে। সেয়ে ডায়েবেটিছ ৰোগত সঠিক পদ্ধতিত হজম হোৱাত গুৰুত্ব দিব লাগে। এই ক্ষেত্ৰত ডায়েবেটিছ আক্ৰান্তসকলে ডাবৰ পানী সেৱন কৰিব পাৰে।

 ২)ডাব পানীত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান যেনে-ফাইবাৰ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ছ’ডিয়াম, আইৰন থাকে। এই উপাদানবোৰে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

 ৩)ডায়েবেটিছ থাকিলে ৰক্ত সঞ্চালনত কিছু সমস্যা হয়। ইয়াৰ প্ৰভাৱৰ ভিতৰত চকুৰ দৃষ্টিশক্তিৰ অভাৱ, পেশীৰ বিষ, বৃক্ক বিকল হোৱা আদি অন্যতম। ডাবৰ পানীয়ে ৰক্ত সঞ্চালন উন্নত আৰু স্বাভাৱিক কৰি ৰখাত সহায় কৰে।

 ৪) ওজন বৃদ্ধি হোৱাটো ডায়েবেটিছৰ অন্যতম লক্ষণ। তেজৰ শৰ্কৰাৰ মাত্ৰা আৰু ওজন দুয়োটা নিয়ন্ত্ৰণ কৰাত ডাবৰ পানী অতি ফলপ্ৰসূ। এই পানীত কেলৰি কম থাকে আৰু বায়’এনজাইমসমৃদ্ধ হয়। সেয়েহে ডাবৰ পানীয়ে ওজন বৃদ্ধিত বাধা দি ব্লাড ছুগাৰা সম্ভাৱনা হ্ৰাস কৰে।

 ৫) ডাবৰ পানীত গ্লাইচেমিক ইনডেক্স কম থাকে সেয়েহে এই পানীয়ে ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু