--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে খাদ্য খোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা-নিষেধ থাকে। কি খাব, কেতিয়া খাব, কিমান খাব- এই সকলোবোৰ কঠোৰ নিয়মত আবদ্ধ হৈ পৰে। চাহ-কফি ভাল পোৱাসকলক চেনিবিহীন খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু ইমানবোৰ নিষেধাজ্ঞা আৰোপৰ পাছতো তেজত ছুগাৰৰ মাত্ৰা অনিয়ন্ত্ৰিত হৈ থাকে। এনে পৰিস্থিতিত ডাবৰ পানীয়ে দিব পাৰে আশাৰ বতৰা। কাৰণ ডাবৰ পানীয়ে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰি তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে।

 ডাবৰ পানী খালে কি কি উপকাৰ পোৱা যায়?

১)পাচনতন্ত্ৰৰ বিসংগতিৰ ফলত ছুগাৰৰ মাত্ৰা অনিয়ন্ত্ৰিত হৈ পৰে। সেয়ে ডায়েবেটিছ ৰোগত সঠিক পদ্ধতিত হজম হোৱাত গুৰুত্ব দিব লাগে। এই ক্ষেত্ৰত ডায়েবেটিছ আক্ৰান্তসকলে ডাবৰ পানী সেৱন কৰিব পাৰে।

 ২)ডাব পানীত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান যেনে-ফাইবাৰ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ছ’ডিয়াম, আইৰন থাকে। এই উপাদানবোৰে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

 ৩)ডায়েবেটিছ থাকিলে ৰক্ত সঞ্চালনত কিছু সমস্যা হয়। ইয়াৰ প্ৰভাৱৰ ভিতৰত চকুৰ দৃষ্টিশক্তিৰ অভাৱ, পেশীৰ বিষ, বৃক্ক বিকল হোৱা আদি অন্যতম। ডাবৰ পানীয়ে ৰক্ত সঞ্চালন উন্নত আৰু স্বাভাৱিক কৰি ৰখাত সহায় কৰে।

 ৪) ওজন বৃদ্ধি হোৱাটো ডায়েবেটিছৰ অন্যতম লক্ষণ। তেজৰ শৰ্কৰাৰ মাত্ৰা আৰু ওজন দুয়োটা নিয়ন্ত্ৰণ কৰাত ডাবৰ পানী অতি ফলপ্ৰসূ। এই পানীত কেলৰি কম থাকে আৰু বায়’এনজাইমসমৃদ্ধ হয়। সেয়েহে ডাবৰ পানীয়ে ওজন বৃদ্ধিত বাধা দি ব্লাড ছুগাৰা সম্ভাৱনা হ্ৰাস কৰে।

 ৫) ডাবৰ পানীত গ্লাইচেমিক ইনডেক্স কম থাকে সেয়েহে এই পানীয়ে ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক