--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়ুৰ্বেদ শাস্ত্ৰত ত্ৰিফলাক(Triphala) উৎকৃষ্ট বনৌষধ বুলি বৰ্ণনা কৰিছে।ই পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধৰ এক মুখ্য উপাদান, যি হৈছে ৩,০০০ বছৰৰ আগতে ভাৰতত উদ্ভৱ হোৱা বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা প্ৰণালীবোৰৰ ভিতৰত এটা। ত্ৰিফলা বুলি কোনো গছ বা লতা নাই। ই তিনিবিধ ফলৰ সম পৰিমাণৰ মিশ্ৰন মাথোন। ত্ৰিফলা আমলখি, শিলিখা আৰু ভোমোৰাৰ গুড়িৰে তৈয়াৰী এক মিশ্ৰণ। এই তিনিওবিধ ফলৰ মিশ্ৰণ সেৱন কৰি সকলোৱে দীৰ্ঘায়ু হৈ থাকিব পাৰে। নিতৌ ত্ৰিফলা ব্যৱহাৰ কৰি সকলোৱে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। বাত, পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পাৰে ত্ৰিফলাই। 

আহকচোন জানো ত্ৰিফলাৰ উপকাৰিতা বিষয়ে-

১) আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে সকলো মানুহৰ ৰোগৰ মূল কাৰণ হৈছে ত্ৰিদোষ অৰ্থাৎ বায়ু, পিত্ত আৰু কফ। ত্ৰিফলাই ত্ৰিদোষ নিয়ন্ত্ৰণ কৰে আৰু মানুহক নিৰোগী আৰু সুস্থ কৰি ৰাখে। 

২)ত্ৰিফলা খালে এজন ব্যক্তিয়ে শৰীৰৰ প্ৰত্যেকটো অংগ বীজাণুৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰে। 

৩)যিহেতু ত্ৰিফলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু ভিটামিন চি উপলব্ধ, গতিকে ই চুলি, ছালৰ বাবে বিশেষ উপযোগী।

৪) ত্ৰিফলাই এন্টিঅক্সিডেন্টৰ কাম কৰে। বিশেষকৈ ইয়াত থকা আমলখি এবিধ বহুত ভাল এন্টিঅক্সিডেন্ট।

৫)পেটৰ সমস্যা বা কোষ্ঠকাঠিন্যত ভুগি থকা সকলে ত্ৰিফলা খোৱা আৰম্ভ কৰিব পাৰে। 

৬)হজম শক্তি বৃদ্ধি কৰে।

৭) ত্ৰিফলাই ওজন হ্ৰাস কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট সমল আৰু হাইড্ৰক্সিল আৰু নাইট্ৰিক অক্সাইড ৰেডিকেলে ওজন হ্ৰাস কৰাত সহায় কৰে।

৮) ত্ৰিফলাত লিনোলিক এচিড অন্তৰ্ভুক্ত থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৯)ত্ৰিফলাই ৰক্ত সঞ্চালন সঠিক ৰখাত সহায় কৰে।

১০)ত্ৰিফলা এণ্টিঅক্সিডেণ্ট,এণ্টিইনফ্লেমেটৰী আৰু এণ্টিমাইক্ৰোবাইল উপাদানে দাঁতৰ সমস্যা দূৰ কৰাত আৰু দাঁতৰ ভাল স্বাস্থ্য বজাই ৰখাত সহায় কৰে।


১১) ত্ৰিফলা খালে শৰীৰত কৰ্কট কোষ বিকশিত হোৱাৰ সম্ভাৱনা হ্ৰাস হয়।

১২)ত্ৰিফলাই চকুৰ সুস্থতা বজাই ৰাখে আৰু দৃষ্টিশক্তি উন্নত কৰে।

১৩)ত্ৰিফলা খালে ভোক নলগা সমস্যা সোনকালে আঁতৰ হয়।

১৪)ত্ৰিফলাই ডায়েবেটিচৰ বিৰুদ্ধে কাম কৰে।

১৫)ই মস্তিষ্কৰ প্ৰদৰ্শন বৃদ্ধি কৰে, লগতে মানসিক ভাগৰ হ্ৰাস কৰে ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক