--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এতিয়া সমগ্ৰ বিশ্বৰে এক ডাঙৰ সমস্যা হৈ পৰিছে। আপুনি জানেনে যে লো আৰু কেলচিয়ামসমৃদ্ধ ৰস খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আনিব পাৰি? হয়, যদি আপুনিও ডায়েবেটিছত ভুগি আছে  তেন্তে এই ৰস কেইবিধ ঘৰতে প্ৰস্তুত কৰি খাব পাৰে। এনেবোৰ ৰসে ৰক্ত শৰ্কৰা হ্ৰাস কৰাৰ লগতে  আপোনাৰ স্বাস্থ্যৰ বাবে বহু লাভদায়ক। ডায়েবেটিছৰ ক্ষেত্ৰ  জীৱনশৈলীৰ বহুতো পৰিৱৰ্তন কৰা প্ৰয়োজনীয় হৈ পৰে। এই সময়ছোৱাত  আনকি খোৱা বা জীৱনশৈলীৰ  ক্ষেত্ৰত সামান্য অৱহেলাই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। এনে পৰিস্থিতিত  বহু  বস্তু খাবলৈ নিষেধ কৰা হয়, আনহাতে, কিছুমান বস্তু খাই ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণ কৰিব পাৰি। ৪  বিধ ৰসৰ বিষয়ে ক'ম, যিবোৰে আপোনাৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আনিব পাৰে।

 পালেং শাকৰ ৰস
অত্যাৱশ্যকীয় ভিটামিন আৰু এমিনো এচিডকে ধৰি বহু লাগতীয়াল উপাদান  সমৃদ্ধ  পালেং শাকৰ ৰস ডায়েবেটিছৰ ক্ষেত্ৰত অতি উপকাৰী। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ এই ৰস খালে  প্ৰকাৰ ২ ডায়বেটিছৰ আশংকা হ্ৰাস পায়  লগতে মেদবহুলতাৰ পৰাও সকাহ দিয়ে।

কেৰেলাৰ  ৰস
ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে কেৰেলাৰ ৰসো  অতি  ভাল। এই ৰসত  ইনচুলিনসদৃশ উপাদান পলিপেপটাইড-পি থাকে, যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত এক ডাঙৰ ভূমিকা পালন কৰে। 


পানী লাউৰ ৰস
পানী লাউৰ ৰসত আঁহকে ধৰি বহু অত্যাৱশ্যকীয় পুষ্টি থাকে।  ইয়াৰ উপৰি  ইয়াৰ গ্লাইচেমিক সূচকো কম, সেয়েহে ইয়াক সেৱন কৰিলে ডায়েবেটিছ ৰোগীয়ে বহু সকাহ পাব পাৰে। পানী লাউৰ ৰসে বৰ্ধিত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আনিব পাৰে।

 এলোভেৰাৰ ৰস
ভিটামিন ই, চি আৰু বহু অত্যাৱশ্যকীয় এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ এলোভেৰাৰ ৰস, ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। ইয়াক দৈনিক সেৱন কৰিলে  আপুনি  ওজন হ্ৰাস কৰাত সফল হোৱাৰ লগতে ছাল আৰু চুলিৰ ক্ষেত্ৰতো ই যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হৈছে। আজিকালি বজাৰত  এলোভেৰাৰ ৰস কিনিবলৈ পোৱা যায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু