--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এতিয়া সমগ্ৰ বিশ্বৰে এক ডাঙৰ সমস্যা হৈ পৰিছে। আপুনি জানেনে যে লো আৰু কেলচিয়ামসমৃদ্ধ ৰস খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আনিব পাৰি? হয়, যদি আপুনিও ডায়েবেটিছত ভুগি আছে  তেন্তে এই ৰস কেইবিধ ঘৰতে প্ৰস্তুত কৰি খাব পাৰে। এনেবোৰ ৰসে ৰক্ত শৰ্কৰা হ্ৰাস কৰাৰ লগতে  আপোনাৰ স্বাস্থ্যৰ বাবে বহু লাভদায়ক। ডায়েবেটিছৰ ক্ষেত্ৰ  জীৱনশৈলীৰ বহুতো পৰিৱৰ্তন কৰা প্ৰয়োজনীয় হৈ পৰে। এই সময়ছোৱাত  আনকি খোৱা বা জীৱনশৈলীৰ  ক্ষেত্ৰত সামান্য অৱহেলাই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। এনে পৰিস্থিতিত  বহু  বস্তু খাবলৈ নিষেধ কৰা হয়, আনহাতে, কিছুমান বস্তু খাই ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণ কৰিব পাৰি। ৪  বিধ ৰসৰ বিষয়ে ক'ম, যিবোৰে আপোনাৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আনিব পাৰে।

 পালেং শাকৰ ৰস
অত্যাৱশ্যকীয় ভিটামিন আৰু এমিনো এচিডকে ধৰি বহু লাগতীয়াল উপাদান  সমৃদ্ধ  পালেং শাকৰ ৰস ডায়েবেটিছৰ ক্ষেত্ৰত অতি উপকাৰী। এণ্টিঅক্সিডেণ্ট সমৃদ্ধ এই ৰস খালে  প্ৰকাৰ ২ ডায়বেটিছৰ আশংকা হ্ৰাস পায়  লগতে মেদবহুলতাৰ পৰাও সকাহ দিয়ে।

কেৰেলাৰ  ৰস
ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে কেৰেলাৰ ৰসো  অতি  ভাল। এই ৰসত  ইনচুলিনসদৃশ উপাদান পলিপেপটাইড-পি থাকে, যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত এক ডাঙৰ ভূমিকা পালন কৰে। 


পানী লাউৰ ৰস
পানী লাউৰ ৰসত আঁহকে ধৰি বহু অত্যাৱশ্যকীয় পুষ্টি থাকে।  ইয়াৰ উপৰি  ইয়াৰ গ্লাইচেমিক সূচকো কম, সেয়েহে ইয়াক সেৱন কৰিলে ডায়েবেটিছ ৰোগীয়ে বহু সকাহ পাব পাৰে। পানী লাউৰ ৰসে বৰ্ধিত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আনিব পাৰে।

 এলোভেৰাৰ ৰস
ভিটামিন ই, চি আৰু বহু অত্যাৱশ্যকীয় এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ এলোভেৰাৰ ৰস, ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। ইয়াক দৈনিক সেৱন কৰিলে  আপুনি  ওজন হ্ৰাস কৰাত সফল হোৱাৰ লগতে ছাল আৰু চুলিৰ ক্ষেত্ৰতো ই যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হৈছে। আজিকালি বজাৰত  এলোভেৰাৰ ৰস কিনিবলৈ পোৱা যায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ