--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড কালত কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে। ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে তেওঁলোকৰ Covid-19 ভেকচিনে কম সংখ্যক ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। 

ব্ৰিটিছ উচ্চ ন্যায়ালয়ত দাখিল কৰা আদালতৰ নথি-পত্ৰত এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে তেওঁলোকৰ Covid-19 ভেকচিনে থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (TTS)ৰ দৰে বিৰল পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কেইবাখনো দেশত Covishield আৰু Vaxjavria ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা হৈছিল AstraZeneca ভেকচিন। 


দুটা সন্তানৰ পিতৃ জেমী স্কটে যোৱা বছৰ কোম্পানীটোৰ বিৰুদ্ধে গোচৰ তৰিছিল। ভেকচিন লোৱাৰ পিছত তেওঁৰ মগজুত তেজৰ গোট গঠন হৈছিল, যাৰ বাবে তেওঁ কাম কৰিবলৈ অক্ষম হৈ পৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰিটিছ উচ্চ ন্যায়ালয়ত ৫১টা এনে গোচৰ ৰুজু হৈছে, য’ত ভুক্তভোগী আৰু তেওঁলোকৰ আত্মীয়ই ১০ কোটি পাউণ্ড পৰ্যন্ত ক্ষতিপূৰণৰ দাবী জনাইছে।


অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকাই এই ভেকচিন প্ৰস্তুত কৰিছিল। ভাৰতত এই ভেকচিন Covishield নামেৰে জনা যায়, যিটো দেশত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰিছিল। ছিৰাম ইনষ্টিটিউট হৈছে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুত কৰা কোম্পানী। ভাৰতত প্ৰদান কৰা ভেকচিনৰ প্ৰায় ৮০% মাত্ৰা কেৱল Covishield ৰ।

থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰমৰ ফলত ব্যক্তিৰ শৰীৰ আৰু মগজুত তেজ জমা হ’ব পাৰে। শৰীৰত তেজৰ গোট গঠন হোৱাৰ বাবে এজন ব্যক্তিৰ মগজুৰ ষ্ট্ৰোক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও এই চিনড্ৰমৰ বাবে তেজত প্লেটলেট কম হোৱাৰ আশংকাও থাকে।


আনকি যেতিয়া AstraZeneca ৰ Covid-19 ভেকচিন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াও ইয়াৰ পাৰ্শ্বক্ৰিয়াক লৈ বিতৰ্ক হৈছিল। কিন্তু তেতিয়া কোম্পানীটোৱে কৈছিল যে পৰীক্ষাৰ সময়ত ভেকচিনৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা নগ’ল। কোৱা হৈছিল যে টিকাকৰণৰ পিছত ভাগৰুৱা, ডিঙিৰ বিষ, মৃদু জ্বৰ আদি লক্ষণ দেখা পোৱা গৈছিল যদিও কোনো মৃত্যু বা গুৰুতৰ ৰোগৰ কোনো লক্ষণ দেখা পোৱা নগ’ল।


বিশ্বৰ কোটি কোটি লোকলৈ কৰোনা ভাইৰাছে যেতিয়া মৃত্যুৰ ভাবুকি আনিছিল, তেতিয়া কোভিড ভেকচিনে আশাৰ সঞ্চাৰ কৰিছিল। বহুতে কয় যে কম বয়সীয়া ডেকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই ভেকচিন দায়ী। লগতে বহুতে দাবী কৰে যে কোভিড আহি পোৱাৰ পিছতহে অকাল মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু