--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড কালত কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে। ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে তেওঁলোকৰ Covid-19 ভেকচিনে কম সংখ্যক ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। 

ব্ৰিটিছ উচ্চ ন্যায়ালয়ত দাখিল কৰা আদালতৰ নথি-পত্ৰত এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে তেওঁলোকৰ Covid-19 ভেকচিনে থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (TTS)ৰ দৰে বিৰল পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কেইবাখনো দেশত Covishield আৰু Vaxjavria ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা হৈছিল AstraZeneca ভেকচিন। 


দুটা সন্তানৰ পিতৃ জেমী স্কটে যোৱা বছৰ কোম্পানীটোৰ বিৰুদ্ধে গোচৰ তৰিছিল। ভেকচিন লোৱাৰ পিছত তেওঁৰ মগজুত তেজৰ গোট গঠন হৈছিল, যাৰ বাবে তেওঁ কাম কৰিবলৈ অক্ষম হৈ পৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰিটিছ উচ্চ ন্যায়ালয়ত ৫১টা এনে গোচৰ ৰুজু হৈছে, য’ত ভুক্তভোগী আৰু তেওঁলোকৰ আত্মীয়ই ১০ কোটি পাউণ্ড পৰ্যন্ত ক্ষতিপূৰণৰ দাবী জনাইছে।


অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকাই এই ভেকচিন প্ৰস্তুত কৰিছিল। ভাৰতত এই ভেকচিন Covishield নামেৰে জনা যায়, যিটো দেশত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰিছিল। ছিৰাম ইনষ্টিটিউট হৈছে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুত কৰা কোম্পানী। ভাৰতত প্ৰদান কৰা ভেকচিনৰ প্ৰায় ৮০% মাত্ৰা কেৱল Covishield ৰ।

থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰমৰ ফলত ব্যক্তিৰ শৰীৰ আৰু মগজুত তেজ জমা হ’ব পাৰে। শৰীৰত তেজৰ গোট গঠন হোৱাৰ বাবে এজন ব্যক্তিৰ মগজুৰ ষ্ট্ৰোক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও এই চিনড্ৰমৰ বাবে তেজত প্লেটলেট কম হোৱাৰ আশংকাও থাকে।


আনকি যেতিয়া AstraZeneca ৰ Covid-19 ভেকচিন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াও ইয়াৰ পাৰ্শ্বক্ৰিয়াক লৈ বিতৰ্ক হৈছিল। কিন্তু তেতিয়া কোম্পানীটোৱে কৈছিল যে পৰীক্ষাৰ সময়ত ভেকচিনৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা নগ’ল। কোৱা হৈছিল যে টিকাকৰণৰ পিছত ভাগৰুৱা, ডিঙিৰ বিষ, মৃদু জ্বৰ আদি লক্ষণ দেখা পোৱা গৈছিল যদিও কোনো মৃত্যু বা গুৰুতৰ ৰোগৰ কোনো লক্ষণ দেখা পোৱা নগ’ল।


বিশ্বৰ কোটি কোটি লোকলৈ কৰোনা ভাইৰাছে যেতিয়া মৃত্যুৰ ভাবুকি আনিছিল, তেতিয়া কোভিড ভেকচিনে আশাৰ সঞ্চাৰ কৰিছিল। বহুতে কয় যে কম বয়সীয়া ডেকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই ভেকচিন দায়ী। লগতে বহুতে দাবী কৰে যে কোভিড আহি পোৱাৰ পিছতহে অকাল মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ