--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াক লৈ এইকেইদিন বলীউড উখলমাখল হৈ আছে। দুয়োজন চেলিব্ৰেটীৰ অনুৰাগীয়ে তেওঁলোকৰ বিষয়ে জানিব বিচাৰে। কোনোবাই তেওঁলোকৰ বিবাহৰ পোছাকৰ বিষয়ে জানিব বিচাৰে, কোনোবাই তেওঁলোকৰ বিবাহৰ অনুষ্ঠানৰ বিষয়ে জানিব বিচাৰে। সকলোৱে ৰণবীৰৰ ষ্টাইলিং, ব্যক্তিত্বক অনুসৰণ কৰে। ৰণবীৰ কাপুৰৰ ফিটনেছ প্ৰশিক্ষক শিবোহামে (দীপেশ ভট্ট) সদৰী কৰিছে ৰণবীৰৰ ফিটনেছৰ ৰহস্য। 

শিবোহামে যোৱা ১.৫ বছৰ ধৰি ৰণবীৰক প্ৰশিক্ষণ দি আছে। ৰণবীৰে কঠোৰ ডায়েট অনুসৰণ কৰে। বহুলোকে ভাবিব পাৰে যে ৰণবীৰ কাপুৰ খান্দানৰ ল'ৰা, তেওঁৰ খাদ্য ভিন্ন স্বাদৰ হ'ব, য'ত বিভিন্ন ধৰণৰ ব্যঞ্জন অন্তৰ্ভুক্ত থাকিব কিন্তু এনেকুৱা নহয়। ৰণবীৰৰ খাদ্য সদায় সৰল। 

তেওঁ মিঠাই ভাল নাপায়, ভজা খাদ্য ভাল নাপায় আৰু বাহিৰৰ খাদ্য ভাল নাপায়। তেওঁ সদায় ঘৰত ৰন্ধা ছিম্পল খাদ্য খাবলৈ পছন্দ কৰে। ৰণবীৰে নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ ডেৰ বছৰ ৰুটী খোৱা নাই। তেওঁ সদায় নিম্ন-কাৰ্ব আহাৰ গ্ৰহণ কৰে। 

ৰাতিপুৱাৰ আহাৰত কণী, প্ৰ'টিন শ্বেক, ব্ৰাউন ব্ৰেড খায়। দুপৰীয়াৰ আহাৰত ব্ৰাউন চাউল, মুৰ্গী, মচুৰ দাইল আৰু সেউজীয়া পাচলি গ্ৰহণ কৰে। ৰাতিৰ আহাৰ যথেষ্ট পাতলকে খায় ৰণবীৰে। কেতিয়াবা টোষ্ট, বিৰিয়ানি খায়। 

ছাপ্লিমেণ্টৰ ক্ষেত্ৰত তেওঁ প্ৰ'টিন, গ্লুটামাইন, মাল্টিভিটামিন গ্ৰহণ কৰে।  শিবোহামে কয় যে ৰণবীৰ নিজৰ স্বাস্থ্যক লৈ অতি সচেতন। ডেৰ বছৰীয়া প্ৰশিক্ষণত শিবোহামে দেখিছে যে ৰণবীৰে দুই নে তিনি দিনহে জিমৰ পৰা বিৰতি লৈছিল কিবা বিশেষ কামত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ