--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাই ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে প্ৰায়ে শিৰোনামত থাকে। বুধবাৰেও কপিল শৰ্মাই নিজৰ ছ’চিয়েল মিডিয়াত এক ক্ষোভিত পোষ্ট দিছিল। বিমান পলম হোৱাৰ বাবে ক্ষুব্ধ হৈছে কপিল শৰ্মা। এই সন্দৰ্ভত কপিলে এটা পোষ্ট কৰিছে। য’ত তেওঁ ইণ্ডিগোৰ বিমান পলম হোৱাত যথেষ্ট ক্ষোভ প্ৰকাশ কৰে।

কপিলে টুইট কৰি কয় যে প্ৰথমে আপুনি আমাক বাছত ৫০ মিনিট অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল আৰু এতিয়া আপোনাৰ দলটোৱে কৈছে যে পাইলট ট্ৰেফিকত আবদ্ধ হৈ আছে। সঁচাকে? আমি ৮ বজাত উৰা মাৰিব লাগিছিল, কিন্তু এতিয়া ৯.২০ বাজিছে। ইয়াত এতিয়াও বিমানখনৰ ককপিটত এজনো পাইলট পোৱা নাই। এই ধৰণৰ কাৰ্য দেখাৰ পাছত বিমানখনত যাত্ৰা কৰা ১৮০ জন লোকে আগলৈ একেখন বিমানতে যাত্ৰা কৰিব বিচাৰিব বুলি আপুনি ভাবেনে?'

কপিল শৰ্মাই ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে বহু শিৰোনাম দখল কৰি থাকে। ইয়াৰ পূৰ্বেও কপিলে বহুবাৰ ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ ব্যক্ত কৰিছে। কপিল শৰ্মাই যেতিয়াই যিকোনো ব্যৱস্থাক লৈ বিচলিত হয়, তেতিয়াই তেওঁ নিশ্চিতভাৱে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কপিলৰ অনুৰাগীসকলেও তেওঁক সমৰ্থন কৰে। কপিল শৰ্মাই এবাৰ কৰ সন্দৰ্ভত টুইট কৰিছিল। যাৰ বাবে তেওঁ পিছত ক্ষমা খুজিবলগীয়া হৈছিল। এইবাৰ ইণ্ডিগোৰ বিমান পলম হোৱাৰ বাবে খঙাল হৈ পৰিছে কপিল শৰ্মা। কপিলৰ অনুৰাগীসকলেও এই পোষ্টটোৰ ওপৰত মন্তব্য কৰিছে।

কপিল শৰ্মাৰ এই পোষ্টটোত অনুৰাগীয়ে ধেমেলীয়া মন্তব্যও কৰিছে। একাংশ অনুৰাগীয়ে ধেমালিতে তেওঁক পেগ ব্যৱহাৰ কৰি নিজেই বিমানখন উৰুৱাবলৈ পৰামৰ্শ দিছিল। একাংশ সমালোচকে কপিলৰ এই টুইটৰ উপযুক্ত উত্তৰো দিছে। এজন ব্যৱহাৰকাৰীয়ে আনকি কৈছিল যে আমি আপোনাৰ অৰ্থহীন কমেডী বহু বছৰ ধৰি সহ্য কৰি আহিছো। বিমান এখনৰ বাবে ২ ঘণ্টা সময়ৰ অপেক্ষা সহ্য কৰিব নোৱাৰেনে? একাংশ ব্যৱহাৰকাৰীয়ে এই পোষ্টটোৰ ওপৰত কপিল শৰ্মাৰ সৈতে একমত হৈ বিমান চলাচলত পলম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী