--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাই ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে প্ৰায়ে শিৰোনামত থাকে। বুধবাৰেও কপিল শৰ্মাই নিজৰ ছ’চিয়েল মিডিয়াত এক ক্ষোভিত পোষ্ট দিছিল। বিমান পলম হোৱাৰ বাবে ক্ষুব্ধ হৈছে কপিল শৰ্মা। এই সন্দৰ্ভত কপিলে এটা পোষ্ট কৰিছে। য’ত তেওঁ ইণ্ডিগোৰ বিমান পলম হোৱাত যথেষ্ট ক্ষোভ প্ৰকাশ কৰে।

কপিলে টুইট কৰি কয় যে প্ৰথমে আপুনি আমাক বাছত ৫০ মিনিট অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল আৰু এতিয়া আপোনাৰ দলটোৱে কৈছে যে পাইলট ট্ৰেফিকত আবদ্ধ হৈ আছে। সঁচাকে? আমি ৮ বজাত উৰা মাৰিব লাগিছিল, কিন্তু এতিয়া ৯.২০ বাজিছে। ইয়াত এতিয়াও বিমানখনৰ ককপিটত এজনো পাইলট পোৱা নাই। এই ধৰণৰ কাৰ্য দেখাৰ পাছত বিমানখনত যাত্ৰা কৰা ১৮০ জন লোকে আগলৈ একেখন বিমানতে যাত্ৰা কৰিব বিচাৰিব বুলি আপুনি ভাবেনে?'

কপিল শৰ্মাই ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে বহু শিৰোনাম দখল কৰি থাকে। ইয়াৰ পূৰ্বেও কপিলে বহুবাৰ ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ ব্যক্ত কৰিছে। কপিল শৰ্মাই যেতিয়াই যিকোনো ব্যৱস্থাক লৈ বিচলিত হয়, তেতিয়াই তেওঁ নিশ্চিতভাৱে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কপিলৰ অনুৰাগীসকলেও তেওঁক সমৰ্থন কৰে। কপিল শৰ্মাই এবাৰ কৰ সন্দৰ্ভত টুইট কৰিছিল। যাৰ বাবে তেওঁ পিছত ক্ষমা খুজিবলগীয়া হৈছিল। এইবাৰ ইণ্ডিগোৰ বিমান পলম হোৱাৰ বাবে খঙাল হৈ পৰিছে কপিল শৰ্মা। কপিলৰ অনুৰাগীসকলেও এই পোষ্টটোৰ ওপৰত মন্তব্য কৰিছে।

কপিল শৰ্মাৰ এই পোষ্টটোত অনুৰাগীয়ে ধেমেলীয়া মন্তব্যও কৰিছে। একাংশ অনুৰাগীয়ে ধেমালিতে তেওঁক পেগ ব্যৱহাৰ কৰি নিজেই বিমানখন উৰুৱাবলৈ পৰামৰ্শ দিছিল। একাংশ সমালোচকে কপিলৰ এই টুইটৰ উপযুক্ত উত্তৰো দিছে। এজন ব্যৱহাৰকাৰীয়ে আনকি কৈছিল যে আমি আপোনাৰ অৰ্থহীন কমেডী বহু বছৰ ধৰি সহ্য কৰি আহিছো। বিমান এখনৰ বাবে ২ ঘণ্টা সময়ৰ অপেক্ষা সহ্য কৰিব নোৱাৰেনে? একাংশ ব্যৱহাৰকাৰীয়ে এই পোষ্টটোৰ ওপৰত কপিল শৰ্মাৰ সৈতে একমত হৈ বিমান চলাচলত পলম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক