--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এতিয়া মহানায়ক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল। অৱশেষত সেই পথেৰেই শ্ৰমিকসকলক উদ্ধাৰ কৰা হৈছিল। নিগনিৰ দৰে গাঁত খান্দি খান্দি মুন্না উপস্থিত হৈছিল আবদ্ধ শ্ৰমিকসকলৰ প্ৰায় কাষত ।ইয়াৰ পিছতে আৰম্ভ হৈছিল উদ্ধাৰৰ পৰ্ব। 

কুৰেশ্বীৰ এনে সাহসী প্ৰচেষ্টাৰ বাবেই শ্ৰমিকসকলৰ প্ৰাণ ৰক্ষা পৰিছিল।  মুন্না ১২ জন খনিকৰ্মীৰ মাজৰে এজন আছিল, যিয়ে সুৰংগটোত এটা 'নিগনি-গহ্বৰ' খান্দিছিল। কাম  সফল হোৱাৰ পিছত  মুন্নাই সংবাদ মাধ্যমক কৈছে যে সুৰংগটোত প্ৰৱেশ কৰোঁতে তেওঁৰ মৃত্যু হ'লেও, একো ক্ষতি নহ’লহেঁতেন। যিহেতু ৪১ জনৰ জীৱনৰক্ষাৰ বাবেহে তেওঁ নিগনিৰ দৰে গাঁত খান্দি  সুৰংগটোত প্ৰৱেশ কৰিছিল। 

মুন্না কুৰেশ্বী আৰু তেওঁৰ ১১ জন সহযোগীয়ে যন্ত্ৰই  যি কৰিব পৰা নাছিল ,  সেয়া কৰিছিল। ১৭  দিনৰ পিছত ৪১  জন শ্ৰমিকক অন্ধকাৰ সুৰংগৰ পৰা মুকলি কৰাৰ আঁৰত মুন্না আৰু তেওঁৰ সহযোগীসকলৰ অবদানেই মূল।  হৈছে। সংবাদমাধ্যমক  দিয়া এক সাক্ষাৎকাৰত মুন্নাই কয় যে মানুহৰ জীৱনৰক্ষা কৰাতকৈ পৃথিৱীত আৰু কোনো ডাঙৰ কাম নাই। এনে কৰিবলৈ যাওঁতে কেতিয়াবা নিজৰ  জীৱনো বিপদত পোেলাবলগীয়া হ’ব পাৰে।  

তেওঁ এতিয়া   বহুত সুখী।মুন্নাই কয়  "মই শেষ শিলটো আঁতৰ কৰাৰ লগে লগে তেওঁলোকক দেখিছিলো।   সকলোৱে আমাক  আলিঙ্গন কৰিছিল। আনকি ৪১ জন লোকক বচাবলৈ চেষ্টা কৰোতে এজন ব্যক্তিৰ মৃত্যু হ'লেও সেয়া  গুৰুত্বপূৰ্ণ নহয়। কাৰণ ৪১ টা জীৱনৰ ওপৰত নিৰ্ভৰশীল  হৈ আৰু বহু কেইটা  জীৱন আছে। " 

গাঁত খান্দি খান্ধি আবদ্ধ শ্ৰমিকৰ কাষ পোৱাৰ পিছতে হুকহুকাই কান্দি দিছিল মুন্নাই। সেয়া আনন্দৰ কান্দোন।   উত্তৰকাশীত উদ্ধাৰ অভিযানৰ অন্যতম নায়ক মুন্না আৰু আন ১১ গৰাকী শ্ৰমিকক চৰকাৰে উপযুক্ত পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি বহুতে কৈছে। মন কৰিকৰিবলগীয়া কথাটো হ’ল  আমেৰিকাৰ পৰা অনা অগাৰ মেচিনটো সুৰংগৰ ভিতৰতে  ভাঙি যোৱাৰ পিছত ১২  জন খনি কৰ্মীক 'নিগনি-গহ্বৰ' খনন কৰিবলৈ মাতি অনা হৈছিল। তেওঁলোকে ২৬ ঘণ্টাৰ নিৰন্তৰ শ্ৰমৰ পিছত ১০ মিটাৰ গাঁত খান্দিছিল । সেই এক ডজন মানুহৰ কঠোৰ পৰিশ্ৰমেই সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement