--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এতিয়া মহানায়ক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল। অৱশেষত সেই পথেৰেই শ্ৰমিকসকলক উদ্ধাৰ কৰা হৈছিল। নিগনিৰ দৰে গাঁত খান্দি খান্দি মুন্না উপস্থিত হৈছিল আবদ্ধ শ্ৰমিকসকলৰ প্ৰায় কাষত ।ইয়াৰ পিছতে আৰম্ভ হৈছিল উদ্ধাৰৰ পৰ্ব। 

কুৰেশ্বীৰ এনে সাহসী প্ৰচেষ্টাৰ বাবেই শ্ৰমিকসকলৰ প্ৰাণ ৰক্ষা পৰিছিল।  মুন্না ১২ জন খনিকৰ্মীৰ মাজৰে এজন আছিল, যিয়ে সুৰংগটোত এটা 'নিগনি-গহ্বৰ' খান্দিছিল। কাম  সফল হোৱাৰ পিছত  মুন্নাই সংবাদ মাধ্যমক কৈছে যে সুৰংগটোত প্ৰৱেশ কৰোঁতে তেওঁৰ মৃত্যু হ'লেও, একো ক্ষতি নহ’লহেঁতেন। যিহেতু ৪১ জনৰ জীৱনৰক্ষাৰ বাবেহে তেওঁ নিগনিৰ দৰে গাঁত খান্দি  সুৰংগটোত প্ৰৱেশ কৰিছিল। 

মুন্না কুৰেশ্বী আৰু তেওঁৰ ১১ জন সহযোগীয়ে যন্ত্ৰই  যি কৰিব পৰা নাছিল ,  সেয়া কৰিছিল। ১৭  দিনৰ পিছত ৪১  জন শ্ৰমিকক অন্ধকাৰ সুৰংগৰ পৰা মুকলি কৰাৰ আঁৰত মুন্না আৰু তেওঁৰ সহযোগীসকলৰ অবদানেই মূল।  হৈছে। সংবাদমাধ্যমক  দিয়া এক সাক্ষাৎকাৰত মুন্নাই কয় যে মানুহৰ জীৱনৰক্ষা কৰাতকৈ পৃথিৱীত আৰু কোনো ডাঙৰ কাম নাই। এনে কৰিবলৈ যাওঁতে কেতিয়াবা নিজৰ  জীৱনো বিপদত পোেলাবলগীয়া হ’ব পাৰে।  

তেওঁ এতিয়া   বহুত সুখী।মুন্নাই কয়  "মই শেষ শিলটো আঁতৰ কৰাৰ লগে লগে তেওঁলোকক দেখিছিলো।   সকলোৱে আমাক  আলিঙ্গন কৰিছিল। আনকি ৪১ জন লোকক বচাবলৈ চেষ্টা কৰোতে এজন ব্যক্তিৰ মৃত্যু হ'লেও সেয়া  গুৰুত্বপূৰ্ণ নহয়। কাৰণ ৪১ টা জীৱনৰ ওপৰত নিৰ্ভৰশীল  হৈ আৰু বহু কেইটা  জীৱন আছে। " 

গাঁত খান্দি খান্ধি আবদ্ধ শ্ৰমিকৰ কাষ পোৱাৰ পিছতে হুকহুকাই কান্দি দিছিল মুন্নাই। সেয়া আনন্দৰ কান্দোন।   উত্তৰকাশীত উদ্ধাৰ অভিযানৰ অন্যতম নায়ক মুন্না আৰু আন ১১ গৰাকী শ্ৰমিকক চৰকাৰে উপযুক্ত পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি বহুতে কৈছে। মন কৰিকৰিবলগীয়া কথাটো হ’ল  আমেৰিকাৰ পৰা অনা অগাৰ মেচিনটো সুৰংগৰ ভিতৰতে  ভাঙি যোৱাৰ পিছত ১২  জন খনি কৰ্মীক 'নিগনি-গহ্বৰ' খনন কৰিবলৈ মাতি অনা হৈছিল। তেওঁলোকে ২৬ ঘণ্টাৰ নিৰন্তৰ শ্ৰমৰ পিছত ১০ মিটাৰ গাঁত খান্দিছিল । সেই এক ডজন মানুহৰ কঠোৰ পৰিশ্ৰমেই সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা